< যোহন 18 >

1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
Nígbà tí Jesu sì ti sọ nǹkan wọ̀nyí tán, ó jáde pẹ̀lú àwọn ọmọ-ẹ̀yìn rẹ̀ lọ sókè odò Kidironi, níbi tí àgbàlá kan wà, nínú èyí tí ó wọ̀, Òun àti àwọn ọmọ-ẹ̀yìn rẹ̀.
2 শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
Judasi, ẹni tí ó fihàn, sì mọ ibẹ̀ pẹ̀lú, nítorí nígbà púpọ̀ ni Jesu máa ń lọ síbẹ̀ pẹ̀lú àwọn ọmọ-ẹ̀yìn rẹ̀.
3 তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
Nígbà náà ni Judasi, lẹ́yìn tí ó ti gba ẹgbẹ́ ọmọ-ogun, àti àwọn oníṣẹ́ láti ọ̀dọ̀ àwọn olórí àlùfáà àti àwọn Farisi wá síbẹ̀ ti àwọn ti fìtílà àti ògùṣọ̀, àti ohun ìjà.
4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
Nítorí náà bí Jesu ti mọ ohun gbogbo tí ń bọ̀ wá bá òun, ó jáde lọ, ó sì wí fún wọn pé, “Ta ni ẹyin ń wá?”
5 তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
Wọ́n sì dá a lóhùn wí pé, “Jesu ti Nasareti.” Jesu sì wí fún wọn pé, “Èmi nìyí.” (Àti Judasi ọ̀dàlẹ̀, dúró pẹ̀lú wọn).
6 যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।
Nítorí náà bí ó ti wí fún wọn pé, “Èmi nìyí,” wọ́n bì sẹ́yìn, wọ́n sì ṣubú lulẹ̀.
7 তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”
Nítorí náà ó tún bi wọ́n léèrè, wí pé, “Ta ni ẹ ń wá?” Wọ́n sì wí pé, “Jesu ti Nasareti.”
8 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
Jesu dáhùn pé, “Mo ti wí fún yín pé, èmi nìyí. Ǹjẹ́ bí èmi ni ẹ bá ń wá, ẹ jẹ́ kí àwọn wọ̀nyí máa lọ.”
9 তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
Kí ọ̀rọ̀ nì kí ó lè ṣẹ, èyí tó wí pé, “Àwọn tí ìwọ fi fún mi, èmi kò sọ ọ̀kan nù nínú wọn.”
10 ১০ তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।
Nígbà náà ni Simoni Peteru ẹni tí ó ní idà, fà á yọ, ó sì ṣá ọmọ ọ̀dọ̀ olórí àlùfáà, ó sì ké etí ọ̀tún rẹ̀ sọnù. Orúkọ ìránṣẹ́ náà a máa jẹ́ Makọọsi.
11 ১১ তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
Nítorí náà Jesu wí fún Peteru pé, “Tẹ idà rẹ bọ inú àkọ̀ rẹ, ago tí baba ti fi fún mi, èmi ó ṣe aláìmu ún bí?”
12 ১২ তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
Nígbà náà ni ẹgbẹ́ ọmọ-ogun àti olórí ẹ̀ṣọ́, àti àwọn oníṣẹ́ àwọn Júù mú Jesu, wọ́n sì dè é.
13 ১৩ প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
Wọ́n kọ́kọ́ fà á lọ sọ́dọ̀ Annasi; nítorí òun ni àna Kaiafa, ẹni tí í ṣe olórí àlùfáà ní ọdún náà.
14 ১৪ এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
Kaiafa sá à ni ẹni tí ó ti bá àwọn Júù gbìmọ̀ pé, ó ṣàǹfààní kí ènìyàn kan kú fún àwọn ènìyàn.
15 ১৫ তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
Simoni Peteru sì ń tọ Jesu lẹ́yìn, àti ọmọ-ẹ̀yìn mìíràn kan: ọmọ-ẹ̀yìn náà jẹ́ ẹni mí mọ̀ fún olórí àlùfáà, ó sì bá Jesu wọ ààfin olórí àlùfáà lọ.
