< যেরেমিয়া 8 >

1 যিহোৱাই কৈছে, সেই দিনা শত্ৰূ যিহূদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ, আৰু যিৰূচালেম-নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব।
耶和華說:「到那時,人必將猶大王的骸骨和他首領的骸骨、祭司的骸骨、先知的骸骨,並耶路撒冷居民的骸骨,都從墳墓中取出來,
2 তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
拋散在日頭、月亮,和天上眾星之下,就是他們從前所喜愛、所事奉、所隨從、所求問、所敬拜的。這些骸骨不再收殮,不再葬埋,必在地面上成為糞土;
3 বাহিনীসকলৰ যিহোৱাই কৈছে, মই যি যি ঠাইলৈ এই দুষ্ট গোষ্ঠীৰ অৱশিষ্ট ভাগ কৰি খেদিলোঁ, সেই সেই ঠাইত অৱশিষ্ট গোষ্ঠীৰ পক্ষে জীৱনতকৈ মৃত্যু বাঞ্ছনীয় হ’ব।
並且這惡族所剩下的民在我所趕他們到的各處,寧可揀死不揀生。這是萬軍之耶和華說的。」
4 তুমি তেওঁলোকক আৰু এই কথা ক’বা, যিহোৱাই এই কথা কৈছে: মানুহ পৰি জানো পুনৰায় নুঠিব? বা অপথে গৈ জানো আকৌ উলটি নাহিব?
你要對他們說,耶和華如此說: 人跌倒,不再起來嗎? 人轉去,不再轉來嗎?
5 তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
這耶路撒冷的民,為何恆久背道呢? 他們守定詭詐,不肯回頭。
6 মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে; “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে, যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।
我留心聽,聽見他們說不正直的話。 無人悔改惡行,說: 我做的是甚麼呢? 他們各人轉奔己路, 如馬直闖戰場。
7 আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
空中的鸛鳥知道來去的定期; 斑鳩燕子與白鶴也守候當來的時令; 我的百姓卻不知道耶和華的法則。
8 “আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা? কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
你們怎麼說:我們有智慧, 耶和華的律法在我們這裏? 看哪,文士的假筆舞弄虛假。
9 জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
智慧人慚愧,驚惶,被擒拿; 他們棄掉耶和華的話, 心裏還有甚麼智慧呢?
10 ১০ সেই কাৰণে মই তেওঁলোকৰ পত্নিসকলক আনৰ হাতত শোধাই দিম, আৰু আন আন অধিকাৰীসকলক তেওঁলোকৰ খেতিবোৰ দিম, কিয়নো সৰুৰ পৰা বৰলৈকে প্ৰতিজন অতি লোভীয়া! ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।
所以我必將他們的妻子給別人, 將他們的田地給別人為業; 因為他們從最小的到至大的都一味地貪婪, 從先知到祭司都行事虛謊。
11 ১১ যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
他們輕輕忽忽地醫治我百姓的損傷,說: 平安了!平安了! 其實沒有平安。
12 ১২ তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
他們行可憎的事知道慚愧嗎? 不然,他們毫不慚愧, 也不知羞恥。 因此他們必在仆倒的人中仆倒; 我向他們討罪的時候, 他們必致跌倒。 這是耶和華說的。
13 ১৩ যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।
耶和華說:我必使他們全然滅絕; 葡萄樹上必沒有葡萄, 無花果樹上必沒有果子, 葉子也必枯乾。 我所賜給他們的, 必離開他們過去。
14 ১৪ “আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
我們為何靜坐不動呢? 我們當聚集,進入堅固城, 在那裏靜默不言; 因為耶和華-我們的上帝使我們靜默不言, 又將苦膽水給我們喝, 都因我們得罪了耶和華。
15 ১৫ আমি শান্তিৰ আশা কৰিছিলোঁ, কিন্তু মঙ্গল নহ’ল; আৰু সুস্থৰ সময়লৈ বাট চাইছিলোঁ, কিন্তু চোৱা, ত্ৰাস উপস্থিত।”
我們指望平安, 卻得不着好處; 指望痊癒的時候, 不料,受了驚惶。
16 ১৬ দানৰ পৰা শত্রু ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেকঢেকনিত গোটেই দেশ কঁপিছে; কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।
聽見從但那裏敵人的馬噴鼻氣, 他的壯馬發嘶聲, 全地就都震動; 因為他們來吞滅這地和其上所有的, 吞滅這城與其中的居民。
17 ১৭ কিয়নো চোৱা, মই তোমালোকৰ মাজলৈ মন্ত্ৰ নমনা সৰ্প, কালসৰ্পবোৰ পঠিয়াম; যিহোৱাই কৈছে, সেইবোৰে তোমালোকক দংশিব।
看哪,我必使毒蛇到你們中間, 是不服法術的, 必咬你們。 這是耶和華說的。
18 ১৮ অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।
我有憂愁,願能自慰; 我心在我裏面發昏。
19 ১৯ চোৱা! অতি দূৰ দেশৰ পৰা মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাতৰোক্তিৰ স্বৰ শুনা গৈছে। যিহোৱা চিয়োনত নাই নে? তাৰ ৰজা তাৰ ভিতৰত নাই নে? তেওঁলোকে কটা প্ৰতিমা আৰু বিজাতীয় অসাৰ বস্তুবোৰৰ দ্বাৰাই মোক কিয় বেজাৰ দিছে?
聽啊,是我百姓的哀聲從極遠之地而來, 說:耶和華不在錫安嗎? 錫安的王不在其中嗎? 耶和華說:他們為甚麼以雕刻的偶像 和外邦虛無的神惹我發怒呢?
20 ২০ শস্য দোৱাৰ সময় অতীত হল; গুটি পৰিবৰ সময় শেষ হ’ল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই।
麥秋已過,夏令已完, 我們還未得救!
21 ২১ মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।
先知說:因我百姓的損傷, 我也受了損傷。 我哀痛,驚惶將我抓住。
22 ২২ গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?
在基列豈沒有乳香呢? 在那裏豈沒有醫生呢? 我百姓為何不得痊癒呢?

< যেরেমিয়া 8 >