< যোহন 18 >

1 যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্ৰোন্নামকং স্ৰোত উত্তীৰ্য্য শিষ্যৈঃ সহ তত্ৰত্যোদ্যানং প্ৰাৱিশৎ|
2 শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
কিন্তু ৱিশ্ৱাসঘাতিযিহূদাস্তৎ স্থানং পৰিচীযতে যতো যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং কদাচিৎ তৎ স্থানম্ অগচ্ছৎ|
3 তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
তদা স যিহূদাঃ সৈন্যগণং প্ৰধানযাজকানাং ফিৰূশিনাঞ্চ পদাতিগণঞ্চ গৃহীৎৱা প্ৰদীপান্ উল্কান্ অস্ত্ৰাণি চাদায তস্মিন্ স্থান উপস্থিতৱান্|
4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
স্ৱং প্ৰতি যদ্ ঘটিষ্যতে তজ্ জ্ঞাৎৱা যীশুৰগ্ৰেসৰঃ সন্ তানপৃচ্ছৎ কং গৱেষযথ?
5 তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
তে প্ৰত্যৱদন্, নাসৰতীযং যীশুং; ততো যীশুৰৱাদীদ্ অহমেৱ সঃ; তৈঃ সহ ৱিশ্ৱাসঘাতী যিহূদাশ্চাতিষ্ঠৎ|
6 যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।
তদাহমেৱ স তস্যৈতাং কথাং শ্ৰুৎৱৈৱ তে পশ্চাদেত্য ভূমৌ পতিতাঃ|
7 তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”
ততো যীশুঃ পুনৰপি পৃষ্ঠৱান্ কং গৱেষযথ? ততস্তে প্ৰত্যৱদন্ নাসৰতীযং যীশুং|
8 যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
তদা যীশুঃ প্ৰত্যুদিতৱান্ অহমেৱ স ইমাং কথামচকথম্; যদি মামন্ৱিচ্ছথ তৰ্হীমান্ গন্তুং মা ৱাৰযত|
9 তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
ইত্থং ভূতে মহ্যং যাল্লোকান্ অদদাস্তেষাম্ একমপি নাহাৰযম্ ইমাং যাং কথাং স স্ৱযমকথযৎ সা কথা সফলা জাতা|
10 ১০ তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।
১০তদা শিমোন্পিতৰস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকৰ্ণং ছিন্নৱান্|
11 ১১ তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
১১ততো যীশুঃ পিতৰম্ অৱদৎ, খঙ্গং কোষে স্থাপয মম পিতা মহ্যং পাতুং যং কংসম্ অদদাৎ তেনাহং কিং ন পাস্যামি?
12 ১২ তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
১২তদা সৈন্যগণঃ সেনাপতি ৰ্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুৰস্য সমীপং প্ৰথমম্ অনযন্|
13 ১৩ প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
১৩স কিযফাস্তস্মিন্ ৱৎসৰে মহাযাজৎৱপদে নিযুক্তঃ
14 ১৪ এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
১৪সন্ সাধাৰণলোকানাং মঙ্গলাৰ্থম্ একজনস্য মৰণমুচিতম্ ইতি যিহূদীযৈঃ সাৰ্দ্ধম্ অমন্ত্ৰযৎ|
15 ১৫ তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
১৫তদা শিমোন্পিতৰোঽন্যৈকশিষ্যশ্চ যীশোঃ পশ্চাদ্ অগচ্ছতাং তস্যান্যশিষ্যস্য মহাযাজকেন পৰিচিতৎৱাৎ স যীশুনা সহ মহাযাজকস্যাট্টালিকাং প্ৰাৱিশৎ|
16 ১৬ কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
১৬কিন্তু পিতৰো বহিৰ্দ্ৱাৰস্য সমীপেঽতিষ্ঠদ্ অতএৱ মহাযাজকেন পৰিচিতঃ স শিষ্যঃ পুনৰ্বহিৰ্গৎৱা দৌৱাযিকাযৈ কথযিৎৱা পিতৰম্ অভ্যন্তৰম্ আনযৎ|
17 ১৭ তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”
১৭তদা স দ্ৱাৰৰক্ষিকা পিতৰম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি|
18 ১৮ সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
১৮ততঃ পৰং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোৰঙ্গাৰৈ ৰ্ৱহ্নিং প্ৰজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতৰস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আৰভত|
19 ১৯ তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
১৯তদা শিষ্যেষূপদেশে চ মহাযাজকেন যীশুঃ পৃষ্টঃ
20 ২০ যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
২০সন্ প্ৰত্যুক্তৱান্ সৰ্ৱ্ৱলোকানাং সমক্ষং কথামকথযং গুপ্তং কামপি কথাং ন কথযিৎৱা যৎ স্থানং যিহূদীযাঃ সততং গচ্ছন্তি তত্ৰ ভজনগেহে মন্দিৰে চাশিক্ষযং|
21 ২১ আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
২১মত্তঃ কুতঃ পৃচ্ছসি? যে জনা মদুপদেশম্ অশৃণ্ৱন্ তানেৱ পৃচ্ছ যদ্যদ্ অৱদং তে তৎ জানিন্ত|
22 ২২ যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
২২তদেত্থং প্ৰত্যুদিতৎৱাৎ নিকটস্থপদাতি ৰ্যীশুং চপেটেনাহত্য ৱ্যাহৰৎ মহাযাজকম্ এৱং প্ৰতিৱদসি?
