< যোহন 6 >

1 ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
Baada ya hayo, Yesu alivuka ziwa Galilaya (au Ziwa Tiberia).
2 তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
Umati mkubwa wa watu ulimfuata kwa sababu watu hao walikuwa wameona ishara alizokuwa akifanya kwa kuwaponya wagonjwa.
3 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
Yesu alipanda mlimani, akaketi pamoja na wanafunzi wake.
4 সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
Sikukuu ya Wayahudi iitwayo Pasaka ilikuwa imekaribia.
5 যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
Basi, Yesu na alipotazama na kuona umati wa watu ukija kwake, alimwambia Filipo, “Tununue wapi mikate ili watu hawa wapate kula?”
6 ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
(Alisema hivyo kwa kumjaribu Filipo, kwani alijua mwenyewe atakalofanya.)
7 ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
Filipo akamjibu, “Mikate ya denari mia mbili za fedha haiwatoshi watu hawa hata kama ila mmoja atapata kipande kidogo tu!”
8 যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
Mmoja wa wanafunzi wake aitwaye Andrea, nduguye Simoni Petro, akamwambia,
9 “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
“Yupo hapa mtoto mmoja aliye na mikate mitano ya shayiri na samaki wawili; lakini hivi vyatosha nini kwa watu wengi kama hawa?”
10 ১০ যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
Yesu akasema, “Waketisheni watu.” Palikuwa na nyasi tele mahali hapo. Basi, watu wakaketi, jumla yapata wanaume elfu tano.
11 ১১ তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
Yesu akaitwaa ile mikate, akamshukuru Mungu, akawagawia watu waliokuwa wameketi; akafanya vivyo hivyo na wale samaki, kila mtu akapata kadiri alivyotaka.
12 ১২ তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
Watu waliposhiba Yesu akawaambia wanafunzi wake, “Kusanyeni vipande vilivyobaki visipotee.”
13 ১৩ তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
Basi, wakakusanya vipande vya mikate ya shayiri walivyobakiza wale watu waliokula, wakajaza vikapu kumi na viwili.
14 ১৪ যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
Watu walipoiona ishara hiyo aliyoifanya Yesu, wakasema, “Hakika huyu ndiye nabii anayekuja ulimwenguni.”
15 ১৫ যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
Yesu akajua ya kuwa watu walitaka kumchukua wamfanye mfalme, akaondoka tena, akaenda mlimani peke yake.
16 ১৬ যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
Ilipokuwa jioni wanafunzi wake waliteremka hadi ziwani,
17 ১৭ তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
wakapanda mashua ili wavuke kwenda Kafarnaumu. Giza lilikuwa limeingia, na Yesu alikuwa hajawafikia bado.
18 ১৮ বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
Ziwa likaanza kuchafuka kwa sababu upepo mkali ulikuwa unavuma.
19 ১৯ শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
Wanafunzi walipokuwa wamekwenda umbali wa kilomita tano au sita, walimwona Yesu akitembea juu ya maji, anakaribia mashua; wakaogopa sana.
20 ২০ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
Yesu akawaambia, “Ni mimi, msiogope!”
21 ২১ শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
Walifurahi kumchukua Yesu katika mashua; na mara mashua ikawasili nchi kavu walipokuwa wanakwenda.
22 ২২ পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
Kesho yake umati wa watu wale waliobaki upande wa pili wa ziwa walitambua kwamba kulikuwa na mashua moja tu pale, na Yesu hakuingia katika mashua pamoja na wanafunzi wake, ila wanafunzi hao walikuwa wamekwenda zao peke yao.
23 ২৩ কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
Mashua nyingine kutoka Tiberia zilifika mahali hapo watu walipokula ile mikate, Bwana alipokwisha mshukuru Mungu.
24 ২৪ সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
Basi, hao watu walipogundua kwamba Yesu na wanafunzi wake hawakuwapo mahali hapo, walipanda mashua, wakaenda Kafarnaumu wakimtafuta.
