< লেবীয় পুস্তক 13 >

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
Mluvil také Hospodin Mojžíšovi a Aronovi, řka:
2 “যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে, বা চোকোৰা বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁক হাৰোণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ’ব।
Člověk ješto by na kůži těla jeho byla nějaká oteklina aneb prašivina, aneb poškvrna pobělavá, a bylo by na kůži těla jeho něco podobného k ráně malomocenství: tedy přiveden bude k Aronovi knězi, aneb k některému z synů jeho kněží.
3 তেতিয়া পুৰোহিত জনে তেওঁৰ গাৰ ছালত থকা সেই ঘাটো চাব; যদি সেই ঘাৰ নোম বগা হৈ উঠে, আৰু ঘা যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেতিয়া সেই ঘা কুষ্ঠৰোগৰ ঘা; তেওঁৰ সেই ঘা চোৱাৰ পাছত পুৰোহিতে তেওঁক অশুচি বুলি জনাব।
I pohledí kněz na ránu, kteráž jest na kůži těla jeho. Jestliže chlupové na té ráně zbělejí, a ta rána bude-li na pohledění hlubší nežli jiná kůže těla jeho, rána malomocenství jest. Když tedy spatří ji kněz, za nečistého vyhlásí jej.
4 আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।
Pakli by poškvrna pobělavá byla na kůži těla jeho, a rána ta nebyla by hlubší nežli jiná kůže, a chlupové její nezběleli by: tedy rozkáže zavříti kněz majícího takovou ránu za sedm dní.
5 পাছত সপ্তম দিনা পুৰোহিত জনে সেই ঘা হোৱা লোকজনক চাই যদি তেওঁৰ দৃষ্টিত ঘা সেই একেদৰে থাকে বা ছালত ব্যাপি যোৱা নাই, তেতিয়া পুৰোহিত জনে তেওঁক আকৌ সাত দিনলৈ আতৰত ৰাখিব।
Potom pohledí na něj kněz v den sedmý, a jestli rána ta zůstává tak před očima jeho a nerozmáhá se po kůži: tedy rozkáže ho zavříti kněz po druhé za sedm dní.
6 আৰু সপ্তমদিনা পুৰোহিত জনে তেওঁক আকৌ চাব; তেতিয়া যদি সেই ঘা শুকাবলৈ ধৰে, আৰু ছালত যদি বিয়পি যোৱা নেদেখে, তেতিয়া পুৰোহিতে তেওঁক শুচি বুলি জনাব; সেয়ে কেৱল চোকোৰা বন্ধা ঘা হে; পাছত তেওঁ নিজ বস্ত্ৰ ধুই শুচি হ’ব।
I pohledí na ni kněz v den sedmý po druhé, a jestliže ta rána pozčernalá bude, a nerozmohla by se po kůži: tedy za čistého vyhlásí ho kněz, nebo prašivina jest. I zpéře roucha svá a čistý bude.
7 কিন্তু তেওঁৰ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুউৱাৰ পাছত যদি সেই চোকোৰা বন্ধা ঘা ছালত বিয়পি যায়, তেতিয়া তেওঁ পুনৰায় নিজকে পুৰোহিতক দেখুৱাব লাগিব।
Pakliť by se dále rozmohla ta prašivina po kůži jeho, již po ukázání se knězi k očištění svému, tedy ukáže se znovu knězi.
8 তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চোকোৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব; সেয়ে কুষ্ঠৰোগ।
I pohledí na něj kněz, a jestliže se rozmohla ta prašivina po kůži jeho, za nečistého vyhlásí jej kněz, nebo malomocenství jest.
9 কোনো এজন লোকৰ কুষ্ঠৰোগৰ ঘা হ’লে, তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
Rána malomocenství když bude na člověku, přiveden bude k knězi.
