< ইসাইয়া 47 >

1 হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
Descends et assieds-toi dans la poussière, vierge, fille de Babel! Assieds-toi à terre, faute de trône, fille de Chaldée! Car désormais on ne t’appellera plus la délicate, la voluptueuse.
2 জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
Saisis les meules et va moudre la farine; relève ton voile, retrousse la traîne de ta robe, découvre tes jambes pour traverser les rivières.
3 তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
Ta nudité sera mise à jour et ta honte sera visible; je vais exercer ma vengeance, sans me heurter contre personne.
4 আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
Quant à nous, notre sauveur s’appelle l’Eternel-Cebaot, le Saint d’Israël.
5 হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰাণী বুলি মতা নহ’বা।
Reste assise en silence et enfoncée dans les ténèbres, fille de Chaldée! Car désormais on ne t’appellera plus la reine des empires.
6 মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলোঁ, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
J’Étais irrité contre mon peuple, j’avais repoussé mon héritage et les avais livrés entre tes mains: tu ne leur témoignas aucune pitié, même sur les vieillards tu fis peser lourdement ton joug.
7 তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
Et tu disais: "À jamais je serai souveraine!" parce que tu ne prenais rien de tout cela à cœur et ne pensais nullement à la fin.
8 নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”
Or maintenant, écoute donc ceci, amie des plaisirs, qui trônes en sécurité et dis en toi-même: "Moi et personne hors de moi! Je ne serai pas réduite au veuvage ni n’éprouverai la privation d’enfants!"
9 কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
Eh bien, ces deux coups te frapperont soudain, le même jour: privation d’enfants et veuvage; dans toute leur étendue ils t’atteindront, malgré la multiplicité de tes magies et le nombre infini de tes sortilèges.
10 ১০ তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
Tu avais foi dans ta malfaisance, tu disais: "Personne ne me voit!" Ta sagesse, ta science t’ont égarée, et ainsi tu pensais en toi-même: "Moi et personne que moi!"
11 ১১ বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
C’Est pourquoi, un malheur s’abat sur toi que tu ne sauras prévenir, une catastrophe t’atteint que tu ne pourras conjurer; la ruine t’accable soudain, sans que tu l’aies prévue.
12 ১২ যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
Relève-toi donc au moyen de tes sortilèges et de tes nombreuses magies auxquelles tu as consacré tes forces depuis ta jeunesse; peut-être réussiras-tu à en tirer profit, peut-être recouvreras-tu ta puissance.
13 ১৩ তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
Tu t’es épuisée à force de faire des projets; qu’ils se lèvent donc et te sauvent, ces contemplateurs du ciel qui observent les étoiles, qui pronostiquent à chaque lunaison ce qui doit t’arriver.
14 ১৪ চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
Mais les voilà devenus comme du chaume, que l’incendie a consumé, ils ne peuvent se préserver des atteintes de la flamme; ce n’est pas du charbon pour se chauffer, ni un brasier devant lequel on puisse s’asseoir.
15 ১৫ সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।
Voilà à quoi te servent ceux pour qui tu t’es mise en frais; ceux qui trafiquèrent avec toi depuis ta jeunesse errent chacun de son côté, personne ne vient à ton secours.

< ইসাইয়া 47 >