< যাকোব 2 >

1 হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
Frè m yo, pa kenbe lafwa nou nan Senyè laglwa nou an, Jésus Kri avèk patipri.
2 কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে,
Paske si yon moun vini nan asanble nou an avèk yon bag ki fèt an lò, abiye ak bèl rad, e la tou, gen yon pòv ak rad sal,
3 তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰজনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”;
epi nou prete atansyon espesyal a sila ki byen abiye a, e nou di l: “Ou mèt chita la nan yon bon plas”, epi nou di a pòv la: “Chita laba”, oubyen: “Chita bò pye m nan”,
4 তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে?
Èske nou pa fè yon distenksyon pami nou menm, e nou vin jij avèk move lentansyon?
5 হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
Koute, frè byeneme m yo, èske Bondye pa t chwazi pòv a mond sa a pou vin rich nan lafwa, e eritye a wayòm ke Li te pwomèt a sila ki renmen Li yo?
6 কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
Men nou te dezonore moun pòv la. Èske se pa rich yo ki oprime nou e mennen nou tout nan tribinal.
7 আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰে নে?
Èske yo pa blasfeme bèl non pa sila nou te resevwa apèl la?
8 যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
Men, si nou ap akonpli lalwa wayal la selon Lekriti a: “Nou dwe renmen vwazen nou, tankou tèt nou,” nou ap fè byen.
9 কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে।
Men si nou montre patipri, nou ap fè peche e gen tan vin koupab devan lalwa kòm transgresè.
10 ১০ কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ’ল৷
Paske sila ki kenbe tout lalwa a, malgre sa, li tonbe nan yon sèl, li vin koupab de tout.
11 ১১ কিয়নো যিজন ঈশ্ৱৰ হয়, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰ-বধ নকৰিবা৷” এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল।
Paske, Sila a ki te di: “Pa fè adiltè” a, Li te di tou: “Pa touye moun”. Alò, si nou pa fè adiltè, men nou touye moun, nou gen tan vin yon transgresè lalwa.
12 ১২ যি সকল লোকৰ সোধ-বিচাৰ হ’ব, সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব; আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
Konsa, pale e aji kòm sila ki va jije pa lalwa libète a.
13 ১৩ কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
Paske jijman va san mizerikòd pou sila ki pa montre mizerikòd la, paske mizerikòd triyonfe sou jijman.
14 ১৪ হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?
Kisa sa sèvi, frè m yo, si yon moun di ke li gen lafwa, men li pa gen zèv? Èske lafwa sa a kapab sove li?
15 ১৫ কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
Si yon frè oubyen yon sè san rad, e nan bezwen manje chak jou,
16 ১৬ আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ?
epi youn nan nou di yo: “Ale anpè; chofe kò nou e plen vant nou,” men malgre sa, nou pa bay yo sa ke yo bezwen pou kò yo, kisa sa sèvi?
17 ১৭ ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
Menm jan an lafwa, si li pa gen zèv, li mouri pou kont li.
18 ১৮ তথাপি কোনোবাই ক’ব পাৰে, “তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎ কৰ্ম আছে।” বাৰু, তেনেহলে বিনাকৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওঁক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই অাপোনাক মোৰ বিশ্বাস দেখুৱাম।
Konsa, yon moun ka byen di: “Ou gen lafwa e mwen gen zèv. Montre m lafwa ou a san zèv, e mwen va montre ou lafwa pa m nan pa zèv.”
19 ১৯ ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
Ou kwè ke Bondye se yon sèl. Ou fè byen. Demon yo kwè tou, e yo tranble.
20 ২০ কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে?
Men èske ou dakò pou rekonèt, o moun ensanse, ke lafwa san zèv vin initil?
21 ২১ আমাৰ পিতৃ অব্ৰাহামে যজ্ঞবেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে?
Èske Abraham, zansèt nou an, pa t jistifye pa zèv lè li te ofri Isaac, fis li a, sou lotèl la?
22 ২২ এইদৰে চালে দেখিব যে, বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল।
Nou wè ke lafwa t ap travay avèk zèv li yo, e kòm rezilta a, zèv lafwa li a te vin pafè.
23 ২৩ এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, য’ত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।
Konsa, Lekriti a te akonpli sa ki di: “Abraham te kwè Bondye, e sa te konte pou li kòm ladwati,” e li te rele zanmi a Bondye a.
24 ২৪ আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়।
Menmjan nou wè ke yon nonm jistifye pa zèv, e non sèlman pa lafwa a.
25 ২৫ সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
Paske menm jan èske Rahab, fanm movèz vi a, p at jistifye pa zèv lè l te resevwa mesajè yo epi te voye yo ale pa yon lòt chemen an?
26 ২৬ কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।
Paske menm jan ke kò san lespri a mouri deja, menm jan an tou lafwa san zèv deja mouri.

< যাকোব 2 >