10 ১০ তেতিয়া পুৰোহিতে তেওঁক চাব; যদি তেওঁৰ ছালত বগা ধৰণৰ টেমুনা বান্ধে, আৰু তাৰ দ্বাৰাই তাৰ নোম বগা হৈ উঠে, আৰু সেই টেমুনাত কেঁচা মঙহ থাকে,
I pohledí na něj kněz, a bude-li oteklina bílá na kůži, až by učinila chlupy bílé, byť pak i zdravé maso bylo na té oteklině:
11 ১১ তেতিয়া তেওঁৰ গাৰ ছালত সেয়ে পুৰণি কুষ্ঠৰোগ; তাতে পুৰোহিতে তেওঁক অশুচি বুলি জনাব; তেওঁ সেই লোকজনক আতৰত নাৰাখিব, কিয়নো তেওঁ আগৰে পৰা অশুচি।
Malomocenství zastaralé jest na kůži těla jeho. Protož za nečistého vyhlásí jej kněz, a nedá ho zavříti, nebo zjevně nečistý jest.
12 ১২ যদি ছালৰ সকলোতে সেই কুষ্ঠৰোগ ব্যাপি যায়, আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে, সিমানলৈকে সেই ঘা থকা লোকজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠৰোগেৰে ঢাকে,
Jestliže by se pak vylilo malomocenství po kůži, a přikrylo by malomocenství všecku kůži nemocného, od hlavy jeho až do noh jeho, všudy kdež by kněz očima viděti mohl:
13 ১৩ তেতিয়া তেওঁৰ গোটেই গা কুষ্ঠৰোগেৰে ঢকা দেখি, পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব; তেওঁৰ গোটেই গা বগা হোৱাত তেওঁ শুচি।
I pohledí na něj kněz, a přikrylo-li by malomocenství všecko tělo jeho, tedy za čistého vyhlásí nemocného. Nebo všecka ta rána v bělost se změnila, protož čistý jest.
14 ১৪ কিন্তু যেতিয়া সেই ঘাত কেঁচা মঙহ দেখা যায়, তেতিয়া তেওঁ অশুচি হ’ব।
Ale kdykoli ukáže se na ní živé maso, nečistý bude.
15 ১৫ তেতিয়া পুৰোহিতে সেই কেঁচা মঙহ দেখি, তেওঁক অশুচি বুলি ক’ব, কিয়নো সেই কেঁচা মঙহ অশুচি; সেয়ে কুষ্ঠৰোগ।
I pohledí kněz na to živé maso a vyhlásí jej za nečistého, nebo to maso živé nečisté jest, malomocenství jest.
16 ১৬ আৰু সেই কেঁচা মঙহ যদি পুনৰায় বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব।
Když by pak odešlo zase maso živé a změnilo by se v bělost, tedy přijde k knězi.
17 ১৭ তেতিয়া পুৰোহিতে সেই লোকজনৰ বগা হৈ উঠা ঘাটো চাব, আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব।
A vida kněz, že obrátila se rána ta v bělost, za čistou vyhlásí ji; čistá jest.
18 ১৮ আৰু গাৰ ছালত ফোঁহোৰা হৈ ভাল হোৱাৰ পাছত,
Když by pak byl na kůži těla vřed, a byl by zhojen,
19 ১৯ যদি সেই ফোঁহোৰাৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে, বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুউৱা হ’ব।
Byla-li by na místě vředu toho oteklina bílá, aneb poškvrna pobělavá a náryšavá, tedy ukázána bude knězi.
20 ২০ তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
A vida kněz, že na pohledění to místo jest nižší nežli jiná kůže, a chlupové na něm by zběleli, za nečistého vyhlásí jej kněz. Rána malomocenství jest, kteráž na vředu vyrostla.
21 ২১ কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
Pakli, když pohledí na ni kněz, uzří, že chlupové nezběleli na něm, a není nižší nežli jiná kůže, ale že jest pozčernalé místo, tedy zavře ho kněz za sedm dní.
22 ২২ পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
Pakliť by šíře se rozmáhala po kůži, za nečistého vyhlásí jej kněz; rána malomocenství jest.
23 ২৩ কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
Pakli by ta poškvrna pobělavá zůstávala na místě svém, a nerozmáhala by se, znamení toho vředu jest; protož za čistého vyhlásí jej kněz.
