< লেবীয় পুস্তক 15 >

1 যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
Mluvil pak Hospodin Mojžíšovi a Aronovi, řka:
2 “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
Mluvte synům Izraelským a rcete jim: Když by který muž trpěl tok semene z těla svého, nečistý bude.
3 সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
Tato pak bude nečistota jeho v toku jeho: Jestliže vypěňuje tělo jeho tok svůj, aneb že by se zastavil tok v těle jeho, nečistota jeho jest.
4 সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
Každé lůže, na němž by ležel, kdož má tok semene, nečisté bude; a všecko, na čemž by seděl, nečisté bude.
5 যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
A kdož by se dotekl lůže jeho, zpéře roucha svá, a umyje se vodou, a bude nečistý až do večera.
6 আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
A kdo by sedl na to, na čemž seděl ten, kdož má tok semene, zpéře roucha svá, a umyje se vodou, i bude nečistý až do večera.
7 আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Jestliže by se kdo dotekl těla trpícího tok semene, zpéře roucha svá, a umyje se vodou, i bude nečistý až do večera.
8 সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
A jestliže by ten, kdož trpí tok semene, plinul na čistého, zpéře roucha svá, a umyje se vodou, i bude nečistý až do večera.
9 আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
Každé sedlo, na němž by seděl ten, kdož má tok semene, nečisté bude.
10 ১০ আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
A kdož by koli dotekl se něčeho, což bylo pod ním, nečistý bude až do večera; a kdož by co z toho nesl, zpéře roucha svá, a umyje se vodou, a bude nečistý až do večera.
11 ১১ সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Kohož by se pak dotekl ten, kdož má tok semene, a neumyl rukou svých vodou, zpéře roucha svá, a umyje se vodou, i bude nečistý až do večera.
12 ১২ আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
Nádoba hliněná, kteréž by se dotekl ten, kdo má tok semene, bude rozbita, a každá nádoba dřevěná vodou vymyta bude.
13 ১৩ পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
Když by pak očištěn byl ten, kdož tok semene trpěl, od toku svého, sečte sedm dní po svém očištění, a zpéře roucha svá, a vodou živou zmyje tělo své, i bude čist.
14 ১৪ অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
Potom dne osmého vezme sobě dvě hrdličky aneb dvé holoubátek, a přijda před Hospodina ke dveřím stánku úmluvy, dá je knězi.
15 ১৫ তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
Kterýž obětovati je bude, jedno za hřích a druhé v obět zápalnou; a očistí jej kněz před Hospodinem od toku jeho.
16 ১৬ যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Muž, z něhož by vyšlo símě scházení, zmyje vodou všecko tělo své, a bude nečistý až do večera.
17 ১৭ আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Každé roucho i každá kůže, na níž by bylo símě scházení, zeprána bude vodou, a nečistá bude až do večera.
18 ১৮ আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Žena také, s kterouž by obýval muž scházením semene, oba zmyjí se vodou, a nečistí budou až do večera.
19 ১৯ যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Žena pak, když by trpěla nemoc svou, a tok krve byl by z těla jejího, za sedm dní oddělena bude; každý, kdož by se jí dotekl, nečistý bude až do večera.
20 ২০ আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
Na čemž by koli ležela v čas oddělení svého, nečistéť bude; tolikéž, na čem by koli seděla, nečisté bude.
21 ২১ আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Také kdož by se dotekl lůže jejího, zpéře roucho své, a umyje se vodou, i bude nečistý až do večera.
22 ২২ আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Kdož by se koli dotekl toho, na čemž seděla, zpéře roucha svá, a umyje se vodou, i bude nečistý až do večera.
23 ২৩ আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
Což by koli bylo na lůži tom, neb na jaké by koli věci seděla, a dotekl by se toho někdo, nečistý bude až do večera.
24 ২৪ আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
Jestliže by kdo spal s ní, a byla by nečistota její na něm, nečistý bude za sedm dní; i každé lůže, na němž by spal, nečisté bude.
25 ২৫ আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
Žena pak trpěla-li by krvotok po mnohé dny, kromě času nemoci své, totiž krvotok by trpěla přes čas přirozené nemoci: po všecky dny toku nečistoty své, jako i v čas nemoci své přirozené, nečistá bude.
26 ২৬ সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
Každé lůže, na němž by spala po všecky dny toku svého, bude jí jako lůže v přirozené nemoci její; a každá věc, na kteréž by seděla, nečistá bude, podlé nečistoty přirozené nemoci její.
27 ২৭ আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
Kdož by koli dotekl se těch věcí, nečistý bude. Protož zpéře roucho své, a umyje se vodou, i bude nečistý až do večera.
28 ২৮ পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
Když pak očištěna bude od toku svého, sečte sobě sedm dní, a potom očišťovati se bude.
29 ২৯ পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
A v den osmý vezme sobě dvě hrdličky aneb dvé holoubátek, a přinese je knězi ke dveřím stánku úmluvy.
30 ৩০ পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
Z nichž jedno obětovati bude kněz v obět za hřích, a druhé v obět zápalnou, a očistí ji kněz před Hospodinem od toku nečistoty její.
31 ৩১ ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
I budete oddělovati syny Izraelské od nečistot jejich, aby nezemřeli pro nečistoty své, když by poškvrnili příbytku mého, kterýž jest u prostřed nich.
32 ৩২ গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
Toť jest právo trpícího tok semene, i toho, z něhož vychází símě scházení, jímž poškvrněn bývá,
33 ৩৩ ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”
Též nemocné ženy v oddělení jejím, i všelikého trpícího tok svůj, buď mužského pohlaví neb ženského, a muže, kterýž by spal s nečistou.

< লেবীয় পুস্তক 15 >