< যোব 38 >

1 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
ויען יהוה את איוב מן הסערה ויאמר׃
2 “যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?
מי זה מחשיך עצה במלין בלי דעת׃
3 তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
אזר נא כגבר חלציך ואשאלך והודיעני׃
4 যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
איפה היית ביסדי ארץ הגד אם ידעת בינה׃
5 কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।
מי שם ממדיה כי תדע או מי נטה עליה קו׃
6 সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?
על מה אדניה הטבעו או מי ירה אבן פנתה׃
7 যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
ברן יחד כוכבי בקר ויריעו כל בני אלהים׃
8 গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?
ויסך בדלתים ים בגיחו מרחם יצא׃
9 যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,
בשומי ענן לבשו וערפל חתלתו׃
10 ১০ আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো-
ואשבר עליו חקי ואשים בריח ודלתים׃
11 ১১ ‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’
ואמר עד פה תבוא ולא תסיף ופא ישית בגאון גליך׃
12 ১২ তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
המימיך צוית בקר ידעתה שחר מקמו׃
13 ১৩ সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?
לאחז בכנפות הארץ וינערו רשעים ממנה׃
14 ১৪ ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।
תתהפך כחמר חותם ויתיצבו כמו לבוש׃
15 ১৫ আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।
וימנע מרשעים אורם וזרוע רמה תשבר׃
16 ১৬ তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?
הבאת עד נבכי ים ובחקר תהום התהלכת׃
17 ১৭ মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
הנגלו לך שערי מות ושערי צלמות תראה׃
18 ১৮ তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।
התבננת עד רחבי ארץ הגד אם ידעת כלה׃
19 ১৯ পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?
אי זה הדרך ישכן אור וחשך אי זה מקמו׃
20 ২০ যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে, বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?
כי תקחנו אל גבולו וכי תבין נתיבות ביתו׃
21 ২১ তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! আৰু তোমাৰ দিনৰ সংখ্যা অধিক!
ידעת כי אז תולד ומספר ימיך רבים׃
22 ২২ যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
הבאת אל אצרות שלג ואצרות ברד תראה׃
23 ২৩ এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;
אשר חשכתי לעת צר ליום קרב ומלחמה׃
24 ২৪ কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?
אי זה הדרך יחלק אור יפץ קדים עלי ארץ׃
25 ২৫ প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,
מי פלג לשטף תעלה ודרך לחזיז קלות׃
26 ২৬ বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,
להמטיר על ארץ לא איש מדבר לא אדם בו׃
27 ২৭ সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, কোনে কোমল ঘাঁহ গজাই তোলে?
להשביע שאה ומשאה ולהצמיח מצא דשא׃
28 ২৮ বৰষুণৰ জানো পিতৃ আছে? নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?
היש למטר אב או מי הוליד אגלי טל׃
29 ২৯ কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?
מבטן מי יצא הקרח וכפר שמים מי ילדו׃
30 ৩০ জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।
כאבן מים יתחבאו ופני תהום יתלכדו׃
31 ৩১ তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
התקשר מעדנות כימה או משכות כסיל תפתח׃
32 ৩২ আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?
התציא מזרות בעתו ועיש על בניה תנחם׃
33 ৩৩ তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?
הידעת חקות שמים אם תשים משטרו בארץ׃
34 ৩৪ ঢল পানীৰে তোমাক ঢাকিবৰ বাবে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?
התרים לעב קולך ושפעת מים תכסך׃
35 ৩৫ তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?
התשלח ברקים וילכו ויאמרו לך הננו׃
36 ৩৬ ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে?
מי שת בטחות חכמה או מי נתן לשכוי בינה׃
37 ৩৭ এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?
מי יספר שחקים בחכמה ונבלי שמים מי ישכיב׃
38 ৩৮ যেতিয়া ধুলিবোৰ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?
בצקת עפר למוצק ורגבים ידבקו׃
39 ৩৯ তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে? বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?
התצוד ללביא טרף וחית כפירים תמלא׃
40 ৪০ যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?
כי ישחו במעונות ישבו בסכה למו ארב׃
41 ৪১ যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?
מי יכין לערב צידו כי ילדו אל אל ישועו יתעו לבלי אכל׃

< যোব 38 >