24 ২৪ যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
Tělo, na jehož kůži byla by spálenina od ohně, a po zhojení té spáleniny zůstala by poškvrna pobělavá a náryšavá, anebo bílá toliko:
25 ২৫ তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।
Pohledí na ni kněz, a jestliže chlupové na ní zběleli, a lsknou se, způsob také její jest hlubší nežli jiné kůže vůkol: malomocenství jest, kteréž zrostlo na spálenině; protož za nečistého vyhlásí jej kněz, nebo rána malomocenství jest.
26 ২৬ কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে, আৰু সেই দাগ ছালতকৈ দ নহয়, কিন্তু শুকাই গ’ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
Pakli uzří kněz, an na poškvrně pobělavé není žádného chlupu bílého, a že nižší není nežli jiná kůže, ale že jest pozčernalá, poručí ho zavříti kněz za sedm dní.
27 ২৭ পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব; তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
I pohledí na ni kněz dne sedmého. Jestliže se více rozmohla po kůži, tedy za nečistého vyhlásí jej; nebo rána malomocenství jest.
28 ২৮ আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু ছালত ব্যাপি নাযায়, কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব, কিয়নো সেয়ে জুইয়ে পোৰা ঘাৰ দাগহে মাথোন।
Pakli bělost lsknutá na svém místě zůstávati bude, a nerozmůže se po kůži, ale bude pozčernalá: zprýštění od spáleniny jest; za čistého vyhlásí jej kněz, nebo šrám spáleniny jest.
29 ২৯ কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা থুঁতৰিৰ তলত ঘা হ’লে,
Byla-li by pak rána na hlavě aneb na bradě muže neb ženy,
30 ৩০ পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
Tedy pohledí kněz na tu ránu, a jestliže způsob její bude hlubší nežli jiná kůže, a bude na ní vlas prožlutlý a tenký: tedy za nečistého vyhlásí jej kněz, nebo poškvrna černá jest; malomocenství na hlavě aneb na bradě jest.
31 ৩১ আৰু পুৰোহিতে সেই খজুৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয়, আৰু তাত ক’লা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাতদিন আতৰ কৰি ৰাখিব।
Když pak pohledí kněz na ránu poškvrny černé a uzří, že způsob její není hlubší nežli jiná kůže, a že není vlasu černého na ní: zavříti dá kněz majícího ránu poškvrny černé za sedm dní.
32 ৩২ পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
I pohledí kněz na tu ránu dne sedmého, a aj, nerozmohla se ta poškvrna černá, a není vlasu žlutého na ní, a způsob té poškvrny černé není hlubší nežli kůže:
33 ৩৩ তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
Tedy oholen bude člověk ten, ale poškvrny té černé nedá holiti. I dá zavříti kněz majícího tu poškvrnu za sedm dní po druhé.
34 ৩৪ পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
I pohledí kněz na poškvrnu černou dne sedmého, a jestliže se nerozmohla poškvrna černá dále po kůži, a místo její není-li hlubší nežli jiná kůže: za čistého vyhlásí ho kněz, i zpéře roucha svá a čistý bude.
35 ৩৫ কিন্তু পুৰোহিতে শুচি কৰোঁৱাৰ পাছত, যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যায়,
Pakli by se dále rozmohla poškvrna ta černá po kůži, již po očištění jeho,
36 ৩৬ তেন্তে পুৰোহিতে তেওঁক পুনৰায় চাব; যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব; সেই লোকজন অশুচি।
Tedy pohledí na ni kněz, a uzří-li, že se dále rozmohla ta poškvrna černá po kůži, nebude více šetřiti vlasu žlutého; nečistý jest.
37 ৩৭ কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে, আৰু তাৰ মাজত ক’লা নোম গজে, তেন্তে সেই ৰোগ ভাল হ’ল; তেওঁ শুচি; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
Pakli poškvrna černá tak zůstává před očima jeho, a černý vlas vzrostl by na ní, tedy zhojena jest ta poškvrna černá; čistý jest, a za čistého vyhlásí jej kněz.
38 ৩৮ আৰু যদি কোনো পুৰুষ বা স্ত্ৰীৰ গাৰ ছালত ঠায়ে ঠায়ে বগা দাগ হয়,
Když by na kůži těla muže aneb ženy byly poškvrny, totiž poškvrny pobělavé,
39 ৩৯ তেন্তে পুৰোহিতে সেই লোকজনক চাব; যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গোম বৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা; আৰু তেওঁ শুচি।
I pohledí kněz, a jestliže budou na kůži těla jejich poškvrny bílé, pozčernalé, tedy poškvrna bílá jest, kteráž na kůži zrostla; čistý jest.
