< যোশুয়া 8 >

1 পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
І сказав Господь до Ісуса: „Не бійся й не лякайся, — візьми з собою ввесь військо́вий люд, та й устань, піди на Ай. Подивися: ось дав Я в руку твою айського царя, і наро́д його, і місто його, і край його.
2 তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।”
І зробиш Аєві, і цареві його, як ти зробив Єрихонові та цареві його, — тільки здо́бич його та худобу його заберете собі. Постав собі за́сідку на місто позад нього“.
3 তেতিয়া যিহোচূৱা আৰু যুদ্ধ কৰিব পৰা সকলো লোক অয়লৈ যাবৰ বাবে উঠিল আৰু যিহোচূৱাই ত্ৰিশ হাজাৰ বলৱান আৰু সাহিয়াল বীৰপুৰুষ বাচি লৈ ৰাতিয়েই তেওঁলোকক পঠিয়াই দিলে।
І встав Ісус та ввесь військо́вий люд, щоб іти на Ай. І вибрав Ісус тридцять тисяч чоловіка сильних воякі́в, та й послав їх уночі.
4 তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।
І він наказав їм, говорячи: „Глядіть, чатуйте на Ай з-позад міста, — не віддаляйтеся дуже від міста, і будьте всі готові.
5 মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷
А я та ввесь народ, що зо мною, при́йдемо до міста. І станеться, коли вийдуть навпере́йми нам, як перше, то ми втечемо перед ними.
6 পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
І вийдуть вони за нами, а ми відтя́гнемо їх від міста, бо скажуть: Вони втікають перед нами, як перше. І ми втечемо перед ними.
7 তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
А ви встанете з за́сідки, і здобудете те місто, і Господь, Бог ваш, дасть його вам у вашу руку.
8 যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
І станеться, як ви ві́зьмете місто, то підпа́лите місто огнем, — зробите за Господнім словом. Глядіть, — я вам наказав“.
9 এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
І послав їх Ісус, і пішли вони на за́сідку, та й засіли між Бет-Елом та між Аєм, із за́ходу від Аю. А Ісус ночував тієї ночі серед наро́ду.
10 ১০ পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
І встав Ісус рано вранці, і перегля́нув наро́д, і пішов він та Ізраїлеві старші́ перед наро́дом до Аю.
11 ১১ তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
А всі вояки́, що були з ним, пішли під го́ру, і підійшли, і прийшли навпроти того міста, і таборува́ли з пі́вночі Аю, а між ним та між Аєм була долина.
12 ১২ তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
І взяв він коло п'яти тисяч чоловіка, і поставив їх як за́сідку між Бет-Елом та між Аєм з за́ходу міста.
13 ১৩ এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
І розклав народ, увесь та́бір, що з пі́вночі міста, а задню частину його з за́ходу міста. І прийшов Ісус тієї ночі на сере́дину долини.
14 ১৪ পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
І сталося, як побачив це айський цар, то люди того міста поспішили, і встали рано, і вийшли навпере́йми Ізраїля на бій, він та ввесь його наро́д, на озна́чений час перед стен. А він не знав, що є за́сідка на нього з-позад міста.
15 ১৫ পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
А Ісус та ввесь Ізраїль удавали, ніби побиті перед ними, і втікали дорогою на пустиню.
16 ১৬ তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
А ті скликали ввесь народ, що в місті, щоб гнатися за ними. І гналися вони за Ісусом, і віддали́лися від міста.
17 ১৭ আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
І не полишився ніхто в Аї та в Бет-Елі, хто не погнався б за Ізраїлем. І позоста́вили вони місто відчи́неним, та й гналися за Ізраїлем.
18 ১৮ তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
І сказав Господь до Ісуса: „Простягни́ списа, що в руці твоїй, до Аю, бо в руку твою його віддам“. І простягну́в Ісус списа́, що в руці його, до міста.
