< বিচারকচরিত 7 >

1 যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
Giê-ru Ba-anh (tứ Ghi-đê-ôn) và tất cả thuộc hạ dậy sớm, kéo ra đóng bên suối Ha-rốt. Lúc ấy quân Ma-đi-an đóng ở phía bắc quân Ít-ra-ên, trong thung lũng, bên đồi Mô-rê.
2 যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
Chúa Hằng Hữu phán bảo Ghi-đê-ôn: “Quân ngươi đông quá! Ta không cho họ thắng Ma-đi-an đâu, kẻo họ tự phụ, cho rằng: ‘Chính tự sức họ đã cứu họ.’
3 সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”
Ngươi phải truyền lệnh: ‘Ai lo, sợ, thì hãy về đi.’” Vậy có 22.000 người bỏ về, còn lại 10.000 người.
4 যিহোৱাই গিদিয়োনক ক’লে, “এতিয়াও লোকসকল অধিক আছে; তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাচনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক’ম এইজন লোক তোমাৰ লগত যাব, তেওঁ যাব; কিন্তু যদি মই কওঁ, এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব।”
Nhưng Chúa Hằng Hữu lại phán với Ghi-đê-ôn: “Vẫn còn đông quá! Hãy đem họ xuống dưới suối, Ta sẽ thử họ để định đoạt người nào sẽ đi với ngươi và người nào không phải đi.”
5 তেতিয়া গিদিয়োনে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ’ল। তাতে যিহোৱাই গিদিয়োনক ক’লে, “যি সকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব তেওঁলোকৰ পৰা যি সকলে পানী পিবৰ কাৰণে আঠু কাঢ়িব তেওঁলোকক পৃথক কৰা।”
Khi Ghi-đê-ôn dẫn họ xuống nước, Chúa Hằng Hữu phán bảo ông: “Ngươi để những người dùng tay vốc nước, rồi lấy lưỡi liếm như chó sang một bên, và những người quỳ xuống để uống sang một bên khác.”
6 তিনি শ মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল’লে।
Có 300 người liếm nước trong tay, còn những người khác đều quỳ xuống để uống.
7 তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
Chúa Hằng Hữu phán bảo Ghi-đê-ôn: “Ta sẽ dùng 300 người này giải thoát Ít-ra-ên khỏi quyền lực Ma-đi-an. Còn những người khác, hãy cho họ ra về.”
8 সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।
Ghi-đê-ôn cho tất cả người Ít-ra-ên về, chỉ giữ lại 300 người mà thôi. Những người này lấy lương thực và cầm kèn trong tay. Quân Ma-đi-an đóng trại trong thung lũng, phía dưới trại của Ghi-đê-ôn.
9 সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলোঁ।
Ngay đêm ấy, Chúa Hằng Hữu ra lệnh: “Hãy chỗi dậy! Tấn công trại quân Ma-đi-an. Ta sẽ cho các ngươi chiến thắng chúng!
10 ১০ যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।
Nhưng nếu ngươi còn lo sợ, thì dẫn theo Phu-ra, đầy tớ ngươi, đến trại quân.
11 ১১ সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
Lắng nghe những điều Ma-đi-an bàn tán, rồi ngươi sẽ vững tâm. Khi ấy ngươi sẽ mạnh bạo đem quân tấn công.” Ghi-đê-ôn cùng với Phu-ra đến tận tiền đồn của quân địch.
12 ১২ সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
Quân đội Ma-đi-an, A-ma-léc, và quân của các dân miền đông đóng dưới thung lũng đông như châu chấu. Bầy lạc đà của họ cũng đông như cát biển—đếm không xuể!
13 ১৩ গিদিয়োন যেতিয়া সেই ঠাইত উপস্থিত হ’ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক’লে, “মই এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিদিয়নীয়াসকলৰ ছাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিদিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো উলোটা হৈ চেপেটা খাই পৰিল।”
Vừa lúc Ghi-đê-ôn đến, ông nghe một người đang kể giấc mơ của mình cho bạn: “Tôi thấy có một cái bánh lúa mạch lăn vào trại quân Ma-đi-an, cái bánh này lăn vào một trại, làm cho trại đổ sập xuống lật ngược trên xuống dưới!”
14 ১৪ লগৰীয়াজনে ক’লে, “এইটো ইস্ৰায়েলীয়া যোৱাচৰ পুত্ৰ গিদিয়োনৰ তৰোৱালৰ বাহিৰে আন একো নহয়; ঈশ্বৰে মিদিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়োনৰ হাতত তুলি দিছে।”
Người bạn bàn: “Điều đó khác nào gươm của Ghi-đê-ôn, con Giô-ách, người Ít-ra-ên. Chúa đã phó Ma-đi-an vào tay người rồi!”
15 ১৫ গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”
Khi Ghi-đê-ôn nghe câu chuyện về giấc mơ và lời bàn xong, ông cúi đầu tạ ơn Chúa Hằng Hữu. Rồi ông trở về trại Ít-ra-ên và gọi lớn: “Hãy thức dậy! Vì Chúa Hằng Hữu cho ta thắng quân Ma-đi-an rồi.”
