< যেরেমিয়া 12 >

1 “হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
Spravedlivý zůstaneš, Hospodine, povedu-li odpor proti tobě, a však o soudech tvých mluviti budu s tebou. Proč se cestě bezbožníků šťastně vede? Mají pokoj všickni, kteříž se pyšně zpronevěřili.
2 তুমি তেওঁলোকক ৰোপন কৰিলা, এনে কি, তেওঁলোক শিপালে। তেওঁলোক বাঢ়িছে, এনে কি, ফলো ধৰিছে; তুমি তেওঁলোকৰ মুখৰ বাক্যত ওচৰ, কিন্তু তেওঁলোকৰ হৃদয়ৰ পৰা দূৰ।
Štěpuješ je, ano i vkořeňují se; rostou, ano i ovoce nesou ti, jejichžto úst blízko jsi, ale daleko od ledví jejich.
3 কিন্তু হে যিহোৱা, তুমি হ’লে মোক জানি আছা। মোক দেখিও আছা, আৰু তোমালৈ মোৰ মন কেনে, তাক পৰীক্ষাও কৰিছা। বধ কৰিবৰ কাৰণে উলিওৱা মেৰ-ছাগৰ দৰে তেওঁলোকক টানি উলিওৱা, আৰু হত্যা দিনৰ কাৰণে তেওঁলোকক পৃথক কৰি ৰাখা।
Ale ty, Hospodine, znáš mne, prohlédáš mne, a zkusils srdce mého, že s tebou jest, onyno pak táhneš jako ovce k zabíjení, a připravuješ je ke dni zabití.
4 কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
Dokudž by žalostila země, a bylina všeho pole svadla pro zlost přebývajících v ní, a hynulo každé hovado i ptactvo? Nebo říkají: Nevidíť Bůh skončení našeho.
5 তুমি পদাতিকসকলকৰ লগত লৰ মাৰিলে, তেওঁলোকে যদি তোমাক ক্লান্ত কৰে, তেন্তে ঘোঁৰাৰ লগত লৰ মাৰি কেনেকৈ জিকিবা? আৰু যদিও তুমি শান্তিৰ দেশত নিৰাপদে থাকা, তথাপি যৰ্দ্দনৰ শোভাস্বৰূপ অৰণ্যত কি কৰিবা?
Poněvadž tebe s pěšími běžícího k ustání přivodí, kterakž bys tedy stačil při koních? A poněvadž v zemi pokojné, jíž jsi se dověřil, ustáváš, což pak spravíš při tom zdutém Jordánu?
6 কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
Nebo i bratří tvoji i dům otce tvého zpronevěřili se tobě, a ti také povolávají za tebou plnými ústy. Nevěř jim, byť pak mluvili s tebou přátelsky.
7 মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
Opustil jsem dům svůj, zavrhl jsem dědictví své, dal jsem to, což velice milovala duše má, v ruce nepřátel jeho.
8 মোৰ পক্ষে মোৰ আধিপত্য কাঠনিত থকা সিংহৰ দৰে হ’ল; সি মোৰ বিৰুদ্ধে গুজৰিছে, সেই কাৰণে মই তাক ঘিণ কৰিলোঁ।
Učiněno jest mi dědictví mé podobné lvu v lese, vydává proti mně hlas svůj, pročež ho nenávidím.
9 মোৰ আধিপত্য মোৰ কাৰণে ফুটুকা-ফুটুকী চৰাইৰ নিচিনা নহয় নে? তাৰ চাৰিওফালে চিকাৰী চৰাইবোৰ নাই নে? তোমালোকে যোৱা, মোৰ আদিপত্য ভোজন কৰিবলৈ বনৰীয়া পশু আটাইবোৰ গোটাই আনাগৈ।
A což ptákem dravým jest mi dědictví mé? Což ptactvo vůkol bude proti němu? Jdětež nu, shromažďte se všecka zvířata polní, sejděte se k jídlu.
