< যোহন 4 >

1 যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
Yesu atazindikira kuti Afarisi amva zoti Iye ankapeza ndi kubatiza ophunzira ambiri kupambana Yohane,
2 যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
(ngakhale kuti Yesuyo sankabatiza, koma ophunzira ake).
3 তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।
Iye anachoka ku Yudeya ndi kubwereranso ku Galileya.
4 গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
Ndipo Iye anayenera kudutsa mu Samariya.
5 তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
Iye anafika mʼmudzi wa Asamariya wotchedwa Sukari, pafupi ndi malo amene Yakobo anapatsa mwana wake Yosefe.
6 সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
Chitsime cha Yakobo chinali pamenepo ndipo Yesu atatopa ndi ulendo anakhala pansi pambali pa chitsimecho. Nthawi inali pafupifupi ora lachisanu ndi chimodzi masana.
7 এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক ক’লে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
Mayi wa Chisamariya atabwera kudzatunga madzi, Yesu anati kwa iye, “Kodi ungandipatse madzi akumwa.”
8 সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
(Ophunzira ake nʼkuti atapita mʼmudzi kukagula chakudya).
9 সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।
Mayiyo anati kwa Iye, “Inu ndinu Myuda ndipo ine ndine Msamariya. Bwanji mukundipempha madzi akumwa?” (Popeza Ayuda ndi Asamariya sankayanjana).
10 ১০ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
Yesu anamuyankha kuti, “Koma iwe ukanadziwa mphatso ya Mulungu ndi Iye amene akukupempha madzi akumwa, ukanamupempha ndipo akanakupatsa madzi amoyo.”
11 ১১ সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
Mayiyo anati, “Ambuye, Inu mulibe kanthu kotungira madzi ndipo chitsime ndi chakuya. Kodi madzi amoyowo mungawatenge kuti?
12 ১২ আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
Kodi Inu ndinu wamkulu kuposa kholo lathu Yakobo, amene anatipatsa chitsimechi ndipo iye ankamwanso monga anachita ana ake ndi ziweto zake?”
13 ১৩ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
Yesu anayankha kuti, “Aliyense amene amamwa madzi awa amamvanso ludzu,
14 ১৪ কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।” (aiōn g165, aiōnios g166)
koma aliyense amene adzamwa madzi amene Ine ndidzamupatsa sadzamvanso ludzu. Ndithudi, madzi amene ndidzamupatsa adzakhala kasupe wamadzi wotumphukira ku moyo wosatha.” (aiōn g165, aiōnios g166)
15 ১৫ সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
Mayiyo anati kwa Iye, “Ambuye, patseni madzi amenewo kuti ndisadzamvenso ludzu ndi kumabwerabe kuno kudzatunga madzi.”
16 ১৬ যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
Iye anamuwuza kuti, “Pita kayitane mwamuna wako ndipo ubwere naye.”
17 ১৭ সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
Iye anayankha kuti, “Ine ndilibe mwamuna.” Yesu anati kwa iye, “Wakhoza ponena kuti ulibe mwamuna.
18 ১৮ কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
Zoona nʼzakuti iwe wakhala pa banja ndi amuna asanu, ndipo mwamuna amene uli naye tsopano si wako. Zimene wanenazi ndi zoona.”
19 ১৯ সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
Mayiyo anati, “Ambuye, ine ndazindikira kuti Inu ndinu mneneri.
20 ২০ আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
Makolo athu ankapembedza mʼphiri ili koma inu Ayuda mumati malo amene tiyenera kupembedzera ali ku Yerusalemu.”
21 ২১ যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
Yesu anati, “Mayi inu khulupirira Ine. Nthawi ikubwera pamene inu simudzapembedza Atate mʼphiri ili kapena mu Yerusalemu.
22 ২২ তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
Inu Asamariya mumapembedza chimene simukuchidziwa. Ife timapembedza chimene tikuchidziwa, pakuti chipulumutso nʼchochokera kwa Ayuda.
23 ২৩ কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
Koma nthawi ikubwera ndipo yafika kale tsopano pamene opembedza woona adzapembedza Atate mu mzimu ndi mʼchoonadi, pakuti opembedza otere ndiwo amene Atate akuwafuna.
24 ২৪ ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
Mulungu ndi Mzimu, ndipo omupembedza Iye ayenera kumupembedza mu mzimu ndi mʼchoonadi.”
25 ২৫ সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
Mayiyo anati, “Ine ndikudziwa kuti Mesiya (wotchedwa Khristu) akubwera. Akabwera, Iye adzafotokoza zonse kwa ife.”
26 ২৬ যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
Ndipo Yesu anamuwuza kuti, “Amene ndikukuyankhulane, ndine amene.”
27 ২৭ তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
Pa nthawi yomweyo ophunzira ake anabwerera ndipo anadabwa kupeza Iye akuyankhula ndi mayi. Koma palibe amene anamufunsa kuti, “Kodi mukufuna chiyani?” kapena, “Nʼchifukwa chiyani mukuyankhula naye?”
