< যোহন 6 >

1 ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
ויהי אחרי כן ויצא ישוע אל עבר ים הגליל אשר לטיבריה׃
2 তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
וילכו אחריו המון עם רב כי ראו אותתיו אשר עשה עם החולים׃
3 পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
ויעל ישוע על ההר וישב שם הוא ותלמידיו׃
4 সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
וימי הפסח חג היהודים קרבו לבוא׃
5 যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
וישא ישוע את עיניו וירא עם רב בא אליו ויאמר אל פילפוס מאין נקנה להם לחם לאכל׃
6 ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
ואך למען נסות אתו דבר זאת כי הוא ידע את אשר יעשה׃
7 ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
ויען אתו פילפוס לחם מאתים דינר לא ימצא להם לקחת לו איש איש מעט׃
8 যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
ויאמר אליו אחד מתלמידיו אנדרי אחי שמעון פטרוס׃
9 “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
יש פה נער אשר לו חמש ככרות לחם שערים ושני דגים אך אלה מה המה לעם רב כזה׃
10 ১০ যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
ויאמר ישוע צוו את העם לשבת ארצה וירק דשא לרב היה במקום ההוא וישבו לארץ כחמשת אלפי איש במספר׃
11 ১১ তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
ויקח ישוע את ככרות הלחם ויברך ויתן לתלמידיו והתלמידים אל המסבים וככה גם מן הדגים כאות נפשם׃
12 ১২ তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
ויהי כאשר שבעו ויאמר אל תלמידיו אספו את פתותי לחם הנותרים למען לא יאבד מאומה׃
13 ১৩ তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
ויאספו וימלאו שנים עשר סלים בפתותי חמש ככרות לחם השערים הנותרים לאכליהם׃
14 ১৪ যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
ויהי כראות האנשים את האות הזה אשר עשה ישוע ויאמרו הנה זה הוא באמת הנביא הבא לעולם׃
15 ১৫ যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
וידע ישוע כי יבאו ויתפשהו להמליך אותו וימלט עוד הפעם אל ההר הוא לבדו׃
16 ১৬ যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
ויהי בערב וירדו תלמידיו אל הים ויבאו באניה ויעברו אל עבר הים אל כפר נחום׃
17 ১৭ তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
ויכס אתם החשך וישוע לא בא אליהם׃
18 ১৮ বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
ויסער הים כי רוח גדולה נושבת׃
19 ১৯ শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
והם חתרו במשוטיהם כדרך עשרים וחמש או שלשים ריס ויראו את ישוע מתהלך על הים הלוך וקרב אל האניה וייראו׃
20 ২০ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
ויאמר אליהם אני הוא אל תיראו׃
21 ২১ শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
ויואילו לקחת אתו אל האניה ורגע הגיעה האניה לארץ אשר הם הלכים שמה׃
22 ২২ পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
ויהי ממחרת וירא המון העם העמד מעבר לים כי לא היתה אניה בזה בלתי אחת אשר ירדו בה תלמידיו וכי ישוע לא בא עם תלמידיו אל האניה אך תלמידיו לבדם נסעו מזה׃
23 ২৩ কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
ואניות אחרות באו מטיברים קרוב למקום אשר אכלו שם את הלחם בברכת האדון׃
24 ২৪ সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
ויהי כראות המון העם כי ישוע איננו שם אף לא תלמידיו וירדו גם הם באניות ויבאו אל כפר נחום לבקש את ישוע׃
25 ২৫ সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
וכאשר מצאו אתו מעבר הים ויאמרו אליו רבי מתי באת הלם׃
26 ২৬ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
ויען אתם ישוע ויאמר אמן אמן אני אמר לכם לא על ראותכם את האתות תבקשוני כי אם על אשר אכלתם מן הלחם ותשבעו׃
27 ২৭ ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।” (aiōnios g166)
אל תעמלו במאכל אשר יאבד כי אם במאכל הקים לחיי עולמים אשר בן האדם יתננו לכם כי בו חתם חותמו אביו האלהים׃ (aiōnios g166)
28 ২৮ লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
ויאמרו אליו מה נעשה לפעל פעלות אלהים׃
29 ২৯ যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
ויען ישוע ויאמר אליהם זאת פעלת אלהים כי תאמינו בזה אשר הוא שלחו׃
30 ৩০ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
ויאמרו אליו מה אפוא האות אשר תעשה למעננראה ונאמין בך מה תפעל׃
31 ৩১ আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
אבותינו אכלו את המן במדבר כאשר כתוב לחם מן השמים נתן למו לאכל׃
32 ৩২ যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
ויאמר אליהם ישוע אמן אמן אני אמר לכם לא משה נתן לכם את הלחם מן השמים כי אם אבי נתן לכם את הלחם מן השמים האמתי׃
33 ৩৩ কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
כי לחם אלהים הוא היורד מן השמים ונתן חיים לעולם׃
34 ৩৪ লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
ויאמרו אליו אדני תנה לנו תמיד את הלחם הזה׃
35 ৩৫ যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
ויאמר להם ישוע אנכי הוא לחם החיים כל הבא אלי לא ירעב ואשר יאמין בי לא יצמא עוד׃
36 ৩৬ মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