25 ২৫ সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
Wale watu walipomkuta Yesu ng'ambo ya pili wa ziwa walimwuliza, “Mwalimu, ulifika lini hapa?”
26 ২৬ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
Yesu akawajibu, “Kweli nawaambieni, mnanitafuta si kwa kuwa mmeona ishara, bali kwa sababu mlikula ile mikate mkashiba.
27 ২৭ ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।” (aiōnios g166)
Msikishughulikie chakula kiharibikacho; kishugulikieni chakula kidumucho kwa ajili ya uzima wa milele. Mwana wa Mtu ambaye Baba amemthibitisha atawapeni chakula hicho.” (aiōnios g166)
28 ২৮ লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
Wao wakamwuliza, “Tufanye nini ili tuweze kuzitenda kazi za Mungu?”
29 ২৯ যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
Yesu akawajibu, “Hii ndiyo kazi anayotaka Mungu muifanye: kumwamini yule aliyemtuma.”
30 ৩০ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
Hapo wakamwambia, “Utafanya ishara gani ili tuione tupate kukuamini? Utafanya kitu gani?
31 ৩১ আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
Wazee wetu walikula mana kule jangwani, kama yasemavyo Maandiko: Aliwalisha mkate kutoka mbinguni.”
32 ৩২ যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
Yesu akawaambia, “Kweli nawaambieni, Mose hakuwapeni mkate kutoka mbinguni; Baba yangu ndiye awapaye ninyi mkate halisi kutoka mbinguni.
33 ৩৩ কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
Maana mkate wa Mungu ni yule ashukaye kutoka mbinguni na aupaye ulimwengu uzima.”
34 ৩৪ লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
Basi, wakamwambia, “Mheshimiwa, tupe daima mkate huo.”
35 ৩৫ যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
Yesu akawaambia, “Mimi ndimi mkate wa uzima. Anayekuja kwangu hataona njaa; anayeniamini hataona kiu kamwe.
36 ৩৬ মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
Lakini niliwaambieni kwamba ingawa mmeniona hamniamini.
37 ৩৭ পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
Wote anaonipa Baba watakuja kwangu; nami sitamtupa nje yeyote anayekuja kwangu,
38 ৩৮ কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
kwani nimeshuka kutoka mbinguni si kwa ajili ya kufanya matakwa yangu, ila kutimiza matakwa ya yule aliyenituma.
39 ৩৯ মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
Na matakwa ya yule aliyenituma ndiyo haya: nisimpoteze hata mmoja kati ya wale alionipa, ila niwafufue wote Siku ya mwisho.
40 ৪০ মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (aiōnios g166)
Maana anachotaka Baba yangu ndicho hiki: kila amwonaye Mwana na kumwamini awe na uzima wa milele; nami nitamfufua Siku ya mwisho.” (aiōnios g166)
41 ৪১ পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
Basi, Wayahudi wakaanza kunung'unika kwa kuwa alisema: “Mimi ni mkate ulioshuka kutoka mbinguni.”
42 ৪২ সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
Wakasema, “Je, huyu si mwana wa Yosefu? Tunawajua baba yake na mama yake! Basi, anawezaje kusema kwamba ameshuka kutoka mbinguni?”
43 ৪৩ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
Yesu akawaambia, “Acheni kunung'unika ninyi kwa ninyi.
44 ৪৪ যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
Hakuna mtu awezaye kuja kwangu, Baba aliyenituma asipomvuta kwangu; nami nitamfufua mtu huyo Siku ya mwisho.
45 ৪৫ ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
Manabii wameandika: Watu wote watafundishwa na Mungu. Kila mtu anayemsikia Baba na kujifunza kutoka kwake, huja kwangu.
46 ৪৬ কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
Hii haina maana kwamba yupo mtu aliyemwona Baba, isipokuwa yule aliyetoka kwa Mungu; huyo ndiye aliyemwona Baba.
47 ৪৭ মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। (aiōnios g166)
Kweli, nawaambieni, anayeamini anao uzima wa milele. (aiōnios g166)
48 ৪৮ জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
Mimi ni mkate wa uzima.
