< যোব 40 >

1 যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে, 2 দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক। 3 তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে, 4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ। 5 মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।” 6 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে, 7 “তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা। 8 মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে? 9 তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা? 10 ১০ তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা; 11 ১১ তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা। 12 ১২ প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা; 13 ১৩ সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা। 14 ১৪ তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম। 15 ১৫ ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়। 16 ১৬ চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে। 17 ১৭ সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা। 18 ১৮ তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ। 19 ১৯ ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব। 20 ২০ পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে। 21 ২১ সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়। 22 ২২ পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে। 23 ২৩ চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে। 24 ২৪ সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

< যোব 40 >