< যেরেমিয়া 18 >

1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল,
Реч која дође Јеремији од Господа говорећи:
2 বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।”
Устани, и сиђи у кућу лончареву, и онде ћу ти казати речи своје.
3 তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে।
Тада сиђох у кућу лончареву, и гле, он рађаше посао на свом колу.
4 আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে।
И поквари се у руци лончару суд који грађаше од кала, па начини изнова од њега други суд, како беше воља лончару да начини.
5 তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে,
Тада дође ми реч Господња говорећи:
6 যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা।
Не могу ли чинити од вас као овај лончар, доме Израиљев? Говори Господ; гле, шта је као у руци лончаревој, то сте ви у мојој руци, доме Израиљев.
7 যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ,
Кад бих рекао за народ и за царство да га истребим и разорим и затрем;
8 মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
Ако се обрати народ ода зла, за које бих рекао, и мени ће бити жао са зла које мишљах да му учиним.
9 আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ,
А кад бих рекао за народ и за царства да га сазидам и насадим;
10 ১০ সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
Ако учини шта је зло преда мном не слушајући глас мој, и мени ће бити жао добра које рекох да му учиним.
11 ১১ এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।”
Зато сада реци Јудејцима и Јерусалимљанима говорећи: Овако вели Господ: Ево спремам на вас зло, и мислим мисли на вас; вратите се, дакле, сваки са свог пута злог, и поправите путеве своје и дела своја.
12 ১২ কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”
А они рекоше: Нема ништа од тога, него ћемо ићи за својим мислима и чинићемо сваки по мисли срца свог злог.
13 ১৩ এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে।
Зато овако говори Господ: Питајте по народима је ли ко чуо такво шта? Грдило велико учини девојка Израиљева.
14 ১৪ লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
Оставља ли снег ливански са стене моја поља? Остављају ли се воде студене, које теку?
15 ১৫ কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
А народ мој мене заборави, кади таштини, и спотичу се на својим путевима, на старим стазама, да ходе стазама пута непоравњеног,
16 ১৬ নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
Да бих обратио земљу њихову у пустош, на вечну срамоту, да се чуди ко год прође преко ње и маше главом својом.
17 ১৭ মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম।
Као устоком разметнућу их пред непријатељем; леђа а не лице показаћу им у невољи њиховој.
18 ১৮ তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
А они рекоше: Ходите да смислимо шта Јеремији, јер неће нестати закона свештенику ни савета мудрацу ни речи пророку; ходите, убијмо га језиком и не пазимо на речи његове.
19 ১৯ হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা।
Пази на ме, Господе, и чуј глас мојих противника.
20 ২০ উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
Еда ли ће се зло вратити за добро, кад ми копају јаму? Опомени се да сам стајао пред Тобом говорећи за њихово добро, да бих одвратио гнев Твој од њих.
21 ২১ এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
Зато предај синове њихове глади и учини да изгину од мача, и жене њихове да буду сироте и удове, и мужеви њихови да се погубе, младиће њихове да побије мач у боју.
22 ২২ তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
Нека се чује вика из кућа њихових, кад доведеш на њих војску изненада; јер ископаше јаму да ме ухвате, и замке наместише ногама мојим.
23 ২৩ তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা; কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।
А Ти, Господе, знаш све што су наумили мени да ме убију, немој им опростити безакоња ни грех њихов избрисати испред себе; него нека попадају пред Тобом, у гневу свом ради супрот њима.

< যেরেমিয়া 18 >