< যোব 29 >

1 পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
ויסף איוב שאת משלו ויאמר׃
2 অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
מי יתנני כירחי קדם כימי אלוה ישמרני׃
3 যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
בהלו נרו עלי ראשי לאורו אלך חשך׃
4 যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
כאשר הייתי בימי חרפי בסוד אלוה עלי אהלי׃
5 সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
בעוד שדי עמדי סביבותי נערי׃
6 যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
ברחץ הליכי בחמה וצור יצוק עמדי פלגי שמן׃
7 যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
בצאתי שער עלי קרת ברחוב אכין מושבי׃
8 তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
ראוני נערים ונחבאו וישישים קמו עמדו׃
9 প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
שרים עצרו במלים וכף ישימו לפיהם׃
10 ১০ ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
קול נגידים נחבאו ולשונם לחכם דבקה׃
11 ১১ কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
כי אזן שמעה ותאשרני ועין ראתה ותעידני׃
12 ১২ কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
כי אמלט עני משוע ויתום ולא עזר לו׃
13 ১৩ বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
ברכת אבד עלי תבא ולב אלמנה ארנן׃
14 ১৪ মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
צדק לבשתי וילבשני כמעיל וצניף משפטי׃
15 ১৫ মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
עינים הייתי לעור ורגלים לפסח אני׃
16 ১৬ মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
אב אנכי לאביונים ורב לא ידעתי אחקרהו׃
17 ১৭ মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
ואשברה מתלעות עול ומשניו אשליך טרף׃
18 ১৮ তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
ואמר עם קני אגוע וכחול ארבה ימים׃
19 ১৯ আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
שרשי פתוח אלי מים וטל ילין בקצירי׃
20 ২০ মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
כבודי חדש עמדי וקשתי בידי תחליף׃
21 ২১ লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
לי שמעו ויחלו וידמו למו עצתי׃
22 ২২ মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
אחרי דברי לא ישנו ועלימו תטף מלתי׃
23 ২৩ বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
ויחלו כמטר לי ופיהם פערו למלקוש׃
24 ২৪ সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
אשחק אלהם לא יאמינו ואור פני לא יפילון׃
25 ২৫ মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।
אבחר דרכם ואשב ראש ואשכון כמלך בגדוד כאשר אבלים ינחם׃

< যোব 29 >