< বিচারকচরিত 1 >

1 যিহোচূৱাৰ মৃত্যুৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাক সুধিলে, “কনানীয়াসকলৰ বিপক্ষে আমি যেতিয়া যুদ্ধ কৰিবলৈ উপত্যকাৰ ওপৰলৈ যাম, তেতিয়া আমাৰ হৈ যুদ্ধ কৰিবলৈ কোনে প্রথমে তেওঁলোকক আক্রমণ কৰিব?”
Stalo se pak po smrti Jozue, otázali se synové Izraelští Hospodina, řkouce: Kdo z nás potáhne proti Kananejskému napřed, aby bojoval s ním?
2 উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”
Jimž řekl Hospodin: Juda nechť táhne, aj, dal jsem tu zemi v ruku jeho.
3 এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
(Řekl pak byl Juda Simeonovi bratru svému: Potáhni se mnou k dobývání losu mého, abychom bojovali proti Kananejskému, a já také potáhnu s tebou k dobývání losu tvého. I táhl s ním Simeon.
4 যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
Tedy vytáhl Juda, i dal Hospodin Kananejského a Ferezejského v ruce jejich, a porazili z nich v Bezeku deset tisíc mužů.
5 বেজকত তেওঁলোকে অদুনী বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
Nebo nalezše Adonibezeka v Bezeku, bojovali proti němu, a porazili Kananejského i Ferezejského.
6 কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
Když pak utíkal Adonibezek, honili ho, a chytivše jej, zutínali mu palce u rukou i noh.
7 তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
Tedy řekl Adonibezek: Sedmdesáte králů s uťatými palci u rukou i noh svých sbírali drobty pod stolem mým; jakž jsem činil, tak odplatil mi Bůh. I přivedli jej do Jeruzaléma, a tam umřel.
8 যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
Nebo byli vybojovali synové Juda Jeruzalém, a vzavše jej, zbili obyvatele jeho ostrostí meče a město vypálili.
9 তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
Potom také vytáhli synové Judovi, aby bojovali proti Kananejskému, bydlícímu na horách při straně polední i na rovinách.
10 ১০ তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
Nebo byl vytáhl Juda proti Kananejskému, kterýž bydlil v Hebronu, (jméno pak Hebronu prvé bylo Kariatarbe, ) a pobil Sesaie, a Achimana, a Tolmaie.
11 ১১ তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
A odtud byl táhl na obyvatele Dabir, (jméno pak Dabir prvé bylo Kariatsefer).
12 ১২ কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”
Kdežto řekl Kálef: Kdo by dobyl Kariatsefer a vzal by je, dám jemu Axu dceru svou za manželku.
13 ১৩ তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
Tedy dobyl ho Otoniel, syn Cenezův, bratra Kálefova mladšího, i dal jemu Axu dceru svou za manželku.
14 ১৪ অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
Stalo se pak, že když přišla k němu, ponukla ho, aby prosil otce jejího za pole; i ssedla s osla. A řekl jí Kálef: Cožť jest?
15 ১৫ তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
A ona odpověděla: Dej mi dar; poněvadžs mi dal zemi suchou, dej mi také studnice vod. I dal jí Kálef studnice v horních i dolních končinách.
16 ১৬ মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
Synové také Cinejského, tchána Mojžíšova, odebrali se z města palmového s syny Juda na poušť Judovu, jenž jest k straně polední městu Arad; a odšedše, bydlili s lidem tím.
17 ১৭ যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
Potom táhl Juda s Simeonem, bratrem svým, a porazili Kananejské přebývající v Sefat, a zkazili je. I nazváno jest jméno města toho Horma.
18 ১৮ যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
Dobyl také Juda Gázy a pomezí jeho, i Aškalonu s pomezím jeho, též Akaronu a pomezí jeho.
19 ১৯ যিহোৱা যিহূদা বংশৰ লোকসকলৰ সঙ্গত আছিল। তেওঁলোকে পাহাৰী এলেকাবোৰ দখল কৰি নিছিল হয়, কিন্তু সমতল ভূমিৰ নিবাসীসকলক খেদাব পৰা নাছিল, কাৰণ তেওঁলোকৰ লোহাৰ ৰথ আছিল।
Nebo byl Hospodin s Judou, a vyhnal obyvatele hor, ale nevyhnal obyvatelů údolí, proto že vozy železné měli.
20 ২০ মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।
I dali Kálefovi Hebron, jakož byl mluvil Mojžíš, a vyhnal odtud tři syny Enakovy.
21 ২১ কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
Jebuzejského pak, bydlícího v Jeruzalémě, nevyhnali synové Beniamin; protož bydlil Jebuzejský v Jeruzalémě s syny Beniamin až do tohoto dne.
