< লেবীয় পুস্তক 1 >

1 যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে,
ויקרא אל משה וידבר יהוה אליו מאהל מועד לאמר׃
2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।
דבר אל בני ישראל ואמרת אלהם אדם כי יקריב מכם קרבן ליהוה מן הבהמה מן הבקר ומן הצאן תקריבו את קרבנכם׃
3 যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।
אם עלה קרבנו מן הבקר זכר תמים יקריבנו אל פתח אהל מועד יקריב אתו לרצנו לפני יהוה׃
4 পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।
וסמך ידו על ראש העלה ונרצה לו לכפר עליו׃
5 আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব।
ושחט את בן הבקר לפני יהוה והקריבו בני אהרן הכהנים את הדם וזרקו את הדם על המזבח סביב אשר פתח אהל מועד׃
6 তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।
והפשיט את העלה ונתח אתה לנתחיה׃
7 আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব।
ונתנו בני אהרן הכהן אש על המזבח וערכו עצים על האש׃
8 আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব।
וערכו בני אהרן הכהנים את הנתחים את הראש ואת הפדר על העצים אשר על האש אשר על המזבח׃
9 কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
וקרבו וכרעיו ירחץ במים והקטיר הכהן את הכל המזבחה עלה אשה ריח ניחוח ליהוה׃
10 ১০ আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব।
ואם מן הצאן קרבנו מן הכשבים או מן העזים לעלה זכר תמים יקריבנו׃
11 ১১ আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।
ושחט אתו על ירך המזבח צפנה לפני יהוה וזרקו בני אהרן הכהנים את דמו על המזבח סביב׃
12 ১২ পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব।
ונתח אתו לנתחיו ואת ראשו ואת פדרו וערך הכהן אתם על העצים אשר על האש אשר על המזבח׃
13 ১৩ কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
והקרב והכרעים ירחץ במים והקריב הכהן את הכל והקטיר המזבחה עלה הוא אשה ריח ניחח ליהוה׃
14 ১৪ যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব।
ואם מן העוף עלה קרבנו ליהוה והקריב מן התרים או מן בני היונה את קרבנו׃
15 ১৫ পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।
והקריבו הכהן אל המזבח ומלק את ראשו והקטיר המזבחה ונמצה דמו על קיר המזבח׃
16 ১৬ পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব।
והסיר את מראתו בנצתה והשליך אתה אצל המזבח קדמה אל מקום הדשן׃
17 ১৭ তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
ושסע אתו בכנפיו לא יבדיל והקטיר אתו הכהן המזבחה על העצים אשר על האש עלה הוא אשה ריח ניחח ליהוה׃

< লেবীয় পুস্তক 1 >