< যোশুয়া 3 >

1 পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷
Yeşua səhər erkən qalxdı. Onunla birgə bütün İsrail övladları Şittimdən irəliləyərək İordan çayına qədər gəldilər. Onlar çayı keçməzdən əvvəl orada qaldılar.
2 তিন দিনৰ পাছত বিষয়াসকলে শিবিৰৰ মাজেদি গ’ল;
Üçüncü günün sonunda məmurlar ordugahı gəzdilər.
3 আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
Xalqa əmr edib dedilər: «Allahınız Rəbbin Əhd sandığını Levililərdən olan kahinlərin daşıdığını görəndə siz də yerinizdən irəliləyərək onun ardınca gedin.
4 তথাপি তোমালোকৰ মাজত ব্যৱধান থাকিব লাগিব আৰু এই ব্যৱধান তোমালোকৰ মাজত প্ৰায় দুই হাজাৰ হাত পৰিমাণৰ ঠাই হ’ব লাগিব। তোমালোকে যাব লগা পথ দেখা পাবলৈ তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো তোমালোকে আগতে কেতিয়াও সেই বাটেদি যোৱা নাই।”
Ancaq sizinlə onun arasında iki min qulaca qədər məsafə olmalıdır. Ona yaxınlaşmayın ki, hansı yolla gedəcəyinizi biləsiniz, çünki siz əvvəllər heç vaxt bu yoldan keçməmisiniz».
5 তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”
Yeşua xalqa dedi: «Özünüzü təqdis edin, çünki sabah Rəbb aranızda möcüzələr göstərəcək».
6 পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।
Kahinlərə isə Yeşua belə dedi: «Əhd sandığını götürün və xalqın önündə gedin». Onlar da Əhd sandığını götürüb xalqın önündə getdilər.
7 যিহোৱাই যিহোচূৱাক ক’লে, “মই মোচিৰ লগত থকাৰ দৰে তোমাৰ লগতো যে আছোঁ, ইয়াক গোটেই ইস্ৰায়েলে জানিবৰ বাবে, মই আজি তেওঁলোকৰ দৃষ্টিত তোমাক গৌৰৱান্বিত কৰিম।
Rəbb Yeşuaya dedi: «Bu gün Mən səni bütün İsraillilərin gözündə ucaltmağa başlayacağam ki, onlar Musa ilə olduğum kimi səninlə də olduğumu bilsinlər.
8 তুমি নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক এই আজ্ঞা কৰা যে, ‘যেতিয়া তোমালোকে গৈ যৰ্দ্দনৰ পানীৰ দাঁতি পাবা, তেতিয়া যৰ্দ্দন নদীত তোমালোকে ৰৈ থাকিবা’।”
Sən isə Əhd sandığını daşıyan kahinlərə əmr edib deyəcəksən: “Siz İordan çayının kənarına çatanda İordan çayına girib dayanın”».
9 তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
Yeşua İsrail övladlarına dedi: «Buraya yaxınlaşın və Allahınız Rəbbin sözlərini eşidin».
10 ১০ জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
Yeşua dedi: «Var olan Allahın aranızda olmasını buradan biləcəksiniz ki, O sizin önünüzdən hökmən Kənanlıları, Xetliləri, Xivliləri, Perizliləri, Qirqaşlıları, Emorluları və Yevusluları qovacaq.
11 ১১ চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।
Budur, bütün yer üzünün Sahibinin Əhd sandığı sizin önünüzdən keçib İordan çayına girəcək.
12 ১২ এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
İndi isə özünüzə hər qəbilədən bir adam olmaqla İsrail qəbilələrindən on iki adam götürün.
13 ১৩ সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
Bütün yer üzünün Sahibi Rəbbin sandığını daşıyan kahinlərin ayaqları İordan çayının sularına dəyən kimi çayın suları kəsiləcək, yuxarıdan axan sular yığın halında dayanacaq».
14 ১৪ পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;
Xalq çadırlarından çıxıb İordan çayını keçmək üçün irəliləyirdi və Əhd sandığını daşıyan kahinlər xalqın önündə gedirdilər.
15 ১৫ পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
Biçin ərzində İordan çayının suları daşıb sahilləri basırdı. Sandığı daşıyan kahinlər İordana girəndə və onların ayaqları çayın sularına dəyəndə
16 ১৬ ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
yuxarıdan axan sular çox uzaqda Sartan yanında olan Adam şəhərində yığın halında dayanıb qalxdı. Arava dənizinə, yəni Duz dənizinə axan sular tamamilə kəsildi. Xalq çayı Yerixonun qarşısından keçdi.
17 ১৭ আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।
Rəbbin Əhd sandığını daşıyan kahinlər isə İordan çayının ortasında quru yerdə möhkəm durmuşdular. Bütün İsraillilər İordan çayını tamamilə keçənə qədər quru yerdə gedirdilər.

< যোশুয়া 3 >