< যোব 41 >

1 তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
Vytáhneš-liž velryba udicí, aneb provazem pohříženým až k jazyku jeho?
2 তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
Zdali dáš kroužek na chřípě jeho, aneb hákem probodneš čelist jeho?
3 সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
Zdaž se obrátí k tobě s prosbami, aneb mluviti bude tobě lahodně?
4 তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
Učiní-liž smlouvu s tebou? Přijmeš-liž jej za služebníka věčného?
5 চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
Zdaž budeš s ním hráti jako s ptáčkem, aneb přivážeš jej dětem svým?
6 মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
Přistrojí-liž sobě hody z něho společníci, a rozdělí-liž jej mezi kupce?
7 তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
Zdaž naplníš háky kůži jeho, a vidlicemi rybářskými hlavu jeho?
8 তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
Vztáhni jen na něj ruku svou, a neučiníš zmínky o boji.
9 চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
Aj, naděje o polapení jeho mylná jest. Zdaž i k spatření jeho člověk nebývá poražen?
10 ১০ এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
Není žádného tak smělého, kdo by jej zbudil, kdož tedy postaví se přede mnou?
11 ১১ আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
Kdo mne čím předšel, abych se jemu odplacel? Cožkoli jest pode vším nebem, mé jest.
12 ১২ মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
Nebudu mlčeti o údech jeho, a o síle výborného sformování jeho.
13 ১৩ তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
Kdo odkryl svrchek oděvu jeho? S dvojitými udidly svými kdo k němu přistoupí?
14 ১৪ তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
Vrata úst jeho kdo otevře? Okolo zubů jeho jest hrůza.
15 ১৫ তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
Šupiny jeho pevné jako štítové sevřené velmi tuze.
16 ১৬ সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
Jedna druhé tak blízko jest, že ani vítr nevchází mezi ně.
17 ১৭ সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
Jedna druhé se přídrží, a nedělí se.
18 ১৮ তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
Od kýchání jeho zažžehá se světlo, a oči jeho jsou jako záře svitání.
19 ১৯ তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
Z úst jeho jako pochodně vycházejí, a jiskry ohnivé vyskakují.
20 ২০ উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
Z chřípí jeho vychází dým, jako z kotla vroucího aneb hrnce.
21 ২১ তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
Dýchání jeho uhlí rozpaluje, a plamen z úst jeho vychází.
22 ২২ তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
V šíji jeho přebývá síla, a před ním utíká žalost.
23 ২৩ তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
Kusové masa jeho drží se spolu; celistvé jest v něm, aniž se rozdrobuje.
24 ২৪ তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
Srdce jeho tuhé jest jako kámen, tak tuhé, jako úlomek zpodního žernovu.
25 ২৫ যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
Vyskýtání jeho bojí se nejsilnější, až se strachem i vyčišťují.
26 ২৬ যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
Meč stihající jej neostojí, ani kopí, šíp neb i pancíř.
27 ২৭ সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
Pokládá železo za plevy, ocel za dřevo shnilé.
28 ২৮ ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
Nezahání ho střela, v stéblo obrací se jemu kamení prakové.
29 ২৯ সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
Za stéblo počítá střelbu, a posmívá se šermování kopím.
30 ৩০ তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
Pod ním ostré střepiny, stele sobě na věci špičaté jako na blátě.
31 ৩১ সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
Působí, aby vřelo v hlubině jako v kotle, a kormoutilo se moře jako v moždíři.
32 ৩২ সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
Za sebou patrnou činí stezku, až sezdá, že propast má šediny.
33 ৩৩ ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
Žádného není na zemi jemu podobného, aby tak učiněn byl bez strachu.
34 ৩৪ সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।
Cokoli vysokého jest, za nic pokládá, jest králem nade všemi šelmami.

< যোব 41 >