< যোশুয়া 15 >

1 দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
猶大支派按着宗族拈鬮所得之地是在儘南邊,到以東的交界,向南直到尋的曠野。
2 তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
他們的南界是從鹽海的儘邊,就是從朝南的海汊起,
3 অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
通到亞克拉濱坡的南邊,接連到尋,上到加低斯‧巴尼亞的南邊,又過希斯崙,上到亞達珥,繞到甲加,
4 পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
接連到押們,通到埃及小河,直通到海為止。這就是他們的南界。
5 যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
東界是從鹽海南邊到約旦河口。北界是從約旦河口的海汊起,
6 এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
上到伯‧曷拉,過伯‧亞拉巴的北邊,上到呂便之子波罕的磐石;
7 পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
從亞割谷往北,上到底璧,直向河南亞都冥坡對面的吉甲;又接連到隱‧示麥泉,直通到隱‧羅結,
8 তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
上到欣嫩子谷,貼近耶布斯的南界(耶布斯就是耶路撒冷);又上到欣嫩谷西邊的山頂,就是在利乏音谷極北的邊界;
9 পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
又從山頂延到尼弗多亞的水源,通到以弗崙山的城邑,又延到巴拉(巴拉就是基列‧耶琳);
10 ১০ পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
又從巴拉往西繞到西珥山,接連到耶琳山的北邊(耶琳就是基撒崙);又下到伯‧示麥過亭納,
11 ১১ আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
通到以革倫北邊,延到施基崙,接連到巴拉山;又通到雅比聶,直通到海為止。
12 ১২ পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
西界就是大海和靠近大海之地。這是猶大人按着宗族所得之地四圍的交界。
13 ১৩ পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
約書亞照耶和華所吩咐的,將猶大人中的一段地,就是基列‧亞巴,分給耶孚尼的兒子迦勒。亞巴是亞衲族的始祖(基列‧亞巴就是希伯崙)。
14 ১৪ কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
迦勒就從那裏趕出亞衲族的三個族長,就是示篩、亞希幔、撻買;
15 ১৫ পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
又從那裏上去,攻擊底璧的居民。(這底璧從前名叫基列‧西弗。)
16 ১৬ সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
迦勒說:「誰能攻打基列‧西弗將城奪取,我就把我女兒押撒給他為妻。」
17 ১৭ তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
迦勒兄弟基納斯的兒子俄陀聶奪取了那城,迦勒就把女兒押撒給他為妻。
18 ১৮ সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
押撒過門的時候,勸丈夫向她父親求一塊田,押撒一下驢,迦勒問她說:「你要甚麼?」
19 ১৯ তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
她說:「求你賜福給我,你既將我安置在南地,求你也給我水泉。」她父親就把上泉下泉賜給她。
20 ২০ এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
以下是猶大支派按着宗族所得的產業。
21 ২১ ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
猶大支派儘南邊的城邑,與以東交界相近的,就是甲薛、以得、雅姑珥、
22 ২২ কীনা, দীমোনা, অদাদা,
基拿、底摩拿、亞大達、
23 ২৩ কেদচ, হাচোৰ, যিৎনন,
基低斯、夏瑣、以提楠、
24 ২৪ জীফলম, টেলন, বালোৎ৷
西弗、提鍊、比亞綠、
25 ২৫ হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
夏瑣‧哈大他、加略‧希斯崙(加略‧希斯崙就是夏瑣)、
26 ২৬ অমাম, চমা, মোলাদা,
亞曼、示瑪、摩拉大、
27 ২৭ হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
哈薩‧迦大、黑實門、伯‧帕列、
28 ২৮ হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
哈薩‧書亞、別是巴、比斯約他、