ואני הנה אמרתי לכם כי גם חזיתם אתי ולא תאמינו׃
37 ৩৭ পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
כל אשר יתננו לי אבי יבוא אלי והבא אלי לא אהדפנו החוצה׃
38 ৩৮ কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
כי ירדתי מן השמים לא לעשות רצוני כי אם רצון שלחי׃
39 ৩৯ মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
וזה רצון האב אשר שלחני כי כל אשר נתן לי לא יאבד לי כי אם אקימנו ביום האחרון׃
40 ৪০ মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (aiōnios g166)
וזה רצון שלחי אשר כל הראה את הבן ומאמין בו יהיו לו חיי עולמים ואני אקימנו ביום האחרון׃ (aiōnios g166)
41 ৪১ পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
וילנו עליו היהודים על אמרו אנכי הוא הלחם הירד מן השמים׃
42 ৪২ সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
ויאמרו הלא זה הוא ישוע בן יוסף אשר אנחנו ידעים את אביו ואת אמו ואיך יאמר מן השמים באתי׃
43 ৪৩ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
ויען ישוע ויאמר אליהם אל תלינו איש אל רעהו׃
44 ৪৪ যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
לא יוכל איש לבוא אלי בלתי אם ימשכהו אבי אשר שלחני ואני אקימנו ביום האחרון׃
45 ৪৫ ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
הלא כתוב בנביאים וכל בניך למודי יהוה לכן כל אשר שמע מן האב ולמד יבא אלי׃
46 ৪৬ কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
לא כאלו ראה איש את האב בלתי הבא מאת האלהים הוא ראה את האלהים׃
47 ৪৭ মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। (aiōnios g166)
אמן אמן אני אמר לכם המאמין בי לו חיי עולמים׃ (aiōnios g166)
48 ৪৮ জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
אנכי הוא לחם החיים׃
49 ৪৯ আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
אבותיכם אכלו את המן במדבר וימתו׃
50 ৫০ স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
זה הוא הלחם הירד מן השמים למען יאכל איש ממנו ולא ימות׃
51 ৫১ স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” (aiōn g165)
אנכי הלחם החי הירד מן השמים איש כי יאכל מן הלחם הזה יחיה לעולם והלחם אשר אתננו הוא בשרי אשר אני נתן בעד חיי העולם׃ (aiōn g165)
52 ৫২ এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
ויתוכחו היהודים איש עם רעהו לאמר איכה יוכל זה לתת לנו את בשרו לאכל׃
53 ৫৩ যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
ויאמר אליהם ישוע אמן אמן אני אמר לכם אם לא תאכלו את בשר בן האדם ושתיתם את דמו אין לכם חיים בקרבכם׃
54 ৫৪ যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। (aiōnios g166)
האכל את בשרי והשתה את דמי יש לו חיי עולמים ואני אקימנו ביום האחרון׃ (aiōnios g166)
55 ৫৫ কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
כי בשרי באמת הוא מאכל ודמי באמת הוא משקה׃
56 ৫৬ যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
האכל את בשרי ושתה את דמי הוא ילין בי ואני בו׃
57 ৫৭ যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
כאשר שלחני האב החי ואנכי חי בגלל אבי כן האכל אתי גם הוא יחיה בגללי׃
58 ৫৮ স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” (aiōn g165)
זה הוא הלחם הירד מן השמים לא כאשר אכלו אבותיכם את המן וימתו האכל את הלחם הזה יחיה לעולם׃ (aiōn g165)
59 ৫৯ এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
כזאת דבר בבית הכנסת בלמדו בכפר נחום׃
60 ৬০ যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
ורבים מתלמידיו כשמעם אמרו קשה הדבר הזה מי יוכל לשמע אתו׃
61 ৬১ যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
ויבן ישוע בלבו כי תלמידיו מלינים על זאת ויאמר אליהם הזאת לכם למכשול׃
62 ৬২ মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
מה אפוא אם תראו את בן האדם עלה אל אשר היה שם לפנים׃
63 ৬৩ আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
הרוח הוא הנתן חיים והבשר אין בו מועיל הדברים אשר אני דברתי אליכם רוח המה וחיים המה׃
64 ৬৪ কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
אך יש מכם אשר לא יאמינו כי ישוע ידע מראש מי הם אשר אינם מאמינים ומי המוסר אתו׃
65 ৬৫ তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
ויאמר על כן אמרתי לכם כי לא יוכל איש לבוא אלי בלתי אם נתן לו מאת אבי׃
66 ৬৬ ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
מן העת הזאת רבים מתלמידיו נסגו אחור ולא יספו להתהלך אתו׃
67 ৬৭ যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
ויאמר ישוע אל שנים העשר היש את נפשכם גם אתם לסור ממני׃
68 ৬৮ চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। (aiōnios g166)
ויען אתו שמעון פטרוס אדני אל מי נלך דברי חיי עולמים עמך׃ (aiōnios g166)
69 ৬৯ আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
ואנחנו האמנו ונדע כי אתה המשיח בן אל חי׃
70 ৭০ যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
ויען אתם ישוע הלא בחרתי אני בכם שנים העשר ואחד מכם שטן הוא׃
71 ৭১ ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
זאת אמר על יהודה בן שמעון איש קריות כי עתיד היה למסרו והוא אחד משנים העשר׃

< যোহন 6 >