< বিচারকচরিত 15 >

1 কিছু দিনৰ পাছত ঘেঁহুধান দাবৰ সময়ত চিমচোনে এটা ছাগলী লগত লৈ নিজৰ পত্নীৰে সৈতে সাক্ষাৎ হ’বৰ বাবে গৈ ক’লে, “মই মোৰ পত্নীৰ ওচৰত যাবৰ বাবে ভিতৰ কোঠালিলৈ যাওঁ”; কিন্তু তাইৰ বাপেকে তেওঁক ভিতৰলৈ যাব নিদিলে।
А по часі сталося в днях жнив пшениці, і відвідав Самсон з козля́м свою жінку та й сказав: „Нехай увійду́ я до моєї жінки, до кімна́ти“. Та батько її не дав йому ввійти.
2 আৰু তাইৰ বাপেকে ক’লে, “সঁচাকৈ তুমি তাইক ঘিণ কৰিলা বুলি ভাবি, মই তাইক তোমাৰ সখীয়েৰাক দিলোঁ; তাইৰ সৰু ভনীয়েক জানো তাইতকৈ সুন্দৰী নহয়? মই নিবেদন কৰোঁ, তাইৰ সলনি তায়ে তোমাৰ পত্নী হওক, তুমি তেওঁকেই লৈ যোৱা।”
І сказав її батько: „Я дійсно поду́мав був, що ти справді знена́видів її, а тому я дав її твоєму дружко́ві. Чи молодша сестра її не ліпша від неї? Нехай же вона буде тобі замість неї“.
3 তেতিয়া চিমচোনে সিহঁতক ক’লে, “এইবাৰ মই পলেষ্টীয়াসকলক কোনো বিষয়ত আঘাত কৰিলেও তেওঁলোকৰ ওচৰত কোনেও মোক দোষী সাব্যস্ত কৰিব নোৱাৰে।”
І сказав їм Самсо́н: „Цього ра́зу я не буду винний перед филисти́млянами, коли я зроблю́ їм зло“.
4 পাছত চিমচোনে গৈ তিনিশ শিয়াল ধৰি, নেজে নেজে জুঁটি দুডাল দুডাল নেজত এটা এটা আৰিয়া বান্ধিলে।
І пішов Самсон, та й зловив три сотні лисиць. І взяв він смолоски́пи, і обернув хвоста до хвоста, і прив'язав одного смолоскипа всере́дині поміж два хвости.
5 পাছত সেই আৰিয়াত জুই লগাই পলেষ্টীয়াসকলৰ থিয় হৈ থকা পকা ধাননিৰ মাজত এৰি দিলে; তাতে বন্ধা মুঠি আৰু নোদোৱা থিয় হৈ থকা ধান আৰু জিত গছৰ বাৰীবোৰ পুৰি পেলালে।
І запалив він огонь у тих смолоски́пах, і пустив лисиць в филистимські жита́. І попали́в він сти́рти та жита́, і оли́вкові сади́.
6 তেতিয়া পলেষ্টীয়াসকলে সুধিলে, “এই কাম কোনে কৰিলে?” মানুহে ক’লে, তিম্নায়ীয়াৰ জোঁৱায়েক চিমচোনে এই কাম কৰিলে, কিয়নো তেওঁৰ শহুৰেকে তেওঁৰ ঘৈনীয়েকক তেওঁৰ সখীয়েকক দিলে; তাতে ফীলিস্টীয়াসকলে আহি সেই মহিলা আৰু তাইৰ বাপেকক জুই দি পুৰিলে।
І сказали филистимляни: „Хто́ це зробив?“А їм відказали: „Самсон, зять тімнеянина, бо він забрав його жінку й віддав її дружко́ві його“. І пішли филистимляни, та й спалили огнем її та батька її.
7 পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
І сказав їм Самсон: „Хоч ви й зробили так, як це, та проте я конче пімщу́ся на вас, і аж тоді переста́ну“.
8 ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
І він сильно побив їх дошкульною пора́зкою. І пішов він, і осівся в щі́лині скелі Етам.
9 সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
І посхо́дили филистимляни, і таборува́ли в Юди, і розтягли́ся до Лехі.
10 ১০ তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।”
І сказали Юдині люди: „Чого ви посхо́дили проти нас?“А ті відказали: „Ми прийшли зв'язати Самсона, щоб зробити йому, як нам він зробив“.