22 ২২ যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
Vytáhla také i čeled Jozefova do Bethel, a Hospodin byl s nimi.
23 ২৩ তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
Nebo shlédla čeled Jozefova Bethel, kteréhožto města jméno prvé bylo Lůza.
24 ২৪ পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
Uzřevše pak ti špehéři muže vycházejícího z města, řekli jemu: Medle ukaž nám, kudy bychom mohli vjíti do města, a učinímeť milost.
25 ২৫ তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
Kterýžto ukázal jim, kudy by mohli vjíti do města; i vyhubili to město mečem, muže pak toho se vší čeledí jeho propustili.
26 ২৬ তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
I šel muž ten do země Hetejských, kdež vystavěl město, a nazval jméno jeho Lůza; to jest jméno jeho až do tohoto dne.
27 ২৭ মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
Manasses také nevyhnal obyvatelů Betsan a městeček jeho, ani Tanach a městeček jeho, ani obyvatelů Dor a Jibleam, a Mageddo a městeček jejich; i počal Kananejský svobodně bydliti v zemi té.
28 ২৮ পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
Když se pak zsilil Izrael, uvedl Kananejského pod plat, a maje jej vyhnati, nevyhnal.
29 ২৯ ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।
Efraim také nevyhnal Kananejského bydlícího v Gázer, protož bydlil Kananejský u prostřed něho v Gázer.
30 ৩০ জবূলুন বংশৰ লোকসকলেও কিট্ৰোন আৰু নহলোলৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; তাতে কনানীয়াসকল তেওঁলোকৰ মাজতে বাস কৰি থাকিল, কিন্তু জবূলূনৰ বংশধৰসকলে তেওঁলোকক দাসৰ কাম কৰিবলৈ বাধ্য কৰালে।
Zabulon též nevyhnal obyvatelů Cetron, a obyvatelů Naalol, protož bydlil Kananejský u prostřed něho, a dával jemu plat.
31 ৩১ আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।
Asser také nevyhnal obyvatelů Acho a obyvatelů Sidonu, ani Ahalab, ani Achzib, ani Helba, ani Afek, ani Rohob.
32 ৩২ তেওঁলোকে সেই ঠাইৰ বাসিন্দা কনানীয়াসকলৰ মাজতে বাস কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোকে সেইসকলক বাহিৰ নকৰিলে।
I bydlil Asser mezi Kananejskými obyvateli země té, nebo nevyhnal jich.
33 ৩৩ নপ্তালী বংশৰ লোকসকলে বৈৎ-চেমচ আৰু বৈৎ-অনাৎৰ লোকসকলক বাহিৰ নকৰিলে আৰু তেওঁলোকে সেই ঠাইৰ কনানীয়াসকলৰ মাজত বাস কৰিবলৈ ধৰিলে; বৈৎ-চেমচ আৰু বৈৎ-অনাৎবাসীক নপ্তালীসকলৰ বাবে কাম কৰিবলৈ বাধ্য কৰালে।
Též Neftalím nevyhnal obyvatelů Betsemes, ani obyvatelů Betanat, protož bydlil mezi Kananajeskými přebývajícími v zemi té; a však obyvatelé Betsemes a Betanat dávali jim plat.
34 ৩৪ ইমোৰীয়াসকলে দানৰ বংশধৰসকলক পাহাৰীয়া এলেকাতে আটক কৰি বসতি কৰিবলৈ বাধ্য কৰালে; তেওঁলোকক সমতল ভূমিলৈ নামি আহিব নিদিলে।
Ssužovali pak Amorejští syny Dan na horách, tak že nedali jim scházeti do údolí.
35 ৩৫ ইমোৰীয়াসকলে হেৰচ পর্বত, অয়ালোন আৰু চালবীমত বাস কৰিবলৈ ধৰিলে; কিন্তু যোচেফৰ বংশৰ লোকসকলৰ সৈন্য শক্তিয়ে সেইবোৰ জয় কৰিলে আৰু ইমোৰীয়াসকলক তেওঁলোকৰ দাসৰ কার্য কৰিবলৈ বাধ্য কৰালে।
Nebo počal Amorejský svobodně bydliti na hoře Heres, v Aialon a v Salbim, ale když se zsilila ruka čeledi Jozefovy, uvedeni jsou pod plat.
36 ৩৬ ইমোৰীয়াসকলৰ সীমা অক্ৰব্বীম গিৰিপথৰ পৰা চেলা পাৰ হৈ ওপৰৰ পর্বতীয়া অঞ্চললৈকে আছিল।
Pomezí pak Amorejského bylo od začátku hor Akrabim, od skály jejich i výše.

< বিচারকচরিত 1 >