< লেবীয় পুস্তক 20 >

1 পাছে যিহোৱাই মোচিক ক’লে,
וידבר יהוה אל משה לאמר׃
2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
ואל בני ישראל תאמר איש איש מבני ישראל ומן הגר הגר בישראל אשר יתן מזרעו למלך מות יומת עם הארץ ירגמהו באבן׃
3 ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
ואני אתן את פני באיש ההוא והכרתי אתו מקרב עמו כי מזרעו נתן למלך למען טמא את מקדשי ולחלל את שם קדשי׃
4 আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে,
ואם העלם יעלימו עם הארץ את עיניהם מן האיש ההוא בתתו מזרעו למלך לבלתי המית אתו׃
5 তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
ושמתי אני את פני באיש ההוא ובמשפחתו והכרתי אתו ואת כל הזנים אחריו לזנות אחרי המלך מקרב עמם׃
6 আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
והנפש אשר תפנה אל האבת ואל הידענים לזנות אחריהם ונתתי את פני בנפש ההוא והכרתי אתו מקרב עמו׃
7 এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
והתקדשתם והייתם קדשים כי אני יהוה אלהיכם׃
8 তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা।
ושמרתם את חקתי ועשיתם אתם אני יהוה מקדשכם׃
9 কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
כי איש איש אשר יקלל את אביו ואת אמו מות יומת אביו ואמו קלל דמיו בו׃
10 ১০ যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
ואיש אשר ינאף את אשת איש אשר ינאף את אשת רעהו מות יומת הנאף והנאפת׃
11 ১১ আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
ואיש אשר ישכב את אשת אביו ערות אביו גלה מות יומתו שניהם דמיהם בם׃
12 ১২ যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
ואיש אשר ישכב את כלתו מות יומתו שניהם תבל עשו דמיהם בם׃
13 ১৩ আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
ואיש אשר ישכב את זכר משכבי אשה תועבה עשו שניהם מות יומתו דמיהם בם׃
14 ১৪ কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব।
ואיש אשר יקח את אשה ואת אמה זמה הוא באש ישרפו אתו ואתהן ולא תהיה זמה בתוככם׃
15 ১৫ যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
ואיש אשר יתן שכבתו בבהמה מות יומת ואת הבהמה תהרגו׃
16 ১৬ যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
ואשה אשר תקרב אל כל בהמה לרבעה אתה והרגת את האשה ואת הבהמה מות יומתו דמיהם בם׃
17 ১৭ যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
ואיש אשר יקח את אחתו בת אביו או בת אמו וראה את ערותה והיא תראה את ערותו חסד הוא ונכרתו לעיני בני עמם ערות אחתו גלה עונו ישא׃
18 ১৮ যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
ואיש אשר ישכב את אשה דוה וגלה את ערותה את מקרה הערה והיא גלתה את מקור דמיה ונכרתו שניהם מקרב עמם׃
19 ১৯ তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব।
וערות אחות אמך ואחות אביך לא תגלה כי את שארו הערה עונם ישאו׃
20 ২০ আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব।
ואיש אשר ישכב את דדתו ערות דדו גלה חטאם ישאו ערירים ימתו׃
21 ২১ আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
ואיש אשר יקח את אשת אחיו נדה הוא ערות אחיו גלה ערירים יהיו׃
22 ২২ এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা।
ושמרתם את כל חקתי ואת כל משפטי ועשיתם אתם ולא תקיא אתכם הארץ אשר אני מביא אתכם שמה לשבת בה׃
23 ২৩ মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ।
ולא תלכו בחקת הגוי אשר אני משלח מפניכם כי את כל אלה עשו ואקץ בם׃
24 ২৪ কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
ואמר לכם אתם תירשו את אדמתם ואני אתננה לכם לרשת אתה ארץ זבת חלב ודבש אני יהוה אלהיכם אשר הבדלתי אתכם מן העמים׃
25 ২৫ এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু, পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা।
והבדלתם בין הבהמה הטהרה לטמאה ובין העוף הטמא לטהר ולא תשקצו את נפשתיכם בבהמה ובעוף ובכל אשר תרמש האדמה אשר הבדלתי לכם לטמא׃
26 ২৬ তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হবলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক বেলেগ কৰিলোঁ।
והייתם לי קדשים כי קדוש אני יהוה ואבדל אתכם מן העמים להיות לי׃
27 ২৭ যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”
ואיש או אשה כי יהיה בהם אוב או ידעני מות יומתו באבן ירגמו אתם דמיהם בם׃

< লেবীয় পুস্তক 20 >