49 ৪৯ আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
Wazee wenu walikula mana kule jangwani, lakini walikufa.
50 ৫০ স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
Huu ndio mkate kutoka mbinguni; mkate ambao anayekula hatakufa.
51 ৫১ স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” (aiōn g165)
Mimi ni mkate hai ulioshuka kutoka mbinguni. Mtu yeyote akila mkate huu ataishi milele. Na mkate nitakaompa ni mwili wangu ninaoutoa kwa ajili ya uzima wa ulimwengu.” (aiōn g165)
52 ৫২ এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
Ndipo Wayahudi wakaanza kubishana kati yao:
53 ৫৩ যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
Yesu akawaambia, “Kweli nawaambieni, msipokula mwili wa Mwana wa Mtu na kunywa damu yake, hamtakuwa na uzima ndani yenu.
54 ৫৪ যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। (aiōnios g166)
Anayekula mwili wangu na kunywa damu yangu anao uzima wa milele nami nitamfufua siku ya mwisho. (aiōnios g166)
55 ৫৫ কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
Maana mwili wangu ni chakula cha kweli, na damu yangu ni kinywaji cha kweli.
56 ৫৬ যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
Aulaye mwili wangu na kunywa damu yangu, akaa ndani yangu, nami nakaa ndani yake.
57 ৫৭ যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
Baba aliye hai alinituma, nami naishi kwa sababu yake; vivyo hivyo anilaye mimi ataishi pia kwa sababu yangu.
58 ৫৮ স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” (aiōn g165)
Basi, huu ndio mkate ulioshuka kutoka mbinguni; si kama mana waliyokula babu zetu, wakafa. Aulaye mkate huu ataishi milele.” (aiōn g165)
59 ৫৯ এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
Yesu alisema hayo alipokuwa akifundisha katika sunagogi kule Kafarnaumu.
60 ৬০ যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
Basi, wengi wa wafuasi wake waliposikia hayo, wakasema, “Haya ni mambo magumu! Nani awezaye kuyasikiliza?”
61 ৬১ যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
Yesu alijua bila kuambiwa na mtu kwamba wanafunzi wake walikuwa wananung'unika juu ya jambo hilo, akawauliza, “Je, jambo hili linawafanya muwe na mashaka?
62 ৬২ মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
Itakuwaje basi, mtakapomwona Mwana wa Mtu akipanda kwenda kule alikokuwa kwanza?
63 ৬৩ আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
Roho ndiye atiaye uzima; binadamu peke yake hawezi. Maneno niliyowaambieni ni Roho, ni uzima.
64 ৬৪ কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
Hata hivyo, wako baadhi yenu wasioamini.” (Yesu alisema hivyo kwani alijua tangu mwanzo ni kina nani wasioamini, na pia ni nani atakayemsaliti.)
65 ৬৫ তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
Kisha akasema, “Ndiyo maana niliwaambieni kwamba hakuna awezaye kuja kwangu asipowezeshwa na Baba yangu.”
66 ৬৬ ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
Kutokana na hayo, wengi wa wafuasi wake walirudi nyuma wasiandamane naye tena.
67 ৬৭ যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
Basi, Yesu akawauliza wale kumi na wawili, “Je, nanyi pia mwataka kwenda zenu?”
68 ৬৮ চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। (aiōnios g166)
Simoni Petro akamjibu, “Bwana, tutakwenda kwa nani? Wewe unayo maneno yaletayo uzima wa milele. (aiōnios g166)
69 ৬৯ আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
Sisi tunaamini, na tunajua kwamba wewe ndiwe yule Mtakatifu wa Mungu.”
70 ৭০ যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
Yesu akawaambia, “Je, sikuwachagua ninyi kumi na wawili? Hata hivyo, mmoja wenu ni Ibilisi!”
71 ৭১ ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
Yesu alisema hayo juu ya Yuda, mwana wa Simoni Iskarioti; maana huyu alikuwa ndiye atakayemsaliti, ingawa alikuwa mmoja wa wale kumi na wawili.

< যোহন 6 >