< যোহন 13 >

1 ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
Ke paki jaanma daa ki pundi, Jesu den bani ke o yogu pundi ke o baa guani o ba po yeni yaa buanma ke o pia o niba po yeni li juodima.
2 তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
Mɔla Sitaani kua Suda Isikariyoti Simo bijua yua baa kuadi Jesu.
3 যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
Jesu den bani ke o ba mubini o bonli kuli ke wan mo den baa U Tienu po i ke gɔ den baa guani o kani.
4 তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
Wan jeni ki gbeni, o landi o liadili ki taa li cabili ki bugi.
5 তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
ki nuudi o ŋuadikaaba taana ki fiadi yeni li cabli yia ke o bugi yeni.
6 তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
Wan pundi Simo pieri kani, ke o maadi o: «Yonmidaano, a bua ŋuudi n taana yaaa?»
7 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”
ke Jesu ŋmiani o: «I kan gbadi min tieni yaala ne niima nni, yoguba yaa kaa.»
8 পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।” (aiōn g165)
Pieri madi o: «A kan ŋuudi n taana paliba.» ke Jesu yedi o: N yaa ki ŋuudi a taana, a ki pia n kani libakuli.» (aiōn g165)
9 তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
Simɔn Pieri maadi o: «yonmidaano, daa ŋuudi n taani o baba ka, ŋuudi n yuli yeni n nui mɔ»
10 ১০ যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
Jesu ŋmiani o: «Yudi ki ŋuudi a taana ji kpaani ban ŋuudi o ki pugini kaa wan fidiki ŋanbi ke yaa ŋani, yi yan, ama yi kuli kaa»
11 ১১ কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ ক’লে, “তোমালোক সকলো নিৰ্মল নহয়।”
Jesu den bani yua bi kudi o, laa po n cedike oden maadi: «yi kuli kaa ŋani»
12 ১২ যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?
Jesu n ŋuudi bi taana ki gbeni, ki gadi ki kali yeni o tiadi, ki maadi ba: «yi bani min tieni yaala?
13 ১৩ তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।
I yin yonmidaano yen canbaa.
14 ১৪ এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
Li yaa sua min canba yeni yonmidaano n ŋuudi i taana, i mɔ n yaa ŋuudi i lieba taana.
15 ১৫ কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
kelima binbiiguken teni ike lan fidi ke mɔ n yaa tie nani min tieni yeni.
16 ১৬ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।
I mɔni yeni i mɔni, n maadi i: tuonsɔnlo ki cie o canba; yeni mɔ ke o tandi o kicie yua sɔni o.
17 ১৭ তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।
I yaa bani lan ki cɔlni a, baliga tie i yaa le.
18 ১৮ তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’
N ki maadi i kuli kaa, kelima n pia min gandi yaaba i.
19 ১৯ এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
N maadi ki sua ke li bona daa ki tieni ke yin fidi ki bandi min tie yua.
20 ২০ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
I mɔni po i mɔni po n maadi; yua n gaani ga n tondo yua n gaani ga yua sɔni nni.
21 ২১ এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷”
Jesu bo maadi li maami kelima li ŋmadiyaama lani ke o maadi: «I mɔn po i mɔni n maadi, i siga nni yendo baa kuadi nni.
22 ২২ শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা ক’লে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।
O ŋuantiba ji dennua bi lieba ki buali bi ŋmiali nni wan maadi yua.
23 ২৩ যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷
wan den bua yua den dua opo.
24 ২৪ তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?
Ke Simɔn Pieri sɔbi sɔbi o tubili nni ki yedi o«Jesu maadi ŋmai i?»
25 ২৫ তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”
ke o nangini Jesu kani ki buoli o, «Yonmidaano, ŋmai?»
26 ২৬ যীচুৱে উত্তৰ দিলে, “মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন।” তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।
Li yogunu ke Jesu yedi o: «Min ba teni yua kpanu» ki taa ki teni Juda, Simɔn Kanati biga.
27 ২৭ সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা।”
kpanu po n pendi, ke sitaani kua o; ke Jesu yedi o «ŋan bua tieni yaali yeni tieni toni.
28 ২৮ কিন্তু তেওঁ কিয় এই কথা ক’লে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷
Jesu n deni maadi, bani yaabi n deni kaa nulo baa kuli die bani li niima nni.
29 ২৯ কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে, ।
Bi tɔba de maali ke Suda n kubi i ligikpɔgu yeni ke Jesu den maadi o, «Daa mi janma tiadi» Bi tɔba maalima den tie ke u baa baa libaa ki teni talga nba i yedi»
30 ৩০ তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।
Suda n gaa kpanu, ke o ñani toni ki sua ke li bondi o.
31 ৩১ যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গ’ল, যীচুৱে ক’লে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷
Suda n ñani ke Jesu yedi: «Mɔla o nilo bija laa ti yudandi, ke U Tienu mɔ laa ti yudandi.
32 ৩২ ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ’ল, তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব।”
U Tienu yaa laa ti yudandi ki dugini o bija po, wani U Tienu mɔ waani u yudandi u bija nni.
33 ৩৩ মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছোঁ। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।
N biidi n jikan yaa ye yeni lan waagi. I baa kpaani n. N ji maadi i mɔni nani min den maadi Sufa nba yudamba yaala. I kan fidi ki cua min caa naani.
34 ৩৪ মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
N bu teni lanbonpanli; yaa bua mani i lieba nani min den ba i maama yeni.
35 ৩৫ তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”
Li po bi niba bu bandi ki tieni ŋɔdikaaba, ke li yaa tie ki pia mi buama i lieba po.
36 ৩৬ চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি ক’লৈ যায়?” যীচুৱে উত্তৰ দি ক’লে, “মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”
Ke Simɔn Pieri yedi o: «N yonmidaano, a caa le i?» ke Jesu yedi o: «A kan fidi ŋɔdi min caa naani, yogu baa yaa kaa»
37 ৩৭ পিতৰে তেওঁক ক’লে, “হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।”
ke Pieri ŋmiani o: «N yonmidaano be n cedi ke n kan fidi ki ŋɔdi a mɔla ne? Li yaa buali ke min kpe a po, n ye.
38 ৩৮ যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”
ke Jesu ŋmiani o: «A baa kpe n po? I mɔni yeni i mɔni min maadi a; a ba nia taalimataa kaa ki bani nni ke ̵kokolo daa ki buudi.

< যোহন 13 >