16 ১৬ কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
Ṣùgbọ́n Peteru dúró ní ẹnu-ọ̀nà lóde. Nígbà náà ni ọmọ-ẹ̀yìn mìíràn náà tí í ṣe ẹni mí mọ̀ fún olórí àlùfáà jáde, ó sì bá olùṣọ́nà náà sọ̀rọ̀, ó sì mú Peteru wọlé.
17 ১৭ তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”
Nígbà náà ni ọmọbìnrin náà tí ń ṣọ́ ẹnu-ọ̀nà wí fún Peteru pé, “Ìwọ pẹ̀lú ha ń ṣe ọ̀kan nínú àwọn ọmọ-ẹ̀yìn ọkùnrin yìí bí?” Ó wí pé, “Èmi kọ́.”
18 ১৮ সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
Àwọn ọmọ ọ̀dọ̀ àti àwọn aláṣẹ sì dúró níbẹ̀, àwọn ẹni tí ó ti dáná nítorí ti òtútù mú, wọ́n sì ń yáná, Peteru sì dúró pẹ̀lú wọn, ó ń yáná.
19 ১৯ তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
Nígbà náà ni olórí àlùfáà bi Jesu léèrè ní ti àwọn ọmọ-ẹ̀yìn rẹ̀, àti ní ti ẹ̀kọ́ rẹ̀.
20 ২০ যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
Jesu dá a lóhùn pé, “Èmi ti sọ̀rọ̀ ní gbangba fún aráyé; nígbà gbogbo ni èmi ń kọ́ni nínú Sinagọgu, àti ní tẹmpili níbi tí gbogbo àwọn Júù ń péjọ sí, èmi kò sì sọ ohun kan ní ìkọ̀kọ̀.
21 ২১ আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
Èéṣe tí ìwọ fi ń bi mí léèrè? Béèrè lọ́wọ́ àwọn tí ó ti gbọ́ ọ̀rọ̀ mi, ohun tí mo wí fún wọn: wò ó, àwọn wọ̀nyí mọ ohun tí èmi wí.”
22 ২২ যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
Bí ó sì ti wí èyí tan, ọ̀kan nínú àwọn aláṣẹ tí ó dúró tì í fi ọwọ́ rẹ̀ lu Jesu, pé, “Alábojútó àlùfáà ni ìwọ ń dá lóhùn bẹ́ẹ̀?”
23 ২৩ যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
Jesu dá a lóhùn pé, “Bí mo bá sọ̀rọ̀ búburú, jẹ́rìí sí búburú náà, ṣùgbọ́n bí rere bá ni, èéṣe tí ìwọ fi ń lù mí?”
24 ২৪ তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
Nítorí Annasi rán an lọ ní dídè sọ́dọ̀ Kaiafa olórí àlùfáà.
25 ২৫ তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
Ṣùgbọ́n Simoni Peteru dúró, ó sì ń yáná. Nígbà náà ni wọ́n wí fún un pé, “Ìwọ pẹ̀lú ha jẹ́ ọ̀kan nínú àwọn ọmọ-ẹ̀yìn rẹ̀?” Ó sì sẹ́, wí pé, “Èmi kọ́.”
26 ২৬ মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
Ọ̀kan nínú àwọn ọmọ ọ̀dọ̀ olórí àlùfáà, tí ó jẹ́ ìbátan ẹni tí Peteru gé etí rẹ̀ sọnù, wí pé, “Èmi ko ha rí ọ pẹ̀lú rẹ̀ ní àgbàlá?”
27 ২৭ তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
Peteru tún sẹ́: lójúkan náà àkùkọ sì kọ.
28 ২৮ ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
Nígbà náà, wọ́n fa Jesu láti ọ̀dọ̀ Kaiafa lọ sí ibi gbọ̀ngàn ìdájọ́, ó sì jẹ́ kùtùkùtù òwúrọ̀; àwọn tìkára wọn kò wọ inú gbọ̀ngàn ìdájọ́, kí wọn má ṣe di aláìmọ́, ṣùgbọ́n kí wọn lè jẹ àsè ìrékọjá.
