< বিচারকচরিত 4 >

1 এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
ויספו בני ישראל לעשות הרע בעיני יהוה ואהוד מת׃
2 তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইমত বাস কৰিছিল।
וימכרם יהוה ביד יבין מלך כנען אשר מלך בחצור ושר צבאו סיסרא והוא יושב בחרשת הגוים׃
3 সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
ויצעקו בני ישראל אל יהוה כי תשע מאות רכב ברזל לו והוא לחץ את בני ישראל בחזקה עשרים שנה׃
4 সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
ודבורה אשה נביאה אשת לפידות היא שפטה את ישראל בעת ההיא׃
5 তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
והיא יושבת תחת תמר דבורה בין הרמה ובין בית אל בהר אפרים ויעלו אליה בני ישראל למשפט׃
6 তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
ותשלח ותקרא לברק בן אבינעם מקדש נפתלי ותאמר אליו הלא צוה יהוה אלהי ישראל לך ומשכת בהר תבור ולקחת עמך עשרת אלפים איש מבני נפתלי ומבני זבלון׃
7 মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কীচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
ומשכתי אליך אל נחל קישון את סיסרא שר צבא יבין ואת רכבו ואת המונו ונתתיהו בידך׃
8 তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
ויאמר אליה ברק אם תלכי עמי והלכתי ואם לא תלכי עמי לא אלך׃
9 তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
ותאמר הלך אלך עמך אפס כי לא תהיה תפארתך על הדרך אשר אתה הולך כי ביד אשה ימכר יהוה את סיסרא ותקם דבורה ותלך עם ברק קדשה׃
10 ১০ বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
ויזעק ברק את זבולן ואת נפתלי קדשה ויעל ברגליו עשרת אלפי איש ותעל עמו דבורה׃
11 ১১ সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কেদচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
וחבר הקיני נפרד מקין מבני חבב חתן משה ויט אהלו עד אלון בצענים אשר את קדש׃
12 ১২ চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
ויגדו לסיסרא כי עלה ברק בן אבינעם הר תבור׃
13 ১৩ চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।
ויזעק סיסרא את כל רכבו תשע מאות רכב ברזל ואת כל העם אשר אתו מחרשת הגוים אל נחל קישון׃
14 ১৪ তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
ותאמר דברה אל ברק קום כי זה היום אשר נתן יהוה את סיסרא בידך הלא יהוה יצא לפניך וירד ברק מהר תבור ועשרת אלפים איש אחריו׃
15 ১৫ বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
ויהם יהוה את סיסרא ואת כל הרכב ואת כל המחנה לפי חרב לפני ברק וירד סיסרא מעל המרכבה וינס ברגליו׃
16 ১৬ কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।
וברק רדף אחרי הרכב ואחרי המחנה עד חרשת הגוים ויפל כל מחנה סיסרא לפי חרב לא נשאר עד אחד׃
17 ১৭ কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
וסיסרא נס ברגליו אל אהל יעל אשת חבר הקיני כי שלום בין יבין מלך חצור ובין בית חבר הקיני׃
18 ১৮ যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
ותצא יעל לקראת סיסרא ותאמר אליו סורה אדני סורה אלי אל תירא ויסר אליה האהלה ותכסהו בשמיכה׃
19 ১৯ চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
ויאמר אליה השקיני נא מעט מים כי צמאתי ותפתח את נאוד החלב ותשקהו ותכסהו׃
20 ২০ চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
ויאמר אליה עמד פתח האהל והיה אם איש יבוא ושאלך ואמר היש פה איש ואמרת אין׃
21 ২১ পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰ পাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সুমুৱাই দিলে; খুটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
ותקח יעל אשת חבר את יתד האהל ותשם את המקבת בידה ותבוא אליו בלאט ותתקע את היתד ברקתו ותצנח בארץ והוא נרדם ויעף וימת׃
22 ২২ বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
והנה ברק רדף את סיסרא ותצא יעל לקראתו ותאמר לו לך ואראך את האיש אשר אתה מבקש ויבא אליה והנה סיסרא נפל מת והיתד ברקתו׃
23 ২৩ এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
ויכנע אלהים ביום ההוא את יבין מלך כנען לפני בני ישראל׃
24 ২৪ শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।
ותלך יד בני ישראל הלוך וקשה על יבין מלך כנען עד אשר הכריתו את יבין מלך כנען׃

< বিচারকচরিত 4 >