< যোশুয়া 16 >

1 যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল। 2 পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল। 3 তাৰ পৰা এই সীমা তললৈ নামি যফ্‌লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল। 4 এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে। 5 নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে, 6 আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷ 7 পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷ 8 আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল। 9 ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল। 10 ১০ তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।

< যোশুয়া 16 >