< ইসাইয়া 65 >

1 যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ; মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক “এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।
“I revealed Myself to those who did not ask for Me; I was found by those who did not seek Me. To a nation that did not call My name, I said, ‘Here I am! Here I am!’
2 যি সকলে নিজৰ কল্পনামতে কুপথত চলে, আৰু যি ভাল নহয় তেনে পথত চলে, এনে বিদ্ৰোহী লোকসকলকৰ আগত ওৰে দিনটো মই মোৰ হাত মেলিলোঁ।
All day long I have held out My hands to an obstinate people who walk in the wrong path, who follow their own imaginations,
3 বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।
to a people who continually provoke Me to My face, sacrificing in the gardens and burning incense on altars of brick,
4 তেওঁলোক মৈদামবোৰৰ মাজত বহে, আৰু গোটেই ৰাতি পহৰা দিয়ে, গাহৰি মাংস খায়, আৰু নিজৰ পাত্ৰত ঘিণলগীয়া মাংসৰ জোল ৰাখে,
sitting among the graves, spending nights in secret places, eating the meat of pigs and polluted broth from their bowls.
5 তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
They say, ‘Keep to yourself; do not come near me, for I am holier than you!’ Such people are smoke in My nostrils, a fire that burns all day long.
6 চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
Behold, it is written before Me: I will not keep silent, but I will repay; I will pay it back into their laps,
7 যিহোৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্ব্বতবোৰত ধূপ জলোৱা আৰু উপ-পৰ্ব্বতবোৰত মোক নিন্দা কৰা, তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰো অপৰাধৰ প্ৰতিফল তোমালোকক দিম, আৰু মই প্ৰথমে তেওঁলোকৰ অতীতৰ কাৰ্য জুখি তেওঁলোকৰ বুকুত প্ৰতিফল দিম।
both for your iniquities and for those of your fathers,” says the LORD. “Because they burned incense on the mountains and scorned Me on the hills, I will measure into their laps full payment for their former deeds.”
8 যিহোৱাই এই কথা কৈছে, “যেনেকৈ দ্ৰাক্ষাৰ থোকত ৰস পোৱা যায়, আৰু যেতিয়া কোনো এজনে কয়, তাক নষ্ট নকৰিবা, কিয়নো তাত ভাল আছে, সেই দৰে, মই মোৰ দাসবোৰৰ বাবেও তেনে কৰিম, মই সকলোকে নষ্ট নকৰিম।
This is what the LORD says: “As the new wine is found in a cluster of grapes, and men say, ‘Do not destroy it, for it contains a blessing,’ so I will act on behalf of My servants; I will not destroy them all.
9 মই যাকোবৰ বংশৰ পৰা, আৰু যিহূদাৰ পৰা মোৰ পৰ্ব্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম; আৰু মোৰ মনোনীত লোকসকলে তাত অধিকাৰ কৰিব, আৰু মোৰ দাসবোৰে তাত বসতি কৰিব।
And I will bring forth descendants from Jacob, and heirs from Judah; My elect will possess My mountains, and My servants will dwell there.
10 ১০ মোক বিচাৰা মোৰ লোকসকলৰ বাবে, চাৰোণ মেৰ-ছাগৰ জাকৰ চৰণীয়া ঠাই হ’ব, আৰু আখোৰ উপত্যকা গৰুৰ জাকবোৰৰ শোৱা ঠাই হ’ব।
Sharon will become a pasture for flocks, and the Valley of Achor a resting place for herds, for My people who seek Me.
11 ১১ কিন্তু যিহোৱাক ত্যাগ কৰা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতক পাহৰা, ভাগ্যদেৱতালৈ মেজ সজোৱা, ভাগ্য নিৰূপণ দেৱীলৈ দ্ৰাক্ষাৰসেৰে পানপাত্ৰ পূৰ কৰা যি তোমালোক,
But you who forsake the LORD, who forget My holy mountain, who set a table for Fortune and fill bowls of mixed wine for Destiny,
12 ১২ তোমালোকক তৰোৱালৰ বাবে মই নিৰূপণ কৰিম, আৰু তোমালোকে বলি হ’বলৈ মূৰ দোঁৱাবা। কাৰণ মই যেতিয়া মাতিলো তোমালোকে উত্তৰ নিদিলা, আৰু মই যেতিয়া কলোঁ, তোমালোকে নুশুনিলা; কিন্তু মোৰ দৃষ্টিত যি বেয়া, তাকেই তোমালোকে কৰিলা, আৰু যিহতে মোৰ সন্তোষ নাপাওঁ, তাকেই কৰিবলৈ তোমালোকে বাচি ল’লা।
I will destine you for the sword, and you will all kneel down to be slaughtered, because I called and you did not answer, I spoke and you did not listen; you did evil in My sight and chose that in which I did not delight.”