16 ১৬ সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
Ông chia quân làm ba đội, mỗi đội 100 người và đưa cho mỗi người một cây kèn, một cái bình, trong bình có một cây đuốc.
17 ১৭ তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।
Ông dặn họ: “Khi đến ngoài trại địch, anh em hãy làm theo những điều tôi làm.
18 ১৮ মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”
Khi tôi và những người đi với tôi thổi kèn, anh em ở quanh trại cũng thổi kèn lên, rồi hô to: ‘Vì Chúa Hằng Hữu và vì Ghi-đê-ôn!’”
19 ১৯ মধ্যপ্ৰহৰৰ আৰম্ভণীতে মিদিয়নীয়াসকলে যেতিয়া সুৰক্ষাপ্রহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়োন আৰু তেওঁৰ লগৰ এশ লোকে ছাউনিৰ কাষলৈ গ’ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলহবোৰ ভাঙি পেলালে।
Vào nửa đêm, Ghi-đê-ôn dẫn 100 quân lẻn đến bên ngoài trại quân Ma-đi-an. Ngay lúc lính canh vừa đổi phiên, họ thổi kèn, đập vỡ bình cầm nơi tay.
20 ২০ এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
Bấy giờ cả ba đội quân Ít-ra-ên đồng loạt thổi kèn, đập vỡ bình. Mỗi người tay trái cầm đuốc, tay phải cầm kèn thổi vang trời. Họ đồng thanh hô to: “Lưỡi gươm vì Chúa Hằng Hữu và vì Ghi-đê-ôn!”
21 ২১ গিদিয়োনৰ লোকসকল ছাউনিৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল। তেতিয়া সকলো মিদিয়নীয়া সৈন্যই লৰা-ঢাপৰা কৰি চিঞঁৰি পলাবলৈ ধৰিলে।
Họ cứ đứng tại chỗ quanh trại và nhìn quân Ma-đi-an chạy tán loạn, vừa kêu la vừa tìm đường tẩu thoát.
22 ২২ তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
Tiếng kèn của 300 người Ít-ra-ên vang động, Chúa Hằng Hữu khiến cho quân địch quay lại chém giết lẫn nhau. Số còn lại chạy dài cho đến Bết Si-ta gần Xê-xa-ra, và đến tận biên giới A-bên Mê-hô-la, gần Ta-bát.
23 ২৩ তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি ফৈদৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।
Người thuộc đại tộc Nép-ta-li, A-se, và Ma-na-se được huy động đi truy nã quân Ma-đi-an.
24 ২৪ পাছত গিদিয়োনে ইফ্ৰয়িমৰ পাহাৰীয়া এলেকাৰ সকলো ফালে বার্তাবাহক পঠাই ক’লে, “আপোনালোক নামি আহঁক আৰু মিদিয়নৰ বিৰুদ্ধে আক্রমণ কৰক। মিদিয়নীয়াসকল গৈ পোৱাৰ আগেয়ে সিহঁতক ভেটিবলৈ বৈৎ-বাৰা পর্যন্ত আৰু যৰ্দ্দন নদী দখল কৰি লওঁক।” তেতিয়া ইফ্ৰয়িমৰ সকলো লোকে গোট খাই বৈৎ-বাৰালৈকে সকলো সৰু সৰু নদী আৰু যৰ্দ্দনৰ পাৰ-ঘাট দখল কৰি ল’লে।
Ghi-đê-ôn cũng sai người đi khắp núi Ép-ra-im hô hào: “Hãy xuống đánh quân Ma-đi-an. Hãy chận đường qua Sông Giô-đan của chúng tại Bết Ba-ra.” Vậy quân Ép-ra-im làm theo những lời ấy.
25 ২৫ তেওঁলোকে ওৰেব আৰু জেব নামৰ দুজন মিদিয়নীয়া নেতাক ধৰিলে; ওৰেবক ‘ওৰেবৰ শিলত’ বধ কৰিলে আৰু জেবক ‘জেবৰ দ্ৰাক্ষাগুটি মৰা ক্ষেত্র’ত বধ কৰিলে। তেওঁলোকে মিদিয়নীয়াসকলক খেদি পঠালে আৰু যৰ্দ্দনৰ সিপাৰে থকা গিদিয়োনৰ ওচৰলৈ ওৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।
Họ bắt Ô-rép và Xê-ép, hai tướng chỉ huy của Ma-đi-an, họ giết Ô-rép tại tảng đá Ô-rép, và Xê-ép tại máy ép rượu Xê-ép. Họ vẫn tiếp tục đuổi theo quân Ma-đi-an. Sau đó người Ít-ra-ên đem đầu của Ô-rép và Xê-ép đến cho Ghi-đê-ôn phía bên kia Sông Giô-đan.

< বিচারকচরিত 7 >