11 ১১ তেতিয়া যিহূদাৰ তিনি হাজাৰ লোকে এটম শিলৰ গুহালৈ নামি গৈ চিমচোনক ক’লে, “পলেষ্টীয়াসকল যে আমাৰ শাসনকৰ্ত্তা, সেই বিষয়ে তুমি নাজানা নেকি? তেন্তে আমাৰ বিৰুদ্ধে এইটো কি কাম কৰিলা?” তাতে তেওঁ তেওঁলোকক ক’লে, “সিহঁতে মোলৈ যেনে কৰিলে, ময়ো সিহঁতলৈ তেনে কৰিলোঁ।”
І пішли три тисячі люда від Юди до щі́лини скелі Етам. І сказали вони Самсонові: „Чи ти не знав, що над нами панують филисти́мляни? І що́ це ти нам учинив? А він їм сказав: „Як вони зробили мені, так я зробив їм“.
12 ১২ তেওঁলোকে তেওঁক ক’লে, “এতিয়া আমি পলেষ্টীয়াসকলৰ হাতত শোধাই দিবৰ অৰ্থে তোমাক বান্ধি নিবলৈ নামি আহিলোঁ।” চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোক বধ নকৰোঁ বুলি শপত খোৱা।”
І сказали йому: „Ми зійшли зв'язати тебе, щоб віддати тебе в руку филисти́млян“. І сказав їм Самсон: „Присягніть мені, що ви не заб'є́те мене“.
13 ১৩ তেওঁলোকে ক’লে “নহয়, কেৱল আমি তোমাক শকতকৈ বান্ধি নি সিহঁতৰ হাতত শোধাই দিম; আমি নিশ্চয়ে তোমাক বধ নকৰোঁ।” পাছত তেওঁলোকে দুগজ নতুন ৰচীৰে তেওঁক বান্ধি সেই শিলৰ পৰা লৈ গ’ল।
А вони сказали йому, говорячи: „Ні, а тільки зв'я́жемо тебе та дамо́ тебе в їхню руку, а забити — не заб'ємо тебе“. І зв'язали його двома́ нови́ми шну́рами, і звели його зо скелі.
14 ১৪ পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।
Він прийшов аж до Лехі, а филисти́мляни зняли́ крик проти нього. І зійшо́в на нього Дух Господній, і стали ті су́кані шну́ри, що на раме́нах його, як лляні́, що перегоріли в огні, — і поспада́ли з його рук пу́та його.
15 ১৫ পাছত তেওঁ গাধৰ গালৰ এডাল কেঁচা হাড় পাই হাত মেলি সেই ডাল ল’লে, তাৰেই এক হাজাৰ লোকক বধ কৰিলে।
І знайшов він свіжу осля́чу ще́лепу, і простяг свою руку й узяв його, та й побив ним тисячу чоловіка.
16 ১৬ তেতিয়া চিমচোনে ক’লে, “গাধৰ গালৰ হাড়ডালেৰে দ’মৰ উপৰি দ’ম কৰিলোঁ; গাধৰ গালৰ হাড়ডালেৰে এক হাজাৰ লোকক বধ কৰিলোঁ।”
І сказав Самсон: „Осля́чою цією ще́лепою дійсно поклав їх на ку́пу, — осля́чою цією ще́лепою тисячу люда побив я“.
17 ১৭ পাছত তেওঁৰ কথা কোৱা শেষ হোৱাত, হাতৰ পৰা হাড়ডাল পেলাই দিলে; তাতে সেই ঠাইৰ নাম ৰামৎ-লেহী হ’ল।
І сталося, як скінчи́в він це говорити, то кинув ту ще́лепу зо своєї руки, і назвав ім'я́ тому місцю: Рамат-Лехі.
18 ১৮ পাছত তেওঁৰ বৰকৈ পিয়াহ লগাত, তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “তুমি তোমাৰ এই দাসৰ হাতেৰে এই মহা-নিস্তাৰ কৰিলা; এতিয়া মই পিয়াহত মৰি সেই অচুন্নৎহঁতৰ হাতত পৰিম।”
І сильно він спрагнув, і кли́кнув до Господа та й сказав: „Ти дав у руку Свого раба це велике спасі́ння, а тепер я помру́ від пра́гнення, і впаду́ в руку необрі́заних“.
19 ১৯ তাতে যিহোৱাই লেহীত থকা, কুণ্ডৰ নিচিনা দ ঠাইত শিল ফালি বাট উলিওৱাত তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে; এই হেতুকে তাৰ নাম অয়িন-হক্কোৰ ৰখা হ’ল; সেই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে।
І пробив Бог джере́ло, що в Лехі, і вийшла з ньо́го вода, — і він напився, і вернувся його дух, і він ожив. Тому назвав він ім'я́ йому́: Ен-Гаккоре, що в Лехі, і так воно зветься аж до цього дня.
20 ২০ পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
І судив він Ізраїля за днів филистимлян двадцять літ.

< বিচারকচরিত 15 >