< যেরেমিয়া 52 >

1 চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।
V jedenmecítma letech byl Sedechiáš, když počal kralovati, a jedenácte let kraloval v Jeruzalémě. Jméno matky jeho bylo Chamutal, dcera Jeremiášova z Lebna.
2 যিহোয়াকীমৰ সকলো কাৰ্য অনুসাৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে;
I činil to, což jest zlého před očima Hospodinovýma, všecko tak, jakž byl dělal Joakim.
3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁলোকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Nebo se to dálo pro rozhněvání Hospodinovo proti Jeruzalému a Judovi, až je i zavrhl od tváři své. V tom zprotivil se Sedechiáš králi Babylonskému.
4 পাছে তেওঁৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা, বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি ছাউনি পাতিলে আৰু তাৰ অহিতে চাৰিওফালে কোঁঠ সাজিলে।
Stalo se pak léta devátého kralování jeho, měsíce desátého, v desátý den téhož měsíce, že přitáhl Nabuchodonozor král Babylonský se vším vojskem svým k Jeruzalému, a položili se u něho, a vzdělali proti němu hradbu vůkol.
5 এইদৰে ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ একাদশ বছৰলৈকে নগৰখন অৱৰোধ কৰা আছিল।
A bylo město obleženo až do jedenáctého léta krále Sedechiáše.
6 পাছত চতুৰ্থ মাহৰ নৱম দিনা নগৰত আকাল অতিশয় টান হোৱাত, দেশৰ লোকবিলাকৰ নিমিত্তে খোৱা বস্তু একোৱেই নাথাকিল।
V kterémžto, měsíce čtvrtého, devátého dne téhož měsíce, rozmohl se hlad v městě, a neměl chleba lid země.
7 সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।
I prolomeny jsou zdi městské, a všickni muži bojovní utekli, a vyšli z města v noci skrze bránu mezi dvěma zdmi, u zahrady královské, (Kaldejští pak leželi okolo města), a ušli cestou pouště.
8 কিন্তু কলদীয়াবিলাকৰ সৈন্যসামন্তই ৰজাৰ পাছত খেদি গৈ, যিৰীহোৰ সমথলত চিদিকিয়াক লগ ধৰিলে; তেতিয়া তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
I honilo vojsko Kaldejské krále, a postihli Sedechiáše na rovinách Jerišských, a všecko vojsko jeho rozprchlo se od něho.
9 পাছে সিহঁতে ৰজাক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ নিলে; তাতে তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
A tak javše krále, přivedli ho k králi Babylonskému do Ribla v zemi Emat, kdežto učinil o něm soud.
10 ১০ বাবিলৰ ৰজাই চিদিকিয়াৰ পুতেকবিলাকক তেওঁৰ চকুৰ আগতে বধ কৰিলে। আৰু যিহূদাৰ আটাই প্ৰধান লোককো ৰিব্লাত বধ কৰিলে।
I zmordoval král Babylonský syny Sedechiášovy před očima jeho, ano i všecka knížata Judská zmordoval v Ribla.
11 ১১ তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।
Oči pak Sedechiášovy oslepil, a svázav ho řetězy ocelivými král Babylonský, dal jej dovésti do Babylona, a dal jej do vězení až do dne smrti jeho.
12 ১২ পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,
Potom měsíce pátého, desátého dne téhož měsíce, léta devatenáctého kralování Nabuchodonozora krále Babylonského, přitáhl Nebuzardan, hejtman nad žoldnéři, kterýž sloužíval králi Babylonskému, do Jeruzaléma.
13 ১৩ যিহোৱাৰ গৃহটি আৰু ৰাজ গৃহটি পুৰিলে আৰু যিৰূচালেমৰ সকলো ঘৰ জুই দি পুৰিলে।
A zapálil dům Hospodinův, i dům královský, i všecky domy v Jeruzalémě, a tak všecky domy veliké vypálil ohněm.
14 ১৪ আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।
Všecky také zdi Jeruzalémské vůkol pobořilo všecko vojsko Kaldejské, kteréž bylo s tím hejtmanem nad žoldnéři.