29 ২৯ বালা, ইয়ীম, এচম,
巴拉、以因、以森、
30 ৩০ ইল্টুলদ, কচীল, হৰ্মা,
伊勒多臘、基失、何珥瑪、
31 ৩১ চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
洗革拉、麥瑪拿、三撒拿、
32 ৩২ লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
利巴勿、實忻、亞因、臨門,共二十九座城,還有屬城的村莊。
33 ৩৩ পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
在高原有以實陶、瑣拉、亞實拿、
34 ৩৪ জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
撒挪亞、隱‧干寧、他普亞、以楠、
35 ৩৫ যৰ্মূত, অদুল্লম, চোকো, অজেকা,
耶末、亞杜蘭、梭哥、亞西加、
36 ৩৬ চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
沙拉音、亞底他音、基底拉、基底羅他音,共十四座城,還有屬城的村莊。
37 ৩৭ চনান, হদাচা, মিগ্দল-গাদ,
又有洗楠、哈大沙、麥大‧迦得、
38 ৩৮ দিলিয়ন, মিস্পি, যক্তেল,
底連、米斯巴、約帖、
39 ৩৯ লাখীচ, বস্কৎ, ইগ্লোন৷
拉吉、波斯加、伊磯倫、
40 ৪০ কব্বোন, লহমম, কিৎলীচ,
迦本、拉幔、基提利、
41 ৪১ গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
基低羅、伯‧大袞、拿瑪、瑪基大,共十六座城,還有屬城的村莊。
42 ৪২ লিব্‌না, এথৰ, আচন,
又有立拿、以帖、亞珊、
43 ৪৩ যিপ্তহ, অস্না, নচীব,
益弗他、亞實拿、尼悉、
44 ৪৪ কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
基伊拉、亞革悉、瑪利沙,共九座城,還有屬城的村莊。
45 ৪৫ ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
又有以革倫和屬以革倫的鎮市村莊;
46 ৪৬ ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
從以革倫直到海,一切靠近亞實突之地,並屬其地的村莊。
47 ৪৭ অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
亞實突和屬亞實突的鎮市村莊;迦薩和屬迦薩的鎮市村莊;直到埃及小河,並大海和靠近大海之地。
48 ৪৮ পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
在山地有沙密、雅提珥、梭哥、
49 ৪৯ দন্না, কিৰিয়ৎ-চন্না,
大拿、基列‧薩拿(基列‧薩拿就是底璧)、
50 ৫০ অনাব, ইষ্টিমোৱা, আনীম,
亞拿伯、以實提莫、亞念、
51 ৫১ গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
歌珊、何倫、基羅,共十一座城,還有屬城的村莊。
52 ৫২ অৰাব, দুমা, ইচিয়ন,
又有亞拉、度瑪、以珊、
53 ৫৩ যানীম, বৈৎ-তপ্পূহ, অফেকা,
雅農、伯‧他普亞、亞非加、
54 ৫৪ হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
宏他、基列‧亞巴(基列‧亞巴就是希伯崙)、洗珥,共九座城,還有屬城的村莊。
55 ৫৫ মায়োন, কৰ্মিল, জীফ, যুত্তা,
又有瑪雲、迦密、西弗、淤他、
56 ৫৬ যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
耶斯列、約甸、撒挪亞、
57 ৫৭ কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
該隱、基比亞、亭納,共十座城,還有屬城的村莊。
58 ৫৮ হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
又有哈忽、伯‧夙、基突、
59 ৫৯ মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
瑪臘、伯‧亞諾、伊勒提君,共六座城,還有屬城的村莊。
60 ৬০ কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
又有基列‧巴力(基列‧巴力就是基列‧耶琳)、拉巴,共兩座城,還有屬城的村莊。
61 ৬১ মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
在曠野有伯‧亞拉巴、密丁、西迦迦、
62 ৬২ নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
匿珊、鹽城、隱‧基底,共六座城,還有屬城的村莊。
63 ৬৩ কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।
至於住耶路撒冷的耶布斯人,猶大人不能把他們趕出去,耶布斯人卻在耶路撒冷與猶大人同住,直到今日。

< যোশুয়া 15 >