< ইসাইয়া 6 >

1 উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।
Године које умре цар Озија видех Господа где седи на престолу високом и издигнутом, и скут Му испуњаваше цркву.
2 তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।
Серафими стајаху више Њега, сваки их имаше шест крила: двема заклањаше лице своје и двема заклањаше ноге своје, а двема летеше.
3 প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
И викаху један другом говорећи: Свет, свет, свет је Господ над војскама; пуна је сва земља славе Његове.
4 আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে।
И задрмаше се прагови на вратима од гласа којим викаху, и дом се напуни дима.
5 মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।
И рекох: Јао мени! Погибох, јер сам човек нечистих усана, и живим усред народа нечистих усана, јер Цара Господа над војскама видех својим очима.
6 তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
А један од серафима долете к мени држећи у руци жив угљен, који узе с олтара клештима,
7 তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে, “চোৱা, ই তোমাৰ ওঁঠত স্পৰ্শ কৰিছে; তোমাৰ অপৰাধ গুচোৱা হ’ল, আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ’ল।”
И дотаче се уста мојих, и рече: Ево, ово се дотаче уста твојих, и безакоње твоје узе се, и грех твој очисти се.
8 মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
Потом чух глас Господњи где рече: Кога ћу послати? И ко ће нам ићи? А ја рекох: Ево мене, пошаљи мене.
9 তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা।
А Он рече: Иди, и реци том народу: Слушајте али нећете разумети, гледајте али нећете познати.
10 ১০ এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।”
Учини да одебља срце том народу и уши да им отежају, и очи им затвори, да не виде очима својим и ушима својим да не чују и срцем својим да не разумеју и не обрате се и не исцеле.
11 ১১ তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনশূন্য হোৱা জাবৰৰ দ্বৰে নহয়,
А ја рекох: Докле, Господе? А Он рече: Докле не опусте градови да буду без становника и куће да буду без људи, и земља докле сасвим не опусти,
12 ১২ যিহোৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়াই, আৰু দেশ নিৰ্জনতাৰে পৰিত্যক্ত নহ’ব।
И докле Господ оправи далеко људе и буде сама пустош у земљи.
13 ১৩ যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব; যি দৰে এলা আৰু ওক গছ কটা হ’য়, কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়।”
Али ће још бити у њој десетина, па ће се и она затрти; али као храст или брест, којима и кад збаце лишће остаје стабло, тако ће свето семе бити њено стабло.

< ইসাইয়া 6 >