< ইসাইয়া 54 >

1 সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।
你這不懷孕、不生養的要歌唱; 你這未曾經過產難的要發聲歌唱,揚聲歡呼; 因為沒有丈夫的比有丈夫的兒女更多。 這是耶和華說的。
2 তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।
要擴張你帳幕之地, 張大你居所的幔子,不要限止; 要放長你的繩子, 堅固你的橛子。
3 তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।
因為你要向左向右開展; 你的後裔必得多國為業, 又使荒涼的城邑有人居住。
4 ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
不要懼怕,因你必不致蒙羞; 也不要抱愧,因你必不致受辱。 你必忘記幼年的羞愧, 不再記念你寡居的羞辱。
5 তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
因為造你的是你的丈夫; 萬軍之耶和華是他的名。 救贖你的是以色列的聖者; 他必稱為全地之上帝。
6 কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।
耶和華召你, 如召被離棄心中憂傷的妻, 就是幼年所娶被棄的妻。 這是你上帝所說的。
7 “মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম।
我離棄你不過片時, 卻要施大恩將你收回。
8 অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,
我的怒氣漲溢, 頃刻之間向你掩面, 卻要以永遠的慈愛憐恤你。 這是耶和華-你的救贖主說的。
9 “এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ।
這事在我好像挪亞的洪水。 我怎樣起誓不再使挪亞的洪水漫過遍地, 我也照樣起誓不再向你發怒, 也不斥責你。
10 ১০ যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
大山可以挪開, 小山可以遷移; 但我的慈愛必不離開你; 我平安的約也不遷移。 這是憐恤你的耶和華說的。
11 ১১ হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
你這受困苦、被風飄蕩不得安慰的人哪, 我必以彩色安置你的石頭, 以藍寶石立定你的根基;
12 ১২ মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম, আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম।
又以紅寶石造你的女牆, 以紅玉造你的城門, 以寶石造你四圍的邊界。
13 ১৩ তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।
你的兒女都要受耶和華的教訓; 你的兒女必大享平安。
14 ১৪ ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।
你必因公義得堅立, 必遠離欺壓,不致害怕; 你必遠離驚嚇,驚嚇必不臨近你。
15 ১৫ চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।
即或有人聚集,卻不由於我; 凡聚集攻擊你的,必因你仆倒。
16 ১৬ চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।
吹噓炭火、打造合用器械的鐵匠是我所造; 殘害人、行毀滅的也是我所造。
17 ১৭ তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
凡為攻擊你造成的器械必不利用; 凡在審判時興起用舌攻擊你的, 你必定他為有罪。 這是耶和華僕人的產業, 是他們從我所得的義。 這是耶和華說的。

< ইসাইয়া 54 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark