< যোয়েল 1 >

1 পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।
ペトエルの子ヨエルに臨んだ主の言葉。
2 হে পৰিচাৰকসকল, এই কথা শুনা? আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে?
老人たちよ、これを聞け。すべてこの地に住む者よ、耳を傾けよ。あなたがたの世、またはあなたがたの先祖の世にこのような事があったか。
3 তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক।
これをあなたがたの子たちに語り、子たちはまたその子たちに語り、その子たちはまたこれを後の代に語り伝えよ。
4 কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে।
かみ食らういなごの残したものは、群がるいなごがこれを食い、群がるいなごの残したものは、とびいなごがこれを食い、とびいなごの残したものは、滅ぼすいなごがこれを食った。
5 হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল।
酔える者よ、目をさまして泣け。すべて酒を飲む者よ、うまい酒のゆえに泣き叫べ。うまい酒はあなたがたの口から断たれるからだ。
6 কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলবান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
一つの国民がわたしの国に攻めのぼってきた。その勢いは強く、その数は計られず、その歯はししの歯のようで、雌じしのきばをもっている。
7 সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; তাৰ ডালবোৰ বগা কৰিলে।
彼らはわがぶどうの木を荒し、わがいちじくの木を折り、その皮をはだかにして捨てた。その枝は白くなった。
8 যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
あなたがたは若い時の夫のために荒布を腰にまとったおとめのように泣き悲しめ。
9 যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।
素祭と灌祭とは主の家に絶え、主に仕える祭司たちは嘆き悲しむ。
10 ১০ পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
畑は荒れ、地は悲しむ。これは穀物が荒れはて、新しい酒は尽き、油も絶えるためである。
11 ১১ হে খেতিয়কসকল, লজ্জিত হোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
小麦および大麦のために、農夫たちよ、恥じよ、ぶどう作りたちよ、泣け。畑の収穫がうせ去ったからである。
12 ১২ দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।
ぶどうの木は枯れ、いちじくの木はしおれ、ざくろ、やし、りんご、野のすべての木はしぼんだ。それゆえ楽しみは人の子らからかれうせた。
13 ১৩ হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।
祭司たちよ、荒布を腰にまとい、泣き悲しめ。祭壇に仕える者たちよ、泣け。神に仕える者たちよ、来て、荒布をまとい、夜を過ごせ。素祭も灌祭もあなたがたの神の家から退けられたからである。
14 ১৪ তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,
あなたがたは断食を聖別し、聖会を召集し、長老たちを集め、国の民をことごとくあなたがたの神、主の家に集め、主に向かって叫べ。
15 ১৫ হায় হায়, এয়ে কেনে দিন! কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।
ああ、その日はわざわいだ。主の日は近く、全能者からの滅びのように来るからである。
16 ১৬ আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?
われわれの目の前に食物は絶え、われわれの神の家から喜びと楽しみが絶えたではないか。
17 ১৭ বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
種は土の下に朽ち、倉は荒れ、穀物がつきたので、穀倉はこわされる。
18 ১৮ পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।
いかに家畜はうめき鳴くか。牛の群れはさまよう。彼らには牧草がないからだ。羊の群れも滅びうせる。
19 ১৯ হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।
主よ、わたしはあなたに向かって呼ばわる。火が荒野の牧草を焼き滅ぼし、炎が野のすべての木を焼き尽したからである。
20 ২০ বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।
野の獣もまたあなたに向かって呼ばわる。水の流れがかれはて、火が荒野の牧草を焼き滅ぼしたからである

< যোয়েল 1 >