< যোহন 19 >

1 তেতিয়া পীলাতে যীচুক চাবুকেৰে কোবাবলৈ আদেশ দিলে।
Konsa, Pilate te pran Jésus epi te bat Li ak fwèt.
2 তাৰ পাছত সৈন্য সকলে কাঁইটেৰে কিৰীটি সাজি যীচুৰ মূৰত দি, বেঙেনা কাপোৰ পিন্ধালে;
Sòlda yo te trese yon kouwòn pikan e te mete li sou tèt Li. Yo te abiye Li ak yon gwo vètman mov.
3 ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।
Yo t ap repete pawòl: “Sali, Wa Jwif Yo!” epi t ap bay Li kou nan figi li.
4 পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক’লে, “চোৱা, মই এওঁত একো দোষ নাপালোঁ আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।”
Pilate te parèt deyò ankò epi te di: “Gade byen, mwen mennen L devan nou ankò pou nou ka konnen ke m pa twouve okenn koupabilite nan Li.”
5 এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু উজ্বল বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে “চোৱা, এই জনেই সেই মানুহ!”
Konsa Jésus te vin parèt abiye avèk kouwòn pikan an ak gwo vètman mov la. Epi Pilate te di yo: “Gade nonm nan!”
6 তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়া সকলে যীচুক দেখি, আটাহ পাৰি ক’লে, “ক্রুচত দিয়ক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, “তোমালোকে নিজে এওঁক নি ক্রুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালোঁ।”
Konsa, lè chèf prèt yo ak ofisye yo te wè Li, yo te kriye fò e te di: “Krisifye! Krisifye!” Pilate te di yo: “Pran Li nou menm epi krisifye Li, paske mwen pa twouve okenn koupabilite nan Li.”
7 ইহুদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।”
Jwif yo te reponn li: “Nou gen yon lwa, e pa lwa sila a, Li dwe mouri paske Li te fè kòmsi se Fis a Bondye Li ye.”
8 তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে,
Lè Pilate te tande pawòl sila a, li te vin krent plis.
9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
Li te lantre ankò nan tribinal la e te di a Jésus: “Kote Ou soti?” Men Jésus pa t reponn li.
10 ১০ তেতিয়া পীলাতে তেওঁক ক’লে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?”
Pou sa, Pilate te di L: “Ou pa pale avè m? Èske Ou pa konnen ke m gen otorite pou krisifye Ou?”
11 ১১ যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
Jésus te reponn Li: “Ou pa t ap gen otorite sou Mwen si li pa t soti anwo. Konsa, sila a ki livre M bay ou a gen pi gwo peche.”
12 ১২ এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।”
Akoz sa a, Pilate te fè yon efò pou lage Li, men Jwif yo te kriye fò epi te di: “Si ou lage nonm sila a, ou pa zanmi a César. Nenpòt moun ki fè kòmsi se yon wa li ye, se lènmi a César.”
13 ১৩ এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলপতা নামেৰে ঠাইত সোধ-বিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
Lè konsa, Pilate te tande pawòl sa yo, li te mennen Jésus deyò, e te chita sou chèz jijman an nan plas yo rele Pave a, men an Ebre Gabbatha.
14 ১৪ তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা”
Se te Jou Preparasyon pou Pak Jwif la. Li te anviwon sizyèm lè. Li te di a Jwif yo: “Men Wa nou!”
15 ১৫ তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
Pou sa yo te kriye fò: “Fè L soti, fè L soti, krisifye L!” Pilate te di yo: “Èske m ta krisifye Wa nou an?” Chèf prèt yo te reponn: “Nou pa gen okenn lòt wa ke César.”
16 ১৬ তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
Konsa, li te livre Li pou krisifye. Yo te pran Li, epi te mennen L ale.
17 ১৭ তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
Li te soti e t ap pote pwòp kwa Li vè plas ke yo rele Plas a Zo Tèt Mò a, ke nan lang Ebre yo rele Golgotha.
18 ১৮ সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
La yo te krisifye Li, ansanm avèk de lòt mesye yo, youn nan chak kote avèk Jésus nan mitan.
19 ১৯ পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
Pilate te ekri yon enskripsyon, e te mete li sou kwa a. Li te di “Jésus de Nazareth, Wa Jwif Yo.”
20 ২০ এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
Konsa, anpil nan Jwif yo te li enskripsyon sila a, paske plas kote Jésus te krisifye a te prè vil la, e li te ekri nan Ebre, Latin ak Grèk.
21 ২১ এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।”
Epi chèf prèt yo t ap di a Pilate: “Pa ekri ‘Wa Jwif yo’, men ke ‘Li te di: “Mwen se Wa Jwif yo.”’