19 ১৯ তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
А за́сідка швидко встала зо свого місця, та й побігли, як він простягну́в свою руку. І ввійшли вони до міста, і здобули́ його, і поква́пилися та й підпалили те місто огнем.
20 ২০ পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
І оберну́лися айські люди позад себе, та й побачили, аж ось знявся дим міста до неба! І не було в них сили, щоб утікати ані сюди, ані туди... А народ, що втікав до пустині, обернувся на тих, хто гнався за ним.
21 ২১ অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
А Ісус та ввесь Ізраїль, як побачили, що за́сідка здобула́ те місто, і що знявся дим із міста, то вернулися, та й повбивали айських людей.
22 ২২ আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।
А ті повихо́дили з міста навпере́йми них, і опинилися серед Ізраїля: ті з цього боку, а ті з того. І повбивали їх, так що не позоста́лося з них нікого, хто врятувався б чи втік.
23 ২৩ তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।
А айського царя вони схопи́ли живого, і привели́ його до Ісуса.
24 ২৪ যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
І сталося, як покінчи́в Ізраїль забивати всіх айських ме́шканців на полі, у пустині, що гнали їх по ній, і попа́дали вони від ві́стря меча аж до останнього, то вернувся ввесь Ізраїль до Аю, і перебили його ві́стрям меча.
25 ২৫ সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷
І було всіх, що впали того дня, від чоловіка й аж до жінки, дванадцять тисяч, усі айські ме́шканці.
26 ২৬ কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
А Ісус не опуска́в своєї руки, що витягнув зо списом, аж поки не вчинив закля́ттям усіх айських ме́шканців.
27 ২৭ যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।
Тільки худобу та здобич того міста позабирав собі Ізра́їль за словом Господа, що наказав був Ісусові.
28 ২৮ এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷
І спалив Ісус Ай, і поклав його вічною руїною, пусткою, і так є аж до цього дня.
29 ২৯ পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।
А айського царя повісив на дереві аж до вечі́рнього ча́су. А коли сонце захо́дило, Ісус наказав, і зняли його трупа з того дерева та й кинули його до входу брами міста. І наки́дали над ним велику камінну могилу, що стоїть аж до цього дня.
30 ৩০ সেই সময়ত যিহোচূৱাই এবাল পৰ্ব্বতত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্য এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে,
Тоді Ісус збудував жертівника для Господа, Бога Ізраїлевого, на горі Ева́л,
31 ৩১ যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
як наказав був Мойсей, раб Господній, Ізраїлевим синам, як написано в книзі Мойсеєвого Зако́ну, — же́ртівника з ці́лого каміння, що над ними не підіймали заліза. І прине́сли на ньому цілопа́лення для Господа, і прино́сили мирні жертви.
32 ৩২ সেই ঠাইত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সাক্ষাতেই সেই শিলবোৰৰ ওপৰত মোচিৰ ব্যৱস্থাৰ এখন নকল লিখিলে।
І він написав там на тих каміннях ві́дписа Мойсеєвого Зако́ну, що той написав перед Ізраїлевими синами.
33 ৩৩ সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
А ввесь Ізраїль, і старші́ його, і урядники, і су́дді його, стояли з цього й з того боку ковчегу навпроти священиків-Левитів, що носять ковчега Господнього заповіту, як прихо́дько, так і тубі́лець, — половина його навпроти гори Ґарізі́м, а половина його навпроти гори Ева́л, як наказав був Мойсей, раб Господній, благословляти Ізраїлів народ найперше.
34 ৩৪ তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।
А по́тім він читав усі слова́ того Зако́ну, благослове́ння та прокля́ття, усе так, як написано в Зако́ні.
35 ৩৫ ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।
Не було сло́ва зо всього, що наказав був Мойсей, чого не читав би Ісус перед усіма́ зборами Ізраїля, і жіно́к, і дітей, і прихо́дька, що ходить серед них.

< যোশুয়া 8 >