< যোব 34 >

1 পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে,
pronuntians itaque Heliu etiam haec locutus est
2 হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা।
audite sapientes verba mea et eruditi auscultate me
3 কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।
auris enim verba probat et guttur escas gustu diiudicat
4 আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক।
iudicium eligamus nobis et inter nos videamus quid sit melius
5 কিয়নো ইয়োবে কৈছিল, যে, মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
quia dixit Iob iustus sum et Deus subvertit iudicium meum
6 মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ, বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে।
in iudicando enim me mendacium est violenta sagitta mea absque ullo peccato
7 পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা,
quis est vir ut est Iob qui bibit subsannationem quasi aquam
8 দুৰাচাৰীবোৰৰ লগত ফুৰা, আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে?
qui graditur cum operantibus iniquitatem et ambulat cum viris impiis
9 কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে, মানুহৰ একো লাভ নহয়।”
dixit enim non placebit vir Deo etiam si cucurrerit cum eo
10 ১০ এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।
ideo viri cordati audite me absit a Deo impietas et ab Omnipotente iniquitas
11 ১১ কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।
opus enim hominis reddet ei et iuxta vias singulorum restituet
12 ১২ বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে। সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে।
vere enim Deus non condemnabit frustra nec Omnipotens subvertet iudicium
13 ১৩ তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে?
quem constituit alium super terram aut quem posuit super orbem quem fabricatus est
14 ১৪ যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,
si direxerit ad eum cor suum spiritum illius et flatum ad se trahet
15 ১৫ তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।
deficiet omnis caro simul et homo in cinerem revertetur
16 ১৬ যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।
si habes ergo intellectum audi quod dicitur et ausculta vocem eloquii mei
17 ১৭ ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?
numquid qui non amat iudicium sanare potest et quomodo tu eum qui iustus est in tantum condemnas
18 ১৮ ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
qui dicit regi apostata qui vocat duces impios
19 ১৯ তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
qui non accipit personas principum nec cognovit tyrannum cum disceptaret contra pauperem opus enim manuum eius sunt universi
20 ২০ সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
subito morientur et in media nocte turbabuntur populi et pertransibunt et auferent violentum absque manu
21 ২১ কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, আৰু তাৰ সকলো গতি দেখে।
oculi enim eius super vias hominum et omnes gressus eorum considerat
22 ২২ য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।
non sunt tenebrae et non est umbra mortis ut abscondantur ibi qui operantur iniquitatem
23 ২৩ যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।
neque enim ultra in hominis potestate est ut veniat ad Deum in iudicium
24 ২৪ তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
conteret multos innumerabiles et stare faciet alios pro eis
25 ২৫ এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে, আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।
novit enim opera eorum et idcirco inducet noctem et conterentur
26 ২৬ তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;
quasi impios percussit eos in loco videntium
27 ২৭ কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, আৰু তেওঁৰ এটি পথকো নামানি,
qui quasi de industria recesserunt ab eo et omnes vias eius intellegere noluerunt
28 ২৮ দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
ut pervenire facerent ad eum clamorem egeni et audiret vocem pauperum
29 ২৯ তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
ipso enim concedente pacem quis est qui condemnet ex quo absconderit vultum quis est qui contempletur eum et super gentem et super omnes homines
30 ৩০ অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
qui regnare facit hominem hypocritam propter peccata populi
31 ৩১ “মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”
quia ergo ego locutus sum ad Deum te quoque non prohibeo
32 ৩২ যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
si erravi tu doce me si iniquitatem locutus sum ultra non addam
33 ৩৩ ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
numquid a te Deus expetit eam quia displicuit tibi tu enim coepisti loqui et non ego quod si quid nosti melius loquere
34 ৩৪ বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,
viri intellegentes loquantur mihi et vir sapiens audiat me
35 ৩৫ “ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।”
Iob autem stulte locutus est et verba illius non sonant disciplinam
36 ৩৬ ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
pater mi probetur Iob usque ad finem ne desinas in hominibus iniquitatis
37 ৩৭ কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে।
quia addit super peccata sua blasphemiam inter nos interim constringatur et tunc ad iudicium provocet sermonibus suis Deum

< যোব 34 >