< যোহন 16 >

1 “মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
ESTAS cosas os he hablado, para que no os escandalicéis.
2 মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
Os echarán de las sinagogas; y aun viene la hora, cuando cualquiera que os matare, pensará que hace servicio á Dios.
3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
Y estas cosas os harán, porque no conocen al Padre ni á mí.
4 কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
Mas os he dicho esto, para que cuando aquella hora viniere, os acordéis que yo os lo había dicho. Esto empero no os lo dije al principio, porque yo estaba con vosotros.
5 কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
Mas ahora voy al que me envió; y ninguno de vosotros me pregunta: ¿Adónde vas?
6 কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
Antes, porque os he hablado estas cosas, tristeza ha henchido vuestro corazón.
7 তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
Empero yo os digo la verdad: Os es necesario que yo vaya: porque si yo no fuese, el Consolador no vendría á vosotros; mas si yo fuere, os le enviaré.
8 তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
Y cuando él viniere redargüirá al mundo de pecado, y de justicia, y de juicio:
9 তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
De pecado ciertamente, por cuanto no creen en mí;
10 ১০ ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
Y de justicia, por cuanto voy al Padre, y no me veréis más;
11 ১১ আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
Y de juicio, por cuanto el príncipe de este mundo es juzgado.
12 ১২ তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
Aun tengo muchas cosas que deciros, mas ahora no las podéis llevar.
13 ১৩ কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
Pero cuando viniere aquel Espíritu de verdad, él os guiará á toda verdad; porque no hablará de sí mismo, sino que hablará todo lo que oyere, y os hará saber las cosas que han de venir.
14 ১৪ তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
El me glorificará: porque tomará de lo mío, y os [lo] hará saber.
15 ১৫ পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
Todo lo que tiene el Padre, mío es: por eso dije que tomará de lo mío, y os [lo] hará saber.
16 ১৬ কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
Un poquito, y no me veréis; y otra vez un poquito, y me veréis: porque yo voy al Padre.
17 ১৭ তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
Entonces dijeron [algunos] de sus discípulos unos á otros: ¿Qué es esto que nos dice: Un poquito, y no me veréis; y otra vez un poquito, y me veréis: y, porque yo voy al Padre?
18 ১৮ এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
Decían pues: ¿Qué es esto que dice: Un poquito? No entendemos lo que habla.
19 ১৯ যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
Y conoció Jesús que le querían preguntar, y díjoles: ¿Preguntáis entre vosotros de esto que dije: Un poquito, y no me veréis, y otra vez un poquito, y me veréis?
20 ২০ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
De cierto, de cierto os digo, que vosotros lloraréis y lamentaréis, y el mundo se alegrará: empero aunque vosotros estaréis tristes, vuestra tristeza se tornará en gozo.
21 ২১ প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
La mujer cuando pare, tiene dolor, porque es venida su hora; mas después que ha parido un niño, ya no se acuerda de la angustia, por el gozo de que haya nacido un hombre en el mundo.
22 ২২ ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
También, pues, vosotros ahora ciertamente tenéis tristeza; mas otra vez os veré, y se gozará vuestro corazón, y nadie quitará de vosotros vuestro gozo.
23 ২৩ সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
Y aquel día no me preguntaréis nada. De cierto, de cierto os digo, que todo cuanto pidiereis al Padre en mi nombre, os [lo] dará.
24 ২৪ এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
Hasta ahora nada habéis pedido en mi nombre: pedid, y recibiréis, para que vuestro gozo sea cumplido.
25 ২৫ এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
Estas cosas os he hablado en proverbios: la hora viene cuando ya no os hablaré por proverbios, pero claramente os anunciaré del Padre.
26 ২৬ সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
Aquel día pediréis en mi nombre: y no os digo, que yo rogaré al Padre por vosotros;
27 ২৭ কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
Pues el mismo Padre os ama, porque vosotros me amasteis, y habéis creído que yo salí de Dios.
28 ২৮ মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
Salí del Padre, y he venido al mundo: otra vez dejo el mundo, y voy al Padre.
29 ২৯ তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
Dícenle sus discípulos: He aquí, ahora hablas claramente, y ningún proverbio dices.
30 ৩০ এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
Ahora entendemos que sabes todas las cosas, y no necesitas que nadie te pregunte: en esto creemos que has salido de Dios.
31 ৩১ যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
Respondióles Jesús: ¿Ahora creéis?
32 ৩২ চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
He aquí, la hora viene, y ha venido, que seréis esparcidos cada uno por su parte, y me dejaréis solo: mas no estoy solo, porque el Padre está conmigo.
33 ৩৩ এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Estas cosas os he hablado, para que en mí tengáis paz. En el mundo tendréis aflicción: mas confiad, yo he vencido al mundo.

< যোহন 16 >