< যোব 42 >

1 তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
Y respondió Job al SEÑOR, y dijo:
2 “মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
Yo conozco que todo lo puedes, y que no hay pensamiento que se esconda de ti.
3 তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
¿Quién es el que oscurece el consejo sin sabiduría? Por tanto yo denunciaba lo que no entendía; cosas que me eran ocultas, y que no las sabía.
4 মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
Oye ahora, y hablaré; te preguntaré, y tú me harás saber.
5 পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
De oídas te había oído; mas ahora mis ojos te ven.
6 এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
Por tanto me aborrezco, y me arrepiento en el polvo y en la ceniza.
7 যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
Y aconteció que después que habló el SEÑOR estas palabras a Job, el SEÑOR dijo a Elifaz temanita: Mi ira se encendió contra ti y tus dos compañeros, porque no habéis hablado por mí lo recto, como mi siervo Job.
8 এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
Ahora pues, tomaos siete becerros y siete carneros, y andad a mi siervo Job, y ofreced holocausto por vosotros, y mi siervo Job orará por vosotros; porque solamente por su respeto no os trataré afrentosamente, por cuanto no habéis hablado por mí con rectitud, como mi siervo Job.
9 তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
Fueron pues Elifaz temanita, y Bildad suhita, y Zofar naamatita, e hicieron como el SEÑOR les dijo; y el SEÑOR tuvo respeto a Job.
10 ১০ যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
Y tornó el SEÑOR la aflicción de Job, orando él por sus amigos; y aumentó al doble todas las cosas que habían sido de Job.
11 ১১ পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
Y vinieron a él todos sus hermanos, y todas sus hermanas, y todos los que antes le habían conocido, y comieron con él pan en su casa, y se condolieron de él, y le consolaron de todo aquel mal que el SEÑOR había traído sobre él. Y cada uno de ellos le dio una oveja, y una joya de oro.
12 ১২ এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।
Y el SEÑOR bendijo a la postrimería de Job más que a su principio; porque tuvo catorce mil ovejas, y seis mil camellos, y mil yuntas de bueyes, y mil asnas.
13 ১৩ তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।
Y tuvo siete hijos y tres hijas.
14 ১৪ তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
Y llamó el nombre de la una, Jemima, y el nombre de la segunda, Cesia, y el nombre de la tercera, Keren-hapuc.
15 ১৫ ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।
Y no se hallaron mujeres tan hermosas como las hijas de Job en toda la tierra; y les dio su padre herencia entre sus hermanos.
16 ১৬ ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।
Y después de esto vivió Job ciento cuarenta años, y vio a sus hijos, y a los hijos de sus hijos, hasta la cuarta generación.
17 ১৭ এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।
Murió pues Job viejo, y lleno de días.

< যোব 42 >