29 ২৯ এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
Nítorí náà Pilatu jáde tọ̀ wọ́n lọ, ó sì wí pé, “Ẹ̀sùn kín ní ẹ̀yin mú wá fun ọkùnrin yìí?”
30 ৩০ তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
Wọ́n sì dáhùn wí fún un pé, “Ìbá má ṣe pé ọkùnrin yìí ń hùwà ibi, a kì bá tí fà á lé ọ lọ́wọ́.”
31 ৩১ তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
Nítorí náà Pilatu wí fún wọn pé, “Ẹ mú un tìkára yín, kí ẹ sì ṣe ìdájọ́ rẹ̀ gẹ́gẹ́ bí òfin yín.” Nítorí náà ni àwọn Júù wí fún un pé, “Kò tọ́ fún wa láti pa ẹnikẹ́ni.”
32 ৩২ কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
Kí ọ̀rọ̀ Jesu ba à lè ṣẹ, èyí tí ó sọ tí ó ń ṣàpẹẹrẹ irú ikú tí òun yóò kú.
33 ৩৩ এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
Nítorí náà, Pilatu tún wọ inú gbọ̀ngàn ìdájọ́ lọ, ó sì pe Jesu, ó sì wí fún un pé, “Ìwọ ha ni a pè ni ọba àwọn Júù bí?”
34 ৩৪ যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
Jesu dáhùn pé, “Èrò ti ara rẹ ni èyí, tàbí àwọn ẹlòmíràn sọ ọ́ fún ọ nítorí mi?”
35 ৩৫ পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
Pilatu dáhùn wí pé, “Èmi ha jẹ́ Júù bí? Àwọn ọmọ orílẹ̀-èdè rẹ, àti àwọn olórí àlùfáà ni ó fà ọ́ lé èmi lọ́wọ́, kín ní ìwọ ṣe?”
36 ৩৬ যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
Jesu dáhùn wí pé, “Ìjọba mi kì í ṣe ti ayé yìí. Ìbá ṣe pé ìjọba mi jẹ́ ti ayé yìí, àwọn ìránṣẹ́ mi ìbá jà, kí a má ba à fi mí lé àwọn Júù lọ́wọ́, ṣùgbọ́n nísinsin yìí ìjọba mi kì í ṣe láti ìhín lọ.”
37 ৩৭ তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
Nítorí náà, Pilatu wí fún un pé, “Ọba ni ọ́ nígbà náà?” Jesu dáhùn wí pé, “Ìwọ wí pé, ọba ni èmi jẹ́. Nítorí èyí ni a ṣe bí mí, àti nítorí ìdí èyí ni mo sì ṣe wá sí ayé kí n lè jẹ́rìí sí òtítọ́, olúkúlùkù ẹni tí í ṣe ti òtítọ́ ń gbọ́ ohùn mi.”
38 ৩৮ পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
Pilatu wí fún un pé, “Kín ni òtítọ́?” Nígbà tí ó sì ti wí èyí tan, ó tún jáde tọ àwọn Júù lọ, ó sì wí fún wọn pé, “Èmi kò rí ẹ̀ṣẹ̀ kan lọ́wọ́ rẹ̀.
39 ৩৯ তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
Ṣùgbọ́n ẹ̀yin ní àṣà kan pé, kí èmi dá ọ̀kan sílẹ̀ fún yín nígbà àjọ ìrékọjá, nítorí náà ẹ ó ha fẹ́ kí èmi dá ọba àwọn Júù sílẹ̀ fún yín bí?”
40 ৪০ তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।
Nítorí náà gbogbo wọn tún kígbe pé, “Kì í ṣe ọkùnrin yìí, bí kò ṣe Baraba!” Ọlọ́ṣà sì ni Baraba.

< যোহন 18 >