< বিচারকচরিত 10 >

1 অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। পূৱাৰ পুত্ৰ তোলা আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল।
Poslije Abimeleka ustao je Tola, sin Pue, sina Dodova, da izbavi Izraela. On bijaše iz Jisakarova plemena, a živio je u Šamiru, u Efrajimovoj gori.
2 তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল।
Bio je sudac Izraelu dvadeset i tri godine, a kad je umro, pokopali su ga u Šamiru.
3 তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল।
Poslije njega ustao je Jair Gileađanin, koji je bio sudac Izraelu dvadeset i dvije godine.
4 যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।
Imao je trideset sinova koji su jahali na tridesetero magaradi i imali trideset gradova što se do dana današnjega zovu Sela Jairova, a nalaze se u gileadskoj zemlji.
5 যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল।
Kad umrije Jair, pokopaše ga u Kamonu.
6 ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।
Izraelci su opet stali činiti ono što Jahvi nije po volji. Služili su baalima i aštartama, aramejskim bogovima i sidonskim bogovima, bogovima Moabaca, bogovima Amonaca i bogovima Filistejaca. A Jahvu su napustili i nisu mu više služili.
7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
Tad planu Jahve gnjevom i predade ih u ruke Filistejcima i Amoncima.
8 তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।
Oni su od tada osamnaest godina satirali i tlačili Izraelce - sve Izraelce koji življahu s onu stranu Jordana, u zemlji amorejskoj, koja je u Gileadu.
9 অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।
Potom su Amonci prešli Jordan da zavojšte i na Judu, Benjamina i na Efrajima te se Izrael nađe u velikoj nevolji.
10 ১০ তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
Tada zavapiše Izraelci Jahvi govoreći: “Griješili smo prema tebi jer smo ostavili Jahvu, svoga Boga, da bismo služili baalima.”
11 ১১ যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো?
A Jahve odgovori Izraelcima: “Nisu li vas tlačili Egipćani i Amorejci, Amonci i Filistejci,
12 ১২ যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
Sidonci, Amalečani i Midjanci? Ali kad ste zavapili prema meni, nisam li vas izbavio iz njihovih ruku?
13 ১৩ তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
Ali vi ostaviste mene i uzeste služiti drugim bogovima. Zbog toga vas neću više izbavljati.
14 ১৪ যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”
Idite i vapite za pomoć onim bogovima koje ste izabrali! Neka vas oni izbave iz vaše nevolje!”
15 ১৫ কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।”
Izraelci odgovoriše Jahvi: “Sagriješili smo! Čini s nama što ti drago, samo nas danas izbavi!”
16 ১৬ তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
I odstraniše tuđe bogove i počeše opet služiti Jahvi. A Jahve više ne mogaše trpjeti da Izraelci pate.
17 ১৭ তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।
Kada su se Amonci sabrali i utaborili u Gileadu, skupiše se i Izraelci i utaboriše se u Mispi.
18 ১৮ গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”
Tada narod i knezovi gileadski rekoše jedni drugima: “Koji čovjek povede boj protiv Amonaca, neka bude poglavar svima koji žive u Gileadu.”

< বিচারকচরিত 10 >