< ইসাইয়া 63 >

1 ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Ко је оно што иде из Едома, из Восора, у црвеним хаљинама? Красно одевен, корачајући у величини силе своје? Ја сам, који говорим правду и вредан сам спасти.
2 তোমাৰ সাজ ৰঙা কিয়, আৰু কিয় তোমাৰ বস্ত্ৰ দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকা লোকৰ দৰে?
Зашто Ти је црвено одело и хаљине Ти као у оног који гази у каци?
3 মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
Газих сам у каци, и нико између народа не беше са мном; али их изгазих у гневу свом и потлачих у љутини својој; и крв њихова попрска ми хаљине и искаљах све одело своје.
4 কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।
Јер је дан од освете у срцу мом, и дође година да се моји искупе.
5 মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
Погледах, а никога не беше да помогне, и зачудих се што никога не беше да подупре; али ме десница моја избави и јарост моја подупре ме.
6 মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ, আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।
И изгазих народе у гневу свом, и опојих их јарошћу својом, и пролих на земљу крв њихову.
7 মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।
Помињаћу доброту Господњу, хвалу Господњу за све што нам је учинио Господ, и мноштво добра што је учинио дому Израиљевом по милости својој и по великој доброти својој.
8 কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
Јер рече: Доиста су мој народ, синови, који неће изневерити. И би им Спаситељ.
9 তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
У свакој тузи њиховој Он беше тужан, и анђео, који је пред Њим, спасе их. Љубави своје ради и милости своје ради Он их избави, и подиже их и носи их све време.
10 ১০ কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Али се одметаше и жалостише Свети Дух Његов; зато им поста непријатељ, и ратова на њих.
11 ১১ তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
Али се опомену старих времена, Мојсија, народа свог: где је Онај који их изведе из мора с пастиром стада свог? Где је Онај што метну усред њих Свети Дух свој?
12 ১২ মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
Који их води славном мишицом својом за десницу Мојсијеву? Који раздвоји воду пред њима, да стече себи вечно име?
13 ১৩ তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত?
Који их води преко бездана као коња преко пустиње, да се не спотакоше?
14 ১৪ উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহোৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল; নিজৰ নামৰ প্রশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা।
Дух Господњи води их тихо, као кад стока силази у долину; тако си водио свој народ да стечеш себи славно име.
15 ১৫ স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
Погледај с неба, и види из стана светиње своје и славе своје, где је ревност Твоја и сила Твоја, мноштво милосрђа Твог и милости Твоје? Еда ли ће се мени устегнути?
16 ১৬ কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
Ти си заиста Отац наш, ако и не зна Аврам за нас, и Израиљ нас не познаје; Ти си, Господе, Отац наш, име Ти је, откако је века, Избавитељ наш.
17 ১৭ হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।
Зашто си нам дао да зађемо, Господе, с путева Твојих? Да нам отврдне срце да Те се не бојимо? Врати се ради слуга својих, ради племена наследства свог.
18 ১৮ তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
Замало наследи народ светости Твоје; непријатељи наши погазише светињу Твоју.
19 ১৯ যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।
Постасмо као они којима ниси никада владао нити је призивано име Твоје над њима.

< ইসাইয়া 63 >