40 ৪০ আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা; কিন্তু তেওঁ শুচি।
Muž, z jehož by hlavy vlasové slezli, lysý jest a čistý jest.
41 ৪১ আৰু যদি তেওঁৰ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা; তেৱোঁ শুচি।
Jestliže pak po jedné straně obleze hlava jeho, nálysý jest a čistý jest.
42 ৪২ কিন্তু যদি তেওঁৰ টকলা বা টপা মূৰত ৰঙচীয়া বগা ঘা হয়, তেন্তে সেয়ে তাৰ টকলা মূৰত বা টপা মূৰত হোৱা কুষ্ঠ ৰোগ।
Pakli na té lysině, aneb na tom oblysení byla by rána bílá a ryšavá, tedy malomocenství zrostlo na lysině jeho, aneb na oblysení jeho.
43 ৪৩ তেতিয়া পুৰোহিতে তেওঁক চাব; যদি গাৰ ছালত হোৱা কুষ্ঠ ৰোগৰ দৰে তেওঁৰ টকলা বা টপা মূৰত সেই ঘা দমলা ৰঙচীয়া বগা হয়,
I pohledí na něj kněz, a uzří-li oteklinu rány bílou a ryšavou na lysině jeho, aneb na oblysení jeho, jako způsob malomocenství na kůži těla:
44 ৪৪ তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি; অৱশ্যে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; তাৰ কুষ্ঠৰোগৰ ঘা তেওঁৰ মূৰতে আছে।
Člověk malomocný jest a nečistý jest. Bez meškání za nečistého vyhlásí jej kněz, nebo na hlavě jeho jest malomocenství jeho.
45 ৪৫ যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব।
Malomocný pak, na němž by ta rána byla, bude míti roucho roztržené a hlavu odkrytou a ústa zastřená, a Nečistý, nečistý jsem! volati bude.
46 ৪৬ যিমান দিন তেওঁৰ গাত সেই কুষ্ঠৰোগ ঘা থাকিব, সিমান দিন তেওঁ অশুচি হৈ থাকিব; তেওঁ অশুচি হোৱাত আৰু তেওঁৰ সেই ৰোগ যেন ব্যাপি নাযায় সেই কাৰণে তেওঁ অকলে থাকিব; তেওঁৰ থকা ঠাই ছাউনিৰ বাহিৰত হ’ব।
Po všecky dny, v nichž ta rána bude na něm, za nečistého jmín bude; nebo nečistý jest. Sám bydliti bude, vně za stany bude přebývání jeho.
47 ৪৭ আৰু নোমৰ কি শণ সুতাৰ এটা বস্ত্ৰত, কুষ্ঠৰোগৰ কোনো দাগ থাকিলে
Když by pak na rouchu byla rána malomocenství, buď na rouchu soukenném aneb na rouchu lněném,
48 ৪৮ বা শণৰ কি নোমৰ দীঘ সুতা বা বাণী সুতাত, বা কোনো ছালত, কি ছালেৰে সজা
Buď na osnově aneb na outku ze lnu aneb z vlny, buď na kůži aneb na každé věci kožené,
49 ৪৯ কোনো বস্ত্ৰত, বস্ত্ৰ বা ছালত, বা দীঘ সুতাত বা বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠৰোগ দাগ, তাক পুৰোহিতক দেখুউৱা যাব।
A byla by ta rána zelená neb náryšavá na rouchu aneb na kůži, aneb na osnově, aneb na outku, aneb na kterékoli nádobě kožené: rána malomocenství jest, ukázána bude knězi.
50 ৫০ পাছত পুৰোহিতে সেই দাগ চাই, দাগ থকা বস্তুটো সাতদিন আতৰ কৰি ৰাখিব।
I pohledí kněz na tu ránu, a dá zavříti tu věc mající ránu za sedm dní.
