< যেরেমিয়া 28 >

1 পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,
А исте године, у почетку царовања Седекије цара Јудиног, четврте године, петог месеца, рече ми Ананија син Азоров, пророк из Гаваона, у дому Господњем пред свештеницима и свим народом говорећи:
2 “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
Овако вели Господ над војскама Бог Израиљев: Сломих јарам цара вавилонског.
3 এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।
До две године ја ћу вратити на ово место све судове дома Господњег, које узе Навуходоносор цар вавилонски одавде и однесе у Вавилон.
4 আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
И Јехонију сина Јоакимовог цара Јудиног и све робље Јудино што оде у Вавилон, ја ћу довести опет на ово место, говори Господ, јер ћу сломити јарам цара вавилонског.
5 তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,
Тада рече Јеремија пророк Ананији пророку пред свештеницима и пред свим народом, који стајаше у дому Господњем.
6 যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।
Рече Јеремија пророк: Амин, да Господ учини тако, да Господ испуни твоје речи што си пророковао да би вратио судове дома Господњег и све робље из Вавилона на ово место.
7 তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
Али чуј ову реч коју ћу ја казати пред тобом и пред свим народом:
8 মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।
Пророци који су били пре мене и пре тебе од старине, они пророковаше многим земљама и великим царствима рат и невољу и помор.
9 যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
Пророк који прориче мир, кад се збуде реч тог пророка, онда се познаје тај пророк да га је заиста послао Господ.
10 ১০ পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।
Тада Ананија пророк скиде јарам с врата Јеремији пророку и сломи га.
11 ১১ আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।
И рече Ананија пред свим народом говорећи: Овако вели Господ: Овако ћу сломити јарам Навуходоносора, цара вавилонског, до две године с врата свих народа. И оде пророк Јеремија својим путем.
12 ১২ পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
Али дође реч Господња Јеремији, пошто сломи Ананија пророк јарам с врата Јеремији пророку, и рече:
13 ১৩ “তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”
Иди и кажи Ананији и реци: Овако вели Господ: Сломио си јарам дрвени, али начини место њега гвозден јарам.
14 ১৪ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”
Јер овако вели Господ над војскама Бог Израиљев: гвозден ћу јарам метнути на врат свим тим народима да служе Навуходоносору, цару вавилонском, и служиће му, дао сам му и зверје пољско.
15 ১৫ পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Потом рече Јеремија пророк Ананији пророку: Чуј, Ананија; није те послао Господ, а ти си учинио да се народ овај поузда у лаж.
16 ১৬ এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
Зато овако вели Господ: Ево, ја ћу те скинути са земље, ове године ти ћеш умрети; јер си казивао одмет од Господа.
17 ১৭ আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।
И умре пророк Ананија те године седмог месеца.

< যেরেমিয়া 28 >