10 ১০ অনেক মেৰ-ছাগৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
Mnozí pastýři zkazí vinici mou, pošlapají podíl můj, podíl mně velmi milý obrátí v poušť nejhroznější,
11 ১১ তেওঁলোকে তাক উচ্ছন্ন ঠাই কৰিলে, সেয়ে ধ্বংস হৈ মোৰ আগত বিলাপ কৰিছে; সমুদায় দেশ উচ্ছন্ন হ’ল, কাৰণ কোনেও মনোযোগ কৰা নাই।
Obrátí jej v pustinu. Kvíliti bude, spustošen jsa ode mne; spustne všecka tato země, nebo není žádného, kdo by to v srdci skládal.
12 ১২ অৰণ্যত থকা গছশূন্য পৰ্ব্বতবোৰৰ ওপৰলৈকে ধ্বংসকাৰীসকল গ’ল; কিয়নো যিহোৱাৰ তৰোৱালে এক সীমাৰ পৰা আন সীমালৈকে সকলোকে গ্ৰাস কৰিছে, কোনো প্ৰাণীৰ শান্তি নাই।
Na všecka místa vysoká po poušti potáhnou zhoubcové, meč zajisté Hospodinův zžíře od jednoho kraje země až do druhého, nebude míti pokoje žádné tělo.
13 ১৩ তেওঁবিলাকে ঘেঁহু বৈ কাঁইট দালে। তেওঁলোকে দুখ কৰিও একো উপকাৰ নাপালে; তেওঁলোকে যিহোৱা প্ৰচণ্ড ক্ৰোধৰ কাৰণে নিজ নিজ ফলৰ বিষয়ে লজ্জিত হোৱা।
Nasejí pšenice, ale trní žíti budou; bolestně to ponesou, že užitku nevezmou, a styděti se budou za úrody své pro prchlivost hněvu Hospodinova.
14 ১৪ মই মোৰ প্ৰজা ইস্ৰায়েলক অধিকাৰ কৰোঁৱা অধিপত্যক স্পৰ্শ কৰা মোৰ আটাই দুষ্ট ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে যিহোৱাই এইদৰে কৈছে: চোৱা, মই তেওঁলোকৰ মাটিৰ পৰা তেওঁলোকক উঘালিম, আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা বংশকো উঘালিম।
Takto praví Hospodin o všech mých sousedech zlých, jenž se dotýkají dědictví, kteréž jsem uvedl v dědictví lidu svému Izraelskému: Aj, já vypléním je z země jejich, když dům Judský vypléním z prostředku jejich.
15 ১৫ কিন্তু উঘলাৰ পাছত, মই পুনৰায় দয়া কৰিম; আৰু প্ৰতিজনক তাৰ আধিপত্যলৈ, আৰু তাৰ মাটিলৈ আনিম।
Stane se však, když je vypléním, že se navrátím a smiluji se nad nimi, a přivedu zase jednoho každého z nich k dědictví jeho, a jednoho každého do země jeho.
16 ১৬ এনেকৈ তেওঁলোকে মোৰ প্ৰজাসকলক বালৰ নামেৰে শপত খাবলৈ শিকাইছিল, তেনেকৈ “যিহোৱাৰ জীৱনৰ শপত!” বুলি মোৰ নামেৰে শপত কৰিবলৈ মোৰ প্ৰজাসকলৰ পথ যদি তেওঁলোকে যত্নেৰে শিকে, তেন্তে মোৰ প্ৰজাসকলৰ মাজত তেওঁলোকক স্থাপন কৰা হ’ব।
Stane se také, jestliže by se pilně učili cestám lidu mého, a přisahali by ve jménu mém, říkajíce: Živť jest Hospodin, jakž oni učívali lid můj přisahati skrze Bále, že vzděláni budou u prostřed lidu mého.
17 ১৭ যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”
Jestliže by pak neposlouchali, tedy pléniti budu národ ten ustavičně a hubiti, dí Hospodin.

< যেরেমিয়া 12 >