51 ৫১ পাছত সপ্তমদিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত, বা দীঘ সুতা কি বাণী সুতাত, বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠৰোগৰ দাগ; সেয়ে অশুচি বস্তু।
A pohledě na tu ránu dne sedmého, uzří-li, že se dále rozmohla ta rána na rouchu, neb po osnově anebo po outku, aneb na kůži, k čemuž by jí koli užíváno bylo: rána ta malomocenství rozjídavá jest, věc nečistá jest.
52 ৫২ এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।
I spálí to roucho aneb osnovu, aneb outek z vlny neb ze lnu, aneb jakoukoli nádobu koženou, na níž by byla rána ta; nebo malomocenství škodlivé jest, protož ohněm spáleno bude.
53 ৫৩ কিন্তু পুৰোহিতে চাই যদি সেই দাগ কাপোৰত, বা দীঘ সুতাত কি বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত সেই দাগ ব্যাপি যোৱা নেদেখে,
Pakli pohledě kněz, uzřel by, že se nerozmohla rána ta na rouchu, aneb na osnově, aneb na outku, aneb na kterékoli nádobě kožené:
54 ৫৪ তেতিয়া পুৰোহিতে সেই দাগ থকা বস্তুটো ধুবলৈ আজ্ঞা দিব; পাছত আৰু সাতদিন সেই বস্তুটো আতৰত ৰাখিব।
Rozkáže kněz, aby zeprali tu věc, na níž byla by rána, i káže ji zavříti za sedm dní po druhé.
55 ৫৫ সেই দাগ থকা বস্তু ধোৱাৰ পাছত পুৰোহিতে সেই দাগ চাব; আৰু সেই দাগ ব্যাপি নগলেও যদি আন বৰণ ধৰা নাই, তেন্তে সেয়ে অশুচি; যি ঠাইতে সেই দাগে বস্তুটোক অশুচি নকৰক, তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
I pohledí kněz po zeprání té věci na ránu. Jestliže nezměnila rána barvy své, byť se pak nerozmohla dále, předce nečistá jest. Ohněm spálíš ji; nebo rozjídavá věc jest na vrchní neb spodní straně její.
56 ৫৬ কিন্তু ধোৱাৰ পাছত পুৰোহিতে চাই যদি সেই দাগ গোমা দেখে, তেন্তে তেওঁ সেই বস্ত্ৰৰ পৰা, বা ছালৰ পৰা, বা দীঘ সুতা বা বাণী সুতাৰ পৰা তাক চিঙি পেলাব।
Pakli pohledě kněz, uzřel by, an pozčernala rána po zeprání svém, odtrhne ji od roucha aneb od kůže, aneb od osnovy, aneb od outku.
57 ৫৭ তথাপিও যদি সেই বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত, বা ছালেৰে সজা কোনো বস্ত্ৰত তাক পুনৰাই দেখা যায়, তেন্তে সেয়ে ব্যাপি যোৱা কুষ্ঠ; সেই দাগ থকা যিয়ে বস্তু তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
Jestliže se pak ukáže ještě na rouchu aneb na osnově, aneb na outku, aneb na kterékoli nádobě kožené, malomocenství rozjídající se jest. Ohněm spálíš věc tu, na kteréž by ta rána byla.
58 ৫৮ আৰু ধোৱাৰ পাছত সেই দাগ বস্ত্ৰৰ পৰা বা দীঘ সুতা কি বাণী সুতাৰ পৰা, বা ছালৰ কোনো বস্তুৰ পৰা এৰাই, তেন্তে দ্বিতীয়বাৰ তাক ধোৱা হ’ব; তেতিয়া সেয়ে শুচি হব।
Roucho pak aneb osnovu, aneb outek, aneb kteroukoli nádobu koženou, když bys zepral, a odešla by od ní ta rána, ještě po druhé zpéřeš, a čisté bude.
59 ৫৯ নোমৰ বা শণ সুতাৰ বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অশুচি বুলি কোৱা নিয়ম এই।”
Tenť jest zákon o ráně malomocenství na rouchu soukenném aneb lněném, aneb na osnově, aneb na outku, aneb na kterékoli nádobě kožené, kterak má za čistou aneb za nečistou uznána býti.

< লেবীয় পুস্তক 13 >