< ইসাইয়া 4 >

1 সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব, আৰু ক’ব, “আমি আমাৰ নিজৰ আহাৰ খাম, আৰু নিজৰ বস্ত্র পিন্ধিম; কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম লবলৈ দিয়ক।” 2 সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব। 3 তেতিয়া চিয়োন আৰু যিৰূচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্রতিজনকে পবিত্ৰ বুলি কোৱা হ’ব। 4 ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব। 5 তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোঁৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব। 6 এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰণ হ’ব।

< ইসাইয়া 4 >