< যেরেমিয়া 4 >

1 যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
“Sɛ wobɛsane wʼakyi a Ao, Israel, sane bra me nkyɛn,” sei na Awurade seɛ. “Sɛ woyi wʼahoni a ɛyɛ akyiwadeɛ firi mʼani so na sɛ woammane bio,
2 আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
na sɛ, nokorɛ, pɛyɛ ne tenenee mu woka ntam sɛ, ‘Sɛ Awurade te ase yi,’ a afei mobɛyɛ nhyira ama aman no na ne mu na wɔbɛnya animuonyam.”
3 সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
Yei ne asɛm a Awurade ka kyerɛ Yuda mmarima ne Yerusalem: “Monsiesie mo asase a wɔmfuntum da na monnnua wɔ nkasɛɛ mu.
4 হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Montwitwa mo ho twetia mma Awurade montwitwa mo akoma twetia, mo Yuda mmarima ne Yerusalemfoɔ, anyɛ saa a mʼabufuhyeɛ bɛsɔre na adɛre sɛ ogya. Mo bɔne a moayɛ enti, ɛbɛhye a obiara rennum.”
5 যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
“Bɔ nkaeɛ wɔ Yuda na pae mu ka wɔ Yerusalem sɛ, ‘Hyɛn totorobɛnto no wɔ asase no nyinaa so!’ Team denden sɛ: ‘Mommoaboa mo ho ano! Momma yɛn nnwane nkɔ kuropɔn a wɔabɔ ho ban no so!’
6 যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
Momma frankaa so na monkɔ Sion monnwane nkɔbɔ mo ho adwaa! Ɛfiri sɛ mede amanehunu firi atifi fam reba, ɔsɛeɛ a ɛyɛ hu.”
7 এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
Gyata bi afiri ne tu mu; ɔbɔaman bi asi mu. Wafiri ne tenabea sɛ ɔrebɛsɛe wʼasase. Wo nkuro bɛbubu na ada mpan.
8 এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
Enti fira ayitoma, di awerɛhoɔ na twa adwo, ɛfiri sɛ Awurade abufuhyeɛ no nnane mfirii yɛn so.
9 যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
“Saa ɛda no,” Awurade na ɔseɛ, “ɔhene no ne adwumayɛfoɔ no bɛbɔ hu, asɔfoɔ no bo bɛtu, na adiyifoɔ no ho bɛdwiri wɔn.”
10 ১০ তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
Afei, mekaa sɛ, “Aa, Otumfoɔ Awurade, woadaadaa nnipa yi ne Yerusalem. Wokaa sɛ, ‘Mobɛnya asomdwoeɛ,’ wɔ ɛberɛ a akofena da yɛn mene mu.”
11 ১১ সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
Saa ɛberɛ no wɔbɛka akyerɛ nnipa yi ne Yerusalem sɛ, “Mframa a emu yɛ hyeɛ bɛbɔ afiri nkokoɔ wesee a ɛwɔ anweatam so aba me nkurɔfoɔ so, ɛnyɛ deɛ ɛpɔ ho anaa ɛhuhu soɔ;
12 ১২ সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
mframa a ano yɛ den boro saa no firi me nkyɛn. Afei, mepae mu ka mʼatemmuo a ɛtia wɔn.”
13 ১৩ চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
Hwɛ! Ɔreba sɛ omununkum, ne nteaseɛnam reba sɛ, ntwahoframa, nʼapɔnkɔ ho yɛ herɛ sene akɔdeɛ. Yɛnnue! Yɛawu!
14 ১৪ হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
Ao, Yerusalem, yi bɔne firi wʼakoma mu na woanya nkwa. Wode adwemmɔne bɛhyɛ wo mu akɔsi da bɛn?
15 ১৫ কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
Ɛnne bi rebɔ kaseɛ firi Dan, ɛrebɔ amanehunu ho dawuro firi Efraim nkokoɔ so.
