< যোহন 1 >

1 আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
In the Beginning the Word was; and the Word was with God; and the Word was God.
2 এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
He was in the Beginning with God;
3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
through him all things came into being, and nothing came into being apart from him.
4 জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
That which came into being in him was Life; and the Life was the Light of Man;
5 সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
and the Light shines in the darkness, and the darkness never overpowered it.
6 ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
There appeared a man sent from God, whose name was John;
7 তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
he came as a witness — to bear witness to the Light that through him all men might believe.
8 যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
He was not the Light, but he came to bear witness to the Light.
9 সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
That was the True Light which enlightens every man coming into the world.
10 ১০ তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
He was in the world; and through him the world came into being — yet the world did not know him.
11 ১১ যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
He came to his own — yet his own did not receive him.
12 ১২ কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
But to all who did receive him he gave power to become Children of God — to those who believe in his Name.
13 ১৩ তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
For not to natural conception, nor to human instincts, nor to will of man did they owe the new Life, but to God.
14 ১৪ সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
And the Word became Man, and dwelt among us, (We saw his glory — the glory of the Only Son sent from the Father), full of love and truth.
15 ১৫ যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
(John bears witness to him; he cried aloud — for it was he who spoke — “‘He who is Coming’ after me is now before me, for he was ever first”);
16 ১৬ আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
out of his fullness we have all received some gift, gift after gift of love;
17 ১৭ কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
for the Law was given through Moses, love and truth came through Jesus Christ.
18 ১৮ ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
No man has ever yet seen God; God the Only Son, who is ever with the Father — He has revealed him.
19 ১৯ যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
When the Jews sent some Priests and Levites to John from Jerusalem, to ask — “Who are you?”, his statement was this:
20 ২০ যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।”
He confessed and did not deny it, he confessed — “I am not the Christ.”
21 ২১ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”
“What then?” they asked. “Are you Elijah?” “No,” he said, “I am not.” “Are you ‘the Prophet’?” He answered, “No.”
22 ২২ তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
“Who then are you?” they continued; “tell us, that we may have some answer to give to those who have sent us. What do you say about yourself?”
23 ২৩ তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।”
“I,” he answered, “am — ‘The voice of one crying aloud in the Wilderness — “straighten the way of the Lord”’, as the Prophet Isaiah said.”
24 ২৪ যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে,
These men had been sent from the Pharisees;
25 ২৫ “আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
and their next question was: “Why then do you baptize, if you are not the Christ, nor Elijah, nor yet ‘the Prophet’?”
26 ২৬ যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়।
John’s answer was — “I baptize with water, but among you stands one whom you do not know;
27 ২৭ তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।”
he is coming after me, yet I am not worthy even to unfasten his sandal.”
28 ২৮ যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
All this took place at Bethany, across the Jordan, where John was then baptizing.
29 ২৯ পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
The next day John saw Jesus coming towards him, and exclaimed: “Here is the Lamb of God, who is to take away the sin of the world!
30 ৩০ এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল’।
It was of him that I spoke when I said ‘After me there is coming a man who is now before me, for he was ever First.’
31 ৩১ মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেই বাবে মই আহি পানীত বাপ্তিস্ম দিছোঁ।”
I myself did not know him, but, that he may be made known to Israel, I have come, baptizing with water.”
32 ৩২ তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ।
John also made this statement — “I have seen the Spirit descending as a dove out of the heavens, and it remained upon him.
33 ৩৩ মই তেওঁক চিনি নাপালোঁ। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
I myself did not know him, but he who sent me to baptize with water, he said to me ‘He upon whom you see the Spirit descending, and remaining upon him — he it is who baptizes with the Holy Spirit.’
34 ৩৪ মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
This I have seen myself, and I have declared my belief that he is the Son of God.”
35 ৩৫ পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
The next day, when John was standing with two of his disciples,
36 ৩৬ সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”
he looked at Jesus as he passed and exclaimed: “There is the Lamb of God!”
37 ৩৭ সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
The two disciples heard him say this, and followed Jesus.
38 ৩৮ যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
But Jesus turned round, and saw them following. “What are you looking for?” he asked. “Rabbi,” they answered (or, as we should say, ‘Teacher’), “where are you staying?”
39 ৩৯ যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
“Come, and you shall see,” he replied. So they went, and saw where he was staying, and spent that day with him. It was then about four in the afternoon.
40 ৪০ যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
One of the two, who heard what John said and followed Jesus, was Andrew, Simon Peter’s brother.
41 ৪১ তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
He first found his own brother Simon, and said to him: “We have found the Messiah!” (a word which means ‘Christ,’ or ‘Consecrated’.)
42 ৪২ আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
Then he brought him to Jesus. Fixing his eyes on him, Jesus said: “You are Simon, the son of John; you shall be called Kephas” (which means ‘Peter,’ or ‘Rock’).
43 ৪৩ পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
The following day Jesus decided to leave for Galilee. He found Philip, and said to him: “Follow me.”
44 ৪৪ ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
Philip was from Bethsaida, and a fellow-townsman of Andrew and Peter.
45 ৪৫ ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।”
He found Nathanael and said to him: “We have found him of whom Moses wrote in the Law, and of whom the Prophets also wrote — Jesus of Nazareth, Joseph’s son!”
46 ৪৬ নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
“Can anything good come out of Nazareth?” asked Nathanael. “Come and see,” replied Philip.
47 ৪৭ যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
When Jesus saw Nathanael coming towards him, he said: “Here is a true Israelite, in whom there is no deceit!”
48 ৪৮ নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
“How do you know me?” asked Nathanael. “Even before Philip called you,” replied Jesus, “when you were under the fig tree, I saw you.”
49 ৪৯ নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
“Rabbi,” Nathanael exclaimed, “you are the Son of God, you are King of Israel!”
50 ৫০ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
“Do you believe in me,” asked Jesus, “because I told you that I saw you under the fig tree? You shall see greater things than those!
51 ৫১ যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”
In truth I tell you,” he added, “you shall all see Heaven open, and ‘the angels of God ascending and descending’ upon the Son of Man.”

< যোহন 1 >