22 ২২ পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
Pilate te reponn “Sa ke m ekri a, mwen ekri nèt”.
23 ২৩ পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
Sòlda yo, lè yo te fin krisifye Jésus te pran tout vètman li epi fè kat pati. Yon pati pou chak sòlda, anplis tinik la. Konsa, tinik la te yon sèl moso twal san koud soti anwo, jis rive anba.
24 ২৪ এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
Akoz sa yo te di youn ak lòt, annou pa chire li, men tire osò pou li, pou deside pou kilès li dwe ye. Konsa, yo te akonpli Lekriti a ki te di: “Yo te divize vètman Mwen yo pami yo, e pou rad Mwen yo tire osò.” Pou sa a, sòlda yo te fè bagay sa yo.
25 ২৫ এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।
Men manman Li, sè a manman Li, Marie, madanm a Cléopas, ak Marie Magdalène t ap kanpe prè kwa Jésus a.
26 ২৬ যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে, “হে নাৰী, চোৱা, তোমাৰ পুত্ৰ”!
Konsa, lè Jésus te wè manman L ak disip ke Li te renmen an, ki te kanpe toupre a, Li te di a manman: “Fanm, men gade fis ou!”
27 ২৭ তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল।
Epi Li te di a disip la: “Men gade manman ou!” Depi lè sa, disip la te pran li pou rete tankou manm lakay li.
28 ২৮ ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, “মোৰ পিয়াহ লাগিছে”।
Apre sa Jésus, byen konnen ke tout bagay te deja acheve, pou Lekriti a ta kapab akonpli, te di: “Mwen swaf.”
29 ২৯ সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
Yon bokal ranpli avèk diven si te kanpe la. Epi yo te mete yon eponj ranpli avèk diven si a sou yon branch izòp pou te lonje l anwo vè bouch Li.
30 ৩০ তাতে যীচুৱে সেই চিৰকা পাই ক’লে, “সিদ্ধ হ’ল”; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।
Konsa, lè Jésus te resevwa diven si a, Li te di: “Li se fini!” Epi Li te bese tèt Li e te rann lespri Li.
31 ৩১ সেইদিন আয়োজনদিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰ-দিন আছিল, কিয়নো সেইদিনা নিস্তাৰপৰ্বৰ দিনো আছিল), এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
Pou sa, Jwif yo, akoz ke se te Jou Preparasyon an, e ke kò yo pa ta dwe rete sou lakwa pandan Saba a, pwiske Saba a te yon gwo jou sen, te mande Pilate pou kase janm tout moun yo, pou yo ta kapab retire yo.
32 ৩২ তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে।
Konsa, sòlda yo te vini e te kase janm a premye mesye a, epi lòt ki te krisifye avèk li a.
33 ৩৩ কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
Men lè yo vini sou Jésus, yo te wè ke Li te deja mouri, epi yo pa t kase janm Li yo.
34 ৩৪ তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
Men youn nan sòlda yo te frennen akote Li avèk yon lans, epi imedyatman, san mele avèk dlo te soti.
35 ৩৫ এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
E sila a ki wè gen tan bay temwaye, epi temwayaj li vrè. E li konnen ke l ap di laverite, pou nou tout kapab kwè.
36 ৩৬ কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল।
Paske bagay sa yo te vin pase, pou Lekriti a ta kapab akonpli “Pa menm yon zo nan Li va kase.”
37 ৩৭ ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।
E ankò yon lòt Ekriti di “Yo va gade sila a ke yo pèse a.”
38 ৩৮ ইয়াৰ পাছত অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীচুৰ এজন শিষ্যই, যি জন ইহুদী সকলৰ ভয়ত গোপনে আছিল, সেই জনে যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ সুধিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গ’ল।
Apre bagay sa yo, Joseph d'Arimathée, ki te yon disip a Jésus, men an sekrè akoz perèz a Jwif yo, te mande Pilate pou l kite li pran kò Jésus. E Pilate te bay li pèmisyon.
39 ৩৯ তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
Nicodème ki te vini premyèman kote li nan nwit lan te vini tou. Yo t ap pote yon melanj lami avèk epis lalwa ki te peze kon pwa anviwon san liv.
40 ৪০ এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷
Konsa, yo te pran kò a Jésus, epi te vlope l avèk twal lèn avèk epis selon koutim lantèman a Jwif yo.
41 ৪১ আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
Nan plas kote Li te krisifye a, te gen yon jaden, e nan jaden an yon tonm nèf kote pèsòn poko te poze.
42 ৪২ কাৰণ সেইদিনা ইহুদী সকলৰ আয়োজনদিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।
Pou sa, akoz jou Preparasyon Jwif la, e akoz ke tonm nan te prè, yo te poze Jésus la.

< যোহন 19 >