15 ১৫ আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
Přitom z chaterného lidu, totiž ostatek lidu, kterýž byl zůstal v městě, i poběhlce, kteříž byli ustoupili k králi Babylonskému, a jiný obecný lid zavedl Nebuzardan, hejtman nad žoldnéři.
16 ১৬ কিন্তু দ্ৰাক্ষা আপডাল কৰোঁতা আৰু খেতিয়ক হ’বলৈ নবুজৰদান ৰক্ষক-সেনাপতিয়ে দেশৰ কেতবিলাক দুখীয়া মানুহ এৰি গ’ল।
Toliko něco chaterného lidu země zanechal Nebuzardan, hejtman nad žoldnéři, aby byli vinaři a oráči.
17 ১৭ আৰু যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভ দুটা, আৰু যিহোৱাৰ গৃহৰ আধাৰবোৰ ও পিতলৰ সমুদ্ৰ-পাত্ৰটো কলদীয়াবিলাকে ডোখৰ ডোখৰকৈ ভাঙি সেইবোৰৰ আটাইবোৰ পিতল বাবিললৈ লৈ গ’ল।
Nadto sloupy měděné, kteříž byli v domě Hospodinově, i podstavky i moře měděné, kteréž bylo v domě Hospodinově, ztloukli Kaldejští, a odvezli všecku měď z nich do Babylona.
18 ১৮ আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
Též hrnce. lopaty a nástroje hudebné, a kotlíky a kadidlnice, i všecky nádoby měděné, jimiž sloužili, pobrali.
19 ১৯ আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।
I medenice a nádoby k oharkům, s kotlíky a hrnci, a svícny, a kadidlnice a koflíky, a cožkoli zlatého a stříbrného bylo, pobral hejtman nad žoldnéři;
20 ২০ আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।
Sloupy dva, moře jedno, a volů dvanáct měděných, kteříž byli pod podstavky, jichž byl nadělal král Šalomoun do domu Hospodinova. Nebylo váhy mědi všech těch nádob.
21 ২১ আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।
Nebo sloupů těch, osmnácti loket byla výška sloupu jednoho, kterýž okolek měl dvanácti loktů, ztlouští pak čtyř prstů byl dutý.
22 ২২ আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।
A makovice na něm měděná, a makovice jedné výška pěti loket, a mřežování i jablka zrnatá na té makovici vůkol; všecko bylo měděné. Takovýž byl i sloup druhý s zrnatými jablky.
23 ২৩ চাৰিওফালে ছয়ান্নব্বৈটা ডালিম আছিল, আৰু চাৰিওফালে জালি কটাৰ ওপৰত সৰ্ব্বমুঠ এশ ডালিম আছিল।
A bylo jablek zrnatých devadesát a šest po každé straně; všudy jablek zrnatých bylo po stu na mřežování vůkol.
24 ২৪ পাছে ৰক্ষক-সেনাপতিয়ে প্ৰধান পুৰোহিত চৰায়াক, আৰু দ্বিতীয় পুৰোহিত চফনিয়াক, আৰু তিনি জন দুৱৰীক ধৰিলে।
Vzal také hejtman nad žoldnéři Saraiáše kněze předního, a Sofoniáše kněze nižšího, a tři strážné prahu.
25 ২৫ আৰু নগৰৰ লোকবিলাকৰ মাজৰ, যুদ্ধাৰুবিলাকৰ ওপৰত নিযুক্ত এজন অধ্যক্ষক, নগৰত পোৱা ৰাজসভাসদ সকলৰ সাতজন মানুহক, দেশৰ প্ৰজাবিলাকৰ সৈন্যৰ নাম ভৰ্ত্তি কৰোঁতা প্ৰধান সেনাপতিৰ লিখক জনক, আৰু নগৰৰ মাজত পোৱা দেশৰ প্ৰজাবিলাকৰ ষাঠিজন মানুহক ধৰিলে।
A z města vzal komorníka jednoho, kterýž byl hejtmanem nad muži bojovnými, a sedm mužů, jenž bývali při králi, kteříž nalezeni byli v městě, a předního spisovatele vojska, kterýž popisoval vojsko z lidu země, a šedesáte mužů z lidu země, kteříž nalezeni byli v městě.