23 ২৩ যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
২৩ততো যীশুঃ প্ৰতিগদিতৱান্ যদ্যযথাৰ্থম্ অচকথং তৰ্হি তস্যাযথাৰ্থস্য প্ৰমাণং দেহি, কিন্তু যদি যথাৰ্থং তৰ্হি কুতো হেতো ৰ্মাম্ অতাডযঃ?
24 ২৪ তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
২৪পূৰ্ৱ্ৱং হানন্ সবন্ধনং তং কিযফামহাযাজকস্য সমীপং প্ৰৈষযৎ|
25 ২৫ তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
২৫শিমোন্পিতৰস্তিষ্ঠন্ ৱহ্নিতাপং সেৱতে, এতস্মিন্ সমযে কিযন্তস্তম্ অপৃচ্ছন্ ৎৱং কিম্ এতস্য জনস্য শিষ্যো ন? ততঃ সোপহ্নুত্যাব্ৰৱীদ্ অহং ন ভৱামি|
26 ২৬ মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
২৬তদা মহাযাজকস্য যস্য দাসস্য পিতৰঃ কৰ্ণমচ্ছিনৎ তস্য কুটুম্বঃ প্ৰত্যুদিতৱান্ উদ্যানে তেন সহ তিষ্ঠন্তং ৎৱাং কিং নাপশ্যং?
27 ২৭ তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
২৭কিন্তু পিতৰঃ পুনৰপহ্নুত্য কথিতৱান্; তদানীং কুক্কুটোঽৰৌৎ|
28 ২৮ ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
২৮তদনন্তৰং প্ৰত্যূষে তে কিযফাগৃহাদ্ অধিপতে ৰ্গৃহং যীশুম্ অনযন্ কিন্তু যস্মিন্ অশুচিৎৱে জাতে তৈ ৰ্নিস্তাৰোৎসৱে ন ভোক্তৱ্যং, তস্য ভযাদ্ যিহূদীযাস্তদ্গৃহং নাৱিশন্|
29 ২৯ এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
২৯অপৰং পীলাতো বহিৰাগত্য তান্ পৃষ্ঠৱান্ এতস্য মনুষ্যস্য কং দোষং ৱদথ?
30 ৩০ তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
৩০তদা তে পেত্যৱদন্ দুষ্কৰ্ম্মকাৰিণি ন সতি ভৱতঃ সমীপে নৈনং সমাৰ্পযিষ্যামঃ|
31 ৩১ তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
৩১ততঃ পীলাতোঽৱদদ্ যূযমেনং গৃহীৎৱা স্ৱেষাং ৱ্যৱস্থযা ৱিচাৰযত| তদা যিহূদীযাঃ প্ৰত্যৱদন্ কস্যাপি মনুষ্যস্য প্ৰাণদণ্ডং কৰ্ত্তুং নাস্মাকম্ অধিকাৰোঽস্তি|
32 ৩২ কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
৩২এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|
33 ৩৩ এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
৩৩তদনন্তৰং পীলাতঃ পুনৰপি তদ্ ৰাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং ৰাজা?
34 ৩৪ যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
৩৪যীশুঃ প্ৰত্যৱদৎ ৎৱম্ এতাং কথাং স্ৱতঃ কথযসি কিমন্যঃ কশ্চিন্ মযি কথিতৱান্?
35 ৩৫ পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
৩৫পীলাতোঽৱদদ্ অহং কিং যিহূদীযঃ? তৱ স্ৱদেশীযা ৱিশেষতঃ প্ৰধানযাজকা মম নিকটে ৎৱাং সমাৰ্পযন, ৎৱং কিং কৃতৱান্?
36 ৩৬ যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
৩৬যীশুঃ প্ৰত্যৱদৎ মম ৰাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম ৰাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তৰ্হি যিহূদীযানাং হস্তেষু যথা সমৰ্পিতো নাভৱং তদৰ্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম ৰাজ্যম্ ঐহিকং ন|
37 ৩৭ তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
৩৭তদা পীলাতঃ কথিতৱান্, তৰ্হি ৎৱং ৰাজা ভৱসি? যীশুঃ প্ৰত্যুক্তৱান্ ৎৱং সত্যং কথযসি, ৰাজাহং ভৱামি; সত্যতাযাং সাক্ষ্যং দাতুং জনিং গৃহীৎৱা জগত্যস্মিন্ অৱতীৰ্ণৱান্, তস্মাৎ সত্যধৰ্ম্মপক্ষপাতিনো মম কথাং শৃণ্ৱন্তি|
38 ৩৮ পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
৩৮তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনৰপি বহিৰ্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপৰাধং ন প্ৰাপ্নোমি|
39 ৩৯ তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
৩৯নিস্তাৰোৎসৱসমযে যুষ্মাভিৰভিৰুচিত একো জনো মযা মোচযিতৱ্য এষা যুষ্মাকং ৰীতিৰস্তি, অতএৱ যুষ্মাকং নিকটে যিহূদীযানাং ৰাজানং কিং মোচযামি, যুষ্মাকম্ ইচ্ছা কা?
40 ৪০ তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।
৪০তদা তে সৰ্ৱ্ৱে ৰুৱন্তো ৱ্যাহৰন্ এনং মানুষং নহি বৰব্বাং মোচয| কিন্তু স বৰব্বা দস্যুৰাসীৎ|

< যোহন 18 >