16 ১৬ ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
“Monka yei nkyerɛ aman no, mommɔ no dawuro nkyerɛ Yerusalem sɛ, ‘Atuafoɔ dɔm firi akyirikyiri asase bi so reba, wɔma ɔko nteamu so de tia Yuda nkuropɔn.
17 ১৭ খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
Wɔtwa kuropɔn no ho hyia sɛ mmarima a wɔrewɛn afuo, ɛfiri sɛ me nkurɔfoɔ ate me so atua,’” sei na Awurade seɛ.
18 ১৮ তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
“Wʼankasa abrabɔ ne nneyɛeɛ na ɛde yei aba wo so. Yei yɛ wʼasotwe. Ɛyɛ nwono! Ɛwowɔ akoma!”
19 ১৯ হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
Ao mʼahoyera, mʼahoyera! Mede ɔyea nukanuka me mu. Ao mʼakoma ɔyeadie! Mʼakoma bɔ paripari wɔ me mu, mentumi nyɛ komm. Ɛfiri sɛ, mate totorobɛnto no nnyegyeɛ; mate ɔko frɛ no.
20 ২০ গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
Amanehunu di amanehunu akyi; asase no nyinaa asɛe. Wɔasɛe me ntomadan prɛko pɛ, ne me hintabea mpofirim.
21 ২১ কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
Ɛsɛ sɛ mehwɛ ɔko frankaa no na metie totorobɛnto no nnyegyeeɛ kɔsi da bɛn?
22 ২২ যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
“Me nkurɔfoɔ yɛ nkwaseafoɔ; wɔnnim me. Wɔyɛ mma a wɔnni adwen; wɔnte hwee ase. Wɔwɔ bɔneyɛ ho nyansa; na wɔnnim sɛdeɛ wɔyɛ papa.”
23 ২৩ ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
Mehwɛeɛ asase no, na ɛnni bɔbea na hwee nni so; mehwɛɛ ɔsorosoro, na wɔn hann no nni hɔ.
24 ২৪ মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
Mehwɛeɛ mmepɔ no, na wɔrewosowoso, na nkokoɔ no nyinaa rehinhim.
25 ২৫ মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
Mehwɛeɛ, na nnipa nni hɔ; ewiem anomaa biara atu kɔ.
26 ২৬ মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
Mehwɛeɛ, na nsasebereɛ no adane anweatam na ne nkuro nyinaa asɛe wɔ Awurade anim, wɔ nʼabufuhyeɛ anim.
27 ২৭ কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
Sei na Awurade seɛ: “Wɔbɛsɛe asase no nyinaa, mmom merensɛe no korakora.
28 ২৮ এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
Enti asase bɛdi awerɛhoɔ na ɔsorosoro bɛduru sum, ɛfiri sɛ makasa na merentwe nsan. Masi gyinaeɛ na mennane no.”
29 ২৯ অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
Apɔnkɔsotefoɔ ne agyantofoɔ nnyegyeeɛ ma kuro biara sofoɔ dwane. Ebinom kɔhyɛ nkyɛkyerɛ mu ebinom foro kɔ abotan mu. Nkuro no nyinaa so ada mpan; na obiara nte so.
30 ৩০ এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
Ɛdeɛn na woreyɛ Ao wo a woasɛe woɔ? Adɛn na wofira kɔben de sikakɔkɔɔ agudeɛ asiesie wo ho? Adɛn na wode nnuro keka wʼani? Wohyehyɛ wo ho kwa. Wʼadɔfoɔ bu wo animtia; wɔrepɛ wo akum wo.
31 ৩১ কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
Mete osu bi te sɛ ɔbaa a awoɔ aka no, mete apinisie te sɛ ɔbaa a ɔrebɔne awoɔ, Ɔbabaa Sion su te sɛ deɛ nisupɔporɔ ahini no, ɔtrɛ ne nsa mu na ɔka sɛ, “Afei deɛ, meretɔ baha; wɔde me kra ama awudifoɔ.”

< যেরেমিয়া 4 >