< যোব 4 >

1 তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
ויען אליפז התימני ויאמר
2 কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
הנסה דבר אליך תלאה ועצר במלין מי יוכל
3 চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
הנה יסרת רבים וידים רפות תחזק
4 তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
כושל יקימון מליך וברכים כרעות תאמץ
5 কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
כי עתה תבוא אליך ותלא תגע עדיך ותבהל
6 ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
הלא יראתך כסלתך תקותך ותם דרכיך
7 ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
זכר-נא--מי הוא נקי אבד ואיפה ישרים נכחדו
8 মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
כאשר ראיתי חרשי און וזרעי עמל יקצרהו
9 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
מנשמת אלוה יאבדו ומרוח אפו יכלו
10 ১০ সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
שאגת אריה וקול שחל ושני כפירים נתעו
11 ১১ আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
ליש אבד מבלי-טרף ובני לביא יתפרדו
12 ১২ এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
ואלי דבר יגנב ותקח אזני שמץ מנהו
13 ১৩ ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
בשעפים מחזינות לילה בנפל תרדמה על-אנשים
14 ১৪ তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
פחד קראני ורעדה ורב עצמותי הפחיד
15 ১৫ যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
ורוח על-פני יחלף תסמר שערת בשרי
16 ১৬ সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
יעמד ולא אכיר מראהו-- תמונה לנגד עיני דממה וקול אשמע
17 ১৭ “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
האנוש מאלוה יצדק אם מעשהו יטהר-גבר
18 ১৮ চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
הן בעבדיו לא יאמין ובמלאכיו ישים תהלה
19 ১৯ তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
אף שכני בתי-חמר--אשר-בעפר יסודם ידכאום לפני-עש
20 ২০ প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
מבקר לערב יכתו מבלי משים לנצח יאבדו
21 ২১ সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”
הלא-נסע יתרם בם ימותו ולא בחכמה

< যোব 4 >