< যেরেমিয়া 43 >

1 সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
Factum est autem, cum complesset Ieremias loquens ad populum universos sermones Domini Dei eorum, pro quibus miserat eum Dominus Deus eorum ad illos, omnia verba hæc:
2 হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
dixit Azarias filius Osaiæ, et Iohanan filius Caree, et omnes viri superbi, dicentes ad Ieremiam: Mendacium tu loqueris: non misit te Dominus Deus noster, dicens: Ne ingrediamini Ægyptum ut habitetis illuc.
3 কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদীয়াসকলৰ হাতত শোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে।
Sed Baruch filius Neriæ incitat te adversum nos, ut tradat nos in manus Chaldæorum, ut interficiat nos, et traduci faciat in Babylonem.
4 এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
Et non audivit Iohanan filius Caree, et omnes principes bellatorum, et universus populus vocem Domini ut manerent in Terra Iuda.
5 কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
Sed tollens Iohanan filius Caree, et universi principes bellatorum universos reliquiarum Iuda, qui reversi fuerant de cunctis Gentibus, ad quas fuerant ante dispersi, ut habitarent in Terra Iuda:
6 অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।
viros, et mulieres, et parvulos, et filias regis, et omnem animam, quam reliquerat Nabuzardan princeps militiæ cum Godolia filio Ahicam, filii Saphan, et Ieremiam prophetam, et Baruch filium Neriæ.
7 কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহ্পন্হেচলৈকে গ’ল।
Et ingressi sunt Terram Ægypti, quia non obedierunt voci Domini: et venerunt usque ad Taphnis.
8 তেতিয়া তহ্পন্হেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Et factus est sermo Domini ad Ieremiam in Taphnis, dicens:
9 “তুমি তোমাৰ হাতত গোটাদিয়েক ডাঙৰ শিল লৈ তহ্পন্হেচত ফৰৌণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁঠনি আছে, তাৰ চুৰ্কীৰ মাজত যিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থ’বা।
Sume lapides grandes in manu tua, et abscondes eos in crypta, quæ est sub muro latericio in porta domus Pharaonis in Taphnis, cernentibus viris Iudæis:
10 ১০ তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
Et dices ad eos: Hæc dicit Dominus exercituum Deus Israel: Ecce ego mittam, et assumam Nabuchodonosor regem Babylonis servum meum: et ponam thronum eius super lapides istos, quos abscondi, et statuet solium suum super eos.
11 ১১ তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।
Veniensque percutiet Terram Ægypti: quos in mortem, in mortem: et quos in captivitatem, in captivitatem: et quos in gladium, in gladium.
12 ১২ আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
Et succendet ignem in delubris deorum Ægypti, et comburet ea, et captivos ducet illos: et amicietur Terra Ægypti, sicut amicitur pastor pallio suo: et egredietur inde in pace.
13 ১৩ তেওঁ মিচৰ দেশত থকা বৈৎ-চেমচৰ স্তম্ভবোৰ ভাঙিব আৰু মিচৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।
Et conteret statuas domus Solis, quæ sunt in Terra Ægypti: et delubra deorum Ægypti comburet igni.

< যেরেমিয়া 43 >