< ইসাইয়া 53 >

1 আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল?
Hwan na wagye yɛn asɛnka no adie, na Awurade abasa no, hwan so na ada adie?
2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
Ɔnyinii wɔ nʼanim te sɛ dua mono ketewa bi, te sɛ nhini a ɛfiri asase wesee mu. Ɔnni ahoɔfɛ anaa animuonyam a ɛbɛtwetwe yɛn akɔ ne nkyɛn. Na biribiara nni ne ho ɛbɛma yɛn ani agye ne ho.
3 তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ।
Nnipa bɔɔ no ahohora na wɔpoo no, Ɔwerɛhoni a ɔnim ɔyea. Yɛdanee yɛn ani a yɛanhwɛ no mpo; wɔbuu no animtiaa na yɛn nso, yɛammu no.
4 নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ললে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত, আৰু পীড়িত বুলি ভাবিলো।
Ampa ara ɔfaa yɛn mmerɛyɛ, na ɔsoaa yɛn awerɛhoɔ, nanso yɛbuu no sɛ Onyankopɔn na watwe nʼaso. Yebuu no sɛ Onyankopɔn na wabɔ no na wadwerɛ no.
5 কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
Nanso, yɛn mmarato enti na wɔpiraa noɔ, yɛn amumuyɛ enti na wɔdwerɛɛ no; asotwe a ɛde asomdwoeɛ brɛɛ yɛn no daa no so, na nʼapirakuro mu na yɛnya ayaresa.
6 আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
Yɛn nyinaa ayera yera te sɛ nnwan, yɛn mu biara afa ne kwan; na Awurade de yɛn nyinaa amumuyɛ asoa.
7 তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
Wɔhyɛɛ no so, yɛɛ no aniɛyaa, nanso wammue nʼano; wɔde no kɔɔeɛ te sɛ odwammaa a wɔrekɔku no. Sɛdeɛ odwammaa yɛ dinn wɔ ne nwitwitwafoɔ anim no, saa ara na wammue nʼano.
8 তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল।
Wɔnam nhyɛsoɔ ne atemmuo so faa no kɔɔeɛ. Na hwan na ɔbɛtumi aka nʼasefoɔ ho asɛm? Ɛfiri sɛ wɔyii no firii asase yi so; me nkurɔfoɔ mmarato enti, wɔtwee nʼaso.
9 তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল।
Wɔyɛɛ ne damena wɔ abɔnefoɔ mu, na ne wuo mu, wɔde no too adefoɔ mu ɛwom sɛ wanyɛ akakabensɛm biara, na obiara ante atorɔsɛm biara amfiri nʼano.
10 ১০ তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।
Nanso ɛyɛɛ Awurade pɛ sɛ ɔbɛdwerɛ no ama no ahunu amane. Mpo ɔde ne nkwa ayɛ afɔdie afɔrebɔdeɛ. Ɔbɛhunu nʼasefoɔ na ne nna bɛware, na Awurade pɛ bɛkɔ so wɔ ne nsam.
11 ১১ তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব।
Ne kra amanehunu akyi, ɔbɛhunu nkwa hann, na ne bo atɔ ne yam; na ne suahunu mu, me ɔsomfoɔ teneneeni no bɛbu bebree bem, na wasoa wɔn amumuyɛ.
12 ১২ সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।
Enti mɛma no kyɛfa wɔ akɛsefoɔ mu, na ɔne ahoɔdenfoɔ bɛkyɛ asadeɛ ɛfiri sɛ ɔde ne nkwa too hɔ maa owuo, na wɔkan no fraa mmaratofoɔ. Ɔsoaa nnipa bebree bɔne, na ɔdi maa mmaratofoɔ.

< ইসাইয়া 53 >