< বিচারকচরিত 8 >

1 ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
エフライムの人々はギデオンに向かい「あなたが、ミデアンびとと戦うために行かれたとき、われわれを呼ばれなかったが、どうしてそういうことをされたのですか」と言って激しく彼を責めた。
2 তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
ギデオンは彼らに言った、「今わたしのした事は、あなたがたのした事と比べものになりましょうか。エフライムの拾い集めた取り残りのぶどうはアビエゼルの収穫したぶどうにもまさるではありませんか。
3 ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
神はミデアンの君オレブとゼエブをあなたがたの手にわたされました。わたしのなし得た事は、あなたがたのした事と比べものになりましょうか」。ギデオンがこの言葉を述べると、彼らの憤りは解けた。
4 গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
ギデオンは自分に従っていた三百人と共にヨルダンに行ってこれを渡り、疲れながらもなお追撃したが、
5 সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
彼はスコテの人々に言った、「どうぞわたしに従っている民にパンを与えてください。彼らが疲れているのに、わたしはミデアンの王ゼバとザルムンナを追撃しているのですから」。
6 তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
スコテのつかさたちは言った、「ゼバとザルムンナは、すでにあなたの手のうちにあるのですか。われわれはどうしてあなたの軍勢にパンを与えねばならないのですか」。
7 তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
ギデオンは言った、「それならば主がわたしの手にゼバとザルムンナをわたされるとき、わたしは野のいばらと、おどろをもって、あなたがたの肉を打つであろう」。
8 তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
そしてギデオンはそこからペヌエルに上り、同じことをペヌエルの人々に述べると、彼らもスコテの人々が答えたように答えたので、
9 তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
ペヌエルの人々に言った、「わたしが安らかに帰ってきたとき、このやぐらを打ちこわすであろう」。
10 ১০ সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
さてゼバとザルムンナは軍勢おおよそ一万五千人を率いて、カルコルにいた。これは皆、東方の民の全軍のうち生き残ったもので、戦死した者は、つるぎを帯びているものが十二万人あった。
11 ১১ পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
ギデオンはノバとヨグベハの東の隊商の道を上って、敵軍の油断しているところを撃った。
12 ১২ জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
ゼバとザルムンナは逃げたが、ギデオンは追撃して、ミデアンのふたりの王ゼバとザルムンナを捕え、その軍勢をことごとく撃ち敗った。
13 ১৩ তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
こうしてヨアシの子ギデオンはヘレスの坂をとおって戦いから帰り、
14 ১৪ গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
スコテの若者ひとりを捕えて、尋ねたところ、彼はスコテのつかさたち及び長老たち七十七人の名をギデオンのために書きしるした。
15 ১৫ গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
ギデオンはスコテの人々のところへ行って言った、「あなたがたがかつて『ゼバとザルムンナはすでにあなたの手のうちにあるのか。われわれはどうしてあなたの疲れた人々にパンを与えねばならないのか』と言って、わたしをののしったそのゼバとザルムンナを見なさい」。
16 ১৬ এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে।
そして彼は、その町の長老たちを捕え、野のいばらと、おどろとを取り、それをもってスコテの人々を懲らし、
17 ১৭ তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
またペヌエルのやぐらを打ちこわして町の人々を殺した。
18 ১৮ তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
そしてギデオンはゼバとザルムンナに言った、「あなたがたがタボルで殺したのは、どんな人々であったか」。彼らは答えた、「彼らはあなたに似てみな王子のように見えました」。
19 ১৯ গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
ギデオンは言った、「彼らはわたしの兄弟、わたしの母の子たちだ。主は生きておられる。もしあなたがたが彼らを生かしておいたならば、わたしはあなたがたを殺さないのだが」。
20 ২০ তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
そして長子エテルに言った、「立って、彼らを殺しなさい」。しかしその若者はなお年が若かったので、恐れてつるぎを抜かなかった。
21 ২১ তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
そこでゼバとザルムンナは言った、「あなた自身が立って、わたしたちを撃ってください。人によってそれぞれ力も違いますから」。ギデオンは立ちあがってゼバとザルムンナを殺し、彼らのらくだの首に掛けてあった月形の飾りを取った。
22 ২২ পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
イスラエルの人々はギデオンに言った、「あなたはミデアンの手からわれわれを救われたのですから、あなたも、あなたの子も孫もわれわれを治めてください」。
23 ২৩ তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
ギデオンは彼らに言った、「わたしはあなたがたを治めることはいたしません。またわたしの子もあなたがたを治めてはなりません。主があなたがたを治められます」。
24 ২৪ গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
ギデオンはまた彼らに言った、「わたしはあなたがたに一つの願いがあります。あなたがたのぶんどった耳輪をめいめいわたしにください」。ミデアンびとはイシマエルびとであったゆえに、金の耳輪を持っていたからである。
25 ২৫ তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
彼らは答えた、「わたしどもは喜んでそれをさしあげます」。そして衣をひろげ、めいめいぶんどった耳輪をその中に投げ入れた。
26 ২৬ তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
こうしてギデオンが求めて得た金の耳輪の重さは一千七百金シケルであった。ほかに月形の飾りと耳飾りと、ミデアンの王たちの着た紫の衣およびらくだの首に掛けた首飾りなどもあった。
27 ২৭ তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
ギデオンはそれをもって一つのエポデを作り、それを自分の町オフラに置いた。イスラエルは皆それを慕って姦淫をおこなった。それはギデオンとその家にとって、わなとなった。
28 ২৮ এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
このようにしてミデアンはイスラエルの人々に征服されて、再びその頭をあげることができなかった。そして国はギデオンの世にあるうち、四十年のあいだ太平であった。
29 ২৯ তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
ヨアシの子エルバアルは行って自分の家に住んだ。
30 ৩০ গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
ギデオンは多くの妻をもっていたので、自分の子供だけで七十人あった。
31 ৩১ চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
シケムにいた彼のめかけがまたひとりの子を産んだので、アビメレクと名づけた。
32 ৩২ যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্রাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ’ল।
ヨアシの子ギデオンは高齢に達して死に、アビエゼルびとのオフラにある父ヨアシの墓に葬られた。
33 ৩৩ গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
ギデオンが死ぬと、イスラエルの人々はまたバアルを慕って、これと姦淫を行い、バアル・ベリテを自分たちの神とした。
34 ৩৪ তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
すなわちイスラエルの人々は周囲のもろもろの敵の手から自分たちを救われた彼らの神、主を覚えず、
35 ৩৫ যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।
またエルバアルすなわちギデオンがイスラエルのためにしたもろもろの善行に応じて彼の家族に親切をつくすこともしなかった。

< বিচারকচরিত 8 >