< যেরেমিয়া 9 >

1 মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
מי יתן ראשי מים ועיני מקור דמעה ואבכה יומם ולילה את חללי בת עמי׃
2 অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।
מי יתנני במדבר מלון ארחים ואעזבה את עמי ואלכה מאתם כי כלם מנאפים עצרת בגדים׃
3 আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
וידרכו את לשונם קשתם שקר ולא לאמונה גברו בארץ כי מרעה אל רעה יצאו ואתי לא ידעו נאם יהוה׃
4 তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিষয়ে সাৱধান হোৱা, আৰু কোনো ভাইক বিশ্বাস নকৰিবা; কিয়নো প্ৰতিজন ভায়ে সম্পূৰ্ণকৈ ঠগায় আৰু প্ৰতিজন চুবুৰীয়াই কথা চৰ্চ্চি ফুৰে।
איש מרעהו השמרו ועל כל אח אל תבטחו כי כל אח עקוב יעקב וכל רע רכיל יהלך׃
5 আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।
ואיש ברעהו יהתלו ואמת לא ידברו למדו לשונם דבר שקר העוה נלאו׃
6 তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
שבתך בתוך מרמה במרמה מאנו דעת אותי נאם יהוה׃
7 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
לכן כה אמר יהוה צבאות הנני צורפם ובחנתים כי איך אעשה מפני בת עמי׃
8 তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
חץ שוחט לשונם מרמה דבר בפיו שלום את רעהו ידבר ובקרבו ישים ארבו׃
9 যিহোৱাই কৈছে, মই তেওঁলোকক এইবোৰৰ কাৰণে দণ্ড নিদিম নে? মোৰ প্ৰাণে এনে জাতিৰ প্ৰতিকাৰ নাসাধিব নে?
העל אלה לא אפקד בם נאם יהוה אם בגוי אשר כזה לא תתנקם נפשי׃
10 ১০ মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
על ההרים אשא בכי ונהי ועל נאות מדבר קינה כי נצתו מבלי איש עבר ולא שמעו קול מקנה מעוף השמים ועד בהמה נדדו הלכו׃
11 ১১ মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
ונתתי את ירושלם לגלים מעון תנים ואת ערי יהודה אתן שממה מבלי יושב׃
12 ১২ সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?
מי האיש החכם ויבן את זאת ואשר דבר פי יהוה אליו ויגדה על מה אבדה הארץ נצתה כמדבר מבלי עבר׃
13 ১৩ যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে।
ויאמר יהוה על עזבם את תורתי אשר נתתי לפניהם ולא שמעו בקולי ולא הלכו בה׃
14 ১৪ কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
וילכו אחרי שררות לבם ואחרי הבעלים אשר למדום אבותם׃
15 ১৫ এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।
לכן כה אמר יהוה צבאות אלהי ישראל הנני מאכילם את העם הזה לענה והשקיתים מי ראש׃
16 ১৬ তেওঁলোকে বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে নজনা জাতি সমূহৰ মাজত মই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম; আৰু মই তেওঁলোকক সংহাৰ নকৰোঁমানলৈকে, তেওঁলোকৰ পাছে পাছে তৰোৱাল পঠিয়াম।
והפצותים בגוים אשר לא ידעו המה ואבותם ושלחתי אחריהם את החרב עד כלותי אותם׃
17 ১৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে বিবেচনা কৰা; বিলাপ-কাৰিণীহঁতক মাতা, তেওঁলোক আহক; বিলাপ কৰাত নিপুণ মহিলাসকলৰ ওচৰলৈ মানুহ পঠিওৱা, তেওঁলোক আহক।
כה אמר יהוה צבאות התבוננו וקראו למקוננות ותבואינה ואל החכמות שלחו ותבואנה׃
18 ১৮ তেওঁলোকে খৰকৈ আহি আমাৰ কাৰণে হাহাঁকাৰ কৰ’ক, যাতে চকু-লোত আমাৰ চকু উটি যাবৰ বাবে, আৰু আমাৰ চকুৰ পিৰঠিয়েদি বেগেৰে পানী ওলাই যায়।
ותמהרנה ותשנה עלינו נהי ותרדנה עינינו דמעה ועפעפינו יזלו מים׃
19 ১৯ কিয়নো চিয়োনৰ পৰা হাহাঁকাৰ শব্দ শুনা গৈছে, আমি কেনে বিনষ্ট হ’লো! আমি দেশ ত্যাগ কৰা বাবে, তেওঁলোকে আমাৰ নিবাসবোৰ ভাঙি পেলোৱাৰ কাৰণে আমি অতি ব্যাকুল হ’লো।
כי קול נהי נשמע מציון איך שדדנו בשנו מאד כי עזבנו ארץ כי השליכו משכנותינו׃
20 ২০ তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।
כי שמענה נשים דבר יהוה ותקח אזנכם דבר פיו ולמדנה בנותיכם נהי ואשה רעותה קינה׃
21 ২১ কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
כי עלה מות בחלונינו בא בארמנותינו להכרית עולל מחוץ בחורים מרחבות׃
22 ২২ তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।
דבר כה נאם יהוה ונפלה נבלת האדם כדמן על פני השדה וכעמיר מאחרי הקצר ואין מאסף׃
23 ২৩ যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
כה אמר יהוה אל יתהלל חכם בחכמתו ואל יתהלל הגבור בגבורתו אל יתהלל עשיר בעשרו׃
24 ২৪ কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
כי אם בזאת יתהלל המתהלל השכל וידע אותי כי אני יהוה עשה חסד משפט וצדקה בארץ כי באלה חפצתי נאם יהוה׃
25 ২৫ যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম।
הנה ימים באים נאם יהוה ופקדתי על כל מול בערלה׃
26 ২৬ মই মিচৰ, যিহূদা, ইদোম, অম্মোনৰ সন্তান সকল, মোৱাব আৰু কুমৰ গুড়িত ডাঢ়ি-চুলি কটা অৰণ্য-নিবাসী লোকসকলক দণ্ড দিম। কিয়নো সেই আটাই জাতি সমূহ অচুন্নৎ, আৰু ইস্ৰায়েলৰ গোটেই বংশ হৃদয়পালটন কৰা লোক নহয়।”
על מצרים ועל יהודה ועל אדום ועל בני עמון ועל מואב ועל כל קצוצי פאה הישבים במדבר כי כל הגוים ערלים וכל בית ישראל ערלי לב׃

< যেরেমিয়া 9 >