< লেবীয় পুস্তক 21 >

1 পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।
Řekl také Hospodin Mojžíšovi: Mluv kněžím synům Aronovým a rci jim: Při mrtvém nepoškvrní se žádný z vás v lidu svém.
2 কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ, অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ বাবে নিজকে অশুচি কৰিব পাৰে।
Toliko při krevním příteli svém, mateři neb otci svém, synu neb dceři své a bratru svém,
3 আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে, তেওঁৰ বাবেও নিজকে অশুচি কৰিব পাৰে।
Též při sestře své, panně sobě nejbližší, kteráž neměla muže, při té poškvrní se.
4 নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে, তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে।
Nepoškvrní se při knížeti lidu svého, tak aby nečistý byl.
5 পুৰোহিতসকলে নিজ নিজ মুৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাট-কুট নকৰিব।
Nebudou dělati sobě lysiny na hlavě své, vytrhávajíce sobě vlasy. A brady své nebudou holiti, ani těla svého řezati.
6 তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।
Budou svatí Bohu svému, aniž poškvrní jména Boha svého; nebo oběti ohnivé Hospodinovy, chléb Boha svého obětují, protož svatí budou.
7 পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ।
Ženy nevěstky aneb poškvrněné nevezmou sobě, a ženy zahnané od muže jejího nepojmou; nebo svatý jest jeden každý z nich Bohu svému.
8 এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ।
Ty také, lide, za svatého budeš jej míti, nebo chléb Boha tvého obětuje. Protož svatý bude tobě, nebo já svatý jsem Hospodin, kterýž posvěcuji vás.
9 কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।
Dcera pak některého kněze, když by se smilství dopustila, otce svého poškvrnila. Ohněm spálena buď.
10 ১০ আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
Kněz pak nejvyšší mezi bratřími svými, na jehožto hlavu vylit jest olej pomazání, a posvětil rukou svých, aby obláčel se v roucho svaté, hlavy své neodkryje a roucha svého neroztrhne.
11 ১১ তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
Aniž k kterému tělu mrtvému přistoupí, a aniž při otci aneb mateři své poškvrní se.
12 ১২ ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।
Nevyjde z svatyně a nepoškvrní svatyně Boha svého; nebo koruna oleje pomazání Boha jeho jest na něm: Já jsem Hospodin.
13 ১৩ প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব।
On také ženu v panenstvím jejím za manželku sobě pojme.
14 ১৪ বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
Vdovy, aneb zahnané, aneb poškvrněné, nevěstky, žádné z těch nebude sobě bráti, ale pannu z lidu svého vezme sobě za manželku.
15 ১৫ তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।”
A nepoškvrní semene svého v rodu svém, nebo já jsem Hospodin posvětitel jeho.
16 ১৬ যিহোৱাই মোচিক আৰু ক’লে, বোলে,
Mluvil opět Hospodin Mojžíšovi, řka:
17 ১৭ “তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Mluv k Aronovi a rci: Kdožkoli z semene tvého po všech rodech svých bude míti na sobě vadu, nechť nepřistupuje, aby obětoval chléb Boha svého.
18 ১৮ কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা,
Nebo žádný muž, kterýž by měl na sobě vadu, nemá přistupovati: Muž slepý, aneb kulhavý, aneb mající oud některý příliš malý, aneb příliš veliký,
19 ১৯ অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা,
Aneb muž, kterýž by měl zlámanou nohu, aneb zlámanou ruku,
20 ২০ কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া।
Aneb hrbovatý, aneb krhavý, aneb kterýž má bělmo na oku svém, aneb prašivost ustavičnou, neb lišeje, aneb stlačené lůno.
21 ২১ আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।
Nižádný muž, kterýž by měl na sobě nějakou vadu, z semene Arona kněze, nepřistoupí, aby obětoval oběti ohnivé Hospodinu; nebo vada na něm jest. Nepřistoupíť, aby obětoval chléb Boha svého.
22 ২২ ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব।
Chléb však Boha svého z věcí svatosvatých a z věcí svatých jísti bude.
23 ২৩ কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।”
Ale za oponu nebude vcházeti a k oltáři nebude přistupovati, nebo vada jest na něm, aby nepoškvrnil svatyně mé; nebo já jsem Hospodin posvětitel jejich.
24 ২৪ এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।
Ta slova mluvil Mojžíš k Aronovi a k synům jeho, i ke všechněm synům Izraelským.

< লেবীয় পুস্তক 21 >