28 ২৮ সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
Kenaka mayiyo anasiya mtsuko wamadzi, nabwerera ku mzinda ndipo anati kwa anthu,
29 ২৯ “আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
“Tiyeni mukaone munthu amene wandiwuza ine zilizonse zimene ndinazichita. Kodi ameneyu sangakhale Khristu?”
30 ৩০ তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
Iwo anatuluka mʼmudziwo ndi kupita kumene kunali Iye.
31 ৩১ ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
Pa nthawi imeneyi ndi kuti ophunzira ake akumukakamiza kuti, “Rabi idyani.”
32 ৩২ কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
Koma Iye anawawuza kuti, “Ine ndili ndi chakudya choti ndidye chimene inu simukuchidziwa.”
33 ৩৩ শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
Ndipo ophunzira ake anafunsana wina ndi mnzake kuti, “Kodi alipo wina amene anamubweretsera Iye chakudya?”
34 ৩৪ যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
Yesu anati, “Chakudya changa ndikuchita chifuniro cha Iye amene anandituma Ine ndi kumaliza ntchito yake.
35 ৩৫ তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
Kodi inu simunena kuti, ‘Kwatsala miyezi inayi ndipo kenaka kukolola?’ Ine ndikukuwuzani kuti, tsekulani maso anu ndipo muyangʼane mʼminda! Mbewu zacha kale kuti zikololedwe.
36 ৩৬ যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে। (aiōnios g166)
Ngakhale tsopano amene akukolola akulandira malipiro ake, ndipo akututa mbewu ku moyo wosatha kuti wofesa ndi wokolola asangalale pamodzi. (aiōnios g166)
37 ৩৭ ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
Nʼchifukwa chake mawu akuti, ‘Wina amafesa ndipo wina amakolola’ ndi woona.
38 ৩৮ মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
Ine ndinakutumani kukakolola zimene simunagwirire ntchito. Ena anagwira ntchito yolemetsa ndipo inu mwatuta phindu la ntchito yawo.”
39 ৩৯ যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
Asamariya ambiri ochokera mʼmudziwo anakhulupirira Iye chifukwa cha umboni wa mayiyo wakuti, “Iye anandiwuza ine zonse ndinazichita.”
40 ৪০ লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
Choncho Asamariya atabwera kwa Iye, anamuwumiriza Iye kuti akhale nawo, ndipo Iye anakhala nawo masiku awiri.
41 ৪১ তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
Ndipo chifukwa cha mawu ake, ena ambiri anakhulupirira.
42 ৪২ তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
Iwo anati kwa mayiyo, “Ife sitikukhulupirira chifukwa cha mawu ako okha, koma tsopano ife tadzimvera tokha, ndipo tikudziwa kuti munthu uyu ndithu ndi Mpulumutsi wa dziko lapansi.”
43 ৪৩ দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
Patatha masiku awiri Iye anachoka napita ku Galileya.
44 ৪৪ কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
(Tsopano Yesu mwini ananena kale kuti mneneri salandira ulemu mʼdziko lake).
45 ৪৫ তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
Iye atafika ku Galileya, Agalileya anamulandira. Iwo anali ataona zonse zimene anazichita mu Yerusalemu pa phwando la Paska, pakuti iwonso anali komweko.
46 ৪৬ পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
Iye anakafikanso ku Kana wa ku Galileya, kumene anasanduliza madzi kukhala vinyo. Ndipo kumeneko kunali nduna ina ya mfumu imene mwana wake wamwamuna anali chigonere akudwala ku Kaperenawo.
47 ৪৭ তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
Munthu uyu atamva kuti Yesu wafika ku Galileya kuchokera ku Yudeya, anapita kwa Iye, namupempha kuti apite akachiritse mwana wakeyo, amene anali pafupi kufa.
48 ৪৮ যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
Yesu anawawuza iwo kuti, “Anthu inu pokhapokha mutaona zizindikiro zodabwitsa, simudzakhulupirira.”
49 ৪৯ সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
Nduna ya mfumuyo inati, “Ambuye tiyeni mwana wanga asanafe.”
50 ৫০ যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
Yesu anayankha kuti, “Pita. Mwana wako adzakhala ndi moyo.” Munthuyo anakhulupirira mawu a Yesu ndipo ananyamuka.
51 ৫১ তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
Iye ali pa njira, antchito ake anakumana naye, namuwuza kuti mwana wanu uja wachira.
52 ৫২ তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
Iye atafunsa kuti ndi nthawi yanji imene mwana wake anapeza bwino, iwo anati kwa iye, “Malungo anamusiya iye dzulo pa ora lachisanu ndi chiwiri.”
53 ৫৩ ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
Ndipo bamboyo anazindikira kuti iyi inali nthawi yomweyo imene Yesu anati kwa iye, “Mwana wako adzakhala ndi moyo.” Choncho iye ndi onse a pa banja lake anakhulupirira.
54 ৫৪ যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।
Ichi ndiye chinali chizindikiro chodabwitsa chachiwiri chimene Yesu anachita atafika ku Galileya kuchokera ku Yudeya.

< যোহন 4 >