26 ২৬ আৰু নবুজৰদান ৰক্ষক-সেনাপতিয়ে তেওঁবিলাকক ৰিব্লালৈ বাবিলৰ ৰজাৰ গুৰিলৈ লৈ গ’ল।
Zjímav tedy je Nebuzardan, hejtman nad žoldnéři, přivedl je k králi Babylonskému do Ribla.
27 ২৭ পাছে বাবিলৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত তেওঁবিলাকক আঘাত কৰাই বধ কৰিলে। এইদৰে যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ কৰা হ’ল।
I pobil je král Babylonský, a zmordoval je v Ribla v zemi Emat, a tak zaveden jest Juda z země své.
28 ২৮ নবূখদনেচৰে দেশান্তৰ কৰা লোকবিলাকৰ সংখ্যা এই; সপ্তম বছৰত তেওঁ তিনি হাজাৰ তেইশজন যিহুদী মানুহক দেশান্তৰ কৰি নিলে;
Tenť jest lid, kterýž zavedl Nabuchodonozor léta sedmého, Judských tři tisíce a třimecítma.
29 ২৯ নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;
Léta osmnáctého Nabuchodonozora zavedl z Jeruzaléma duší osm set třidceti a dvě.
30 ৩০ নবূখদনেচৰৰ ৰাজত্বৰ তেইশ বছৰৰ বছৰি নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিহুদী বিলাকৰ মাজৰ পৰা সাতশ পঞ্চল্লিশ জনক দেশান্তৰ কৰি লৈ গ’ল; সৰ্ব্বমুঠ চাৰি হাজাৰ ছশ লোক লৈ গ’ল।
Léta třimecítmého Nabuchodonozora zavedl Nebuzardan, hejtman nad žoldnéři, Judské, duší sedm set čtyřidceti a pět, všech duší čtyry tisíce a šest set.
31 ৩১ পাছে যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰৰ বছৰি, দ্বাদশ মাহৰ পঁচিশ দিনৰ দিনা বাবিলৰ ইবীল-মৰোদক ৰজাই নিজৰ ৰাজত্বৰ প্ৰথম বছৰত যিহূদাৰ ৰজা যিহোয়াখীনৰ মুৰ দাঙি, তেওঁক বন্দীশালৰ পৰা মুক্ত কৰিলে;
Stalo se také třidcátého sedmého léta po zajetí Joachina krále Judského, dvanáctého měsíce, dvadcátého pátého dne téhož měsíce, povýšil Evilmerodach král Babylonský toho léta, když počal kralovati, Joachina krále Judského, pustiv ho z žaláře.
32 ৩২ আৰু তেওঁক মৰমৰ কথা ক’লে, আৰু বাবিলত তেওঁৰ লগত থকা ৰজাবিলাকৰ আসনতকৈ তেওঁৰ আসন ওখত স্থাপন কৰিলে।
A mluvil s ním dobrotivě, i stolici jeho postavil nad stolice králů, kteříž s ním byli v Babyloně.
33 ৩৩ আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।
Změnil též roucho jeho, kteréž měl v žaláři, a jídal chléb před ním vždycky, po všecky dny života svého.
34 ৩৪ আৰু তেওঁৰ খুৰাকৰ বিষয়ে হ’লে, তেওঁ জীয়াই থাকে মানে নমৰালৈকে বাবিলৰ ৰজাৰ আজ্ঞাৰে এক এক দিনৰ উপযুক্ত খাদ্য দ্ৰব্য প্ৰতি দিনে তেওঁক দিয়া হৈছিল।
Nebo vyměřený pokrm ustavičně dáván byl jemu od krále Babylonského, a to na každý den, až do dne smrti jeho, po všecky dny života jeho.

< যেরেমিয়া 52 >