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসবোৰে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসবোৰে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসবোৰে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
Therefore this is what the Lord GOD says: “My servants will eat, but you will go hungry; My servants will drink, but you will go thirsty; My servants will rejoice, but you will be put to shame.
14 ১৪ চোৱা, মোৰ দাসবোৰে মনৰ আনন্দ গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাতৰোক্তি কৰিবা, আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা।
My servants will shout for joy with a glad heart, but you will cry out with a heavy heart and wail with a broken spirit.
15 ১৫ মোৰ মনোনীত লোকসকলৰ বাবে শাও দিবলৈ তোমালোকে তোমালোকৰ নাম থৈ যাবা, আৰু মই, প্ৰভু যিহোৱাই তোমাক মৃত্যু দিম, আৰু নিজ দাসবোৰ আন নামেৰে মাতিব।
You will leave behind your name as a curse for My chosen ones, and the Lord GOD will slay you; but to His servants He will give another name.
16 ১৬ যি মানুহে পৃথিবীত নিজকে আশীৰ্ব্বাদিত বুলি কয়, তেওঁলোক মোৰ দ্বাৰাই আশীৰ্বাদিত হ’ব। আৰু যি মানুহে পৃথিবীত শপত খায়, তেওঁ সত্য ঈশ্বৰৰ নামেৰেহে শপত খাব; কিয়নো পূৰ্বকালৰ সকলো সঙ্কট পাহৰা হ’ল, আৰু মোৰ দৃষ্টিৰ পৰা সেইবোৰ লুকাল।
Whoever invokes a blessing in the land will do so by the God of truth, and whoever takes an oath in the land will swear by the God of truth. For the former troubles will be forgotten and hidden from My sight.
17 ১৭ কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
For behold, I will create new heavens and a new earth. The former things will not be remembered, nor will they come to mind.
18 ১৮ কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকসকলক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।
But be glad and rejoice forever in what I create; for I will create Jerusalem to be a joy and its people to be a delight.
19 ১৯ মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।
I will rejoice in Jerusalem and take delight in My people. The sounds of weeping and crying will no longer be heard in her.
20 ২০ সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা, বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ’ব; ডেকা লোক এশ বছৰ বয়সীয়া হৈ মৰিব, আৰু পাপী জনে এশ বছৰ বয়স পাই অভিশপ্ত হৈ মৰিব।
No longer will a nursing infant live but a few days, or an old man fail to live out his years. For the youth will die at a hundred years, and he who fails to reach a hundred will be considered accursed.
21 ২১ তেওঁলোকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।
They will build houses and dwell in them; they will plant vineyards and eat their fruit.
22 ২২ আন লোক বাস কৰিবলৈ তেওঁলোকে ঘৰ নাসাজিব, আৰু আন লোক ভোগ কৰিবলৈ তেওঁলোকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ লোকসকলৰো আয়ুস সিমান হ’ব, আৰু মোৰ মনোনীত লোকসকলে নিজৰ হাতেৰে কৰা কাৰ্যৰ ফল বহুকাললৈকে ভোগ কৰিব।
No longer will they build houses for others to inhabit, nor plant for others to eat. For as is the lifetime of a tree, so will be the days of My people, and My chosen ones will fully enjoy the work of their hands.
23 ২৩ তেওঁলোকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ বাবে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁলোক আৰু তেওঁলোকৰ সন্তান যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাসকলৰ বংশ।
They will not labor in vain or bear children doomed to disaster; for they will be a people blessed by the LORD— they and their descendants with them.
24 ২৪ তেওঁলোকে নামাতোঁতেই মই উত্তৰ দিম, আৰু তেওঁলোকৰ কথা কয় শেষ নকৰোঁতেই মই শুনিম।
Even before they call, I will answer, and while they are still speaking, I will hear.
25 ২৫ ৰাংকুকুৰ আৰু মেৰ-ছাগ পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব, আৰু ধূলিয়েই সৰ্পৰ আহাৰ হ’ব। যিহোৱাই কৈছে, মোৰ সমস্ত পৰ্ব্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব।
The wolf and the lamb will feed together, and the lion will eat straw like the ox, but the food of the serpent will be dust. They will neither harm nor destroy on all My holy mountain,”

< ইসাইয়া 65 >