< ইসাইয়া 37 >

1 সেই কথা শুনা মাত্ৰে ৰজা হিষ্কিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে, আৰু যিহোৱাৰ গৃহলৈ গ’ল।
Og det skete, der Kong Ezekias hørte det, da sønderrev han sine Klæder og iførte sig Sæk og gik ind i Herrens Hus.
2 চট কাপোৰ পিন্ধা ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু পুৰোহিতসকলৰ বৃদ্ধ লোকক আমোচৰ পুত্ৰ যিচয়া ভাববাদী ওচৰলৈ পঠাই দিলে।
Og han sendte Eliakim, som var Hofmester, og Sebna, Kansleren, og de ældste af Præsterne, som havde iført sig Sæk, til Profeten Esajas, Amoz's Søn.
3 তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।
Og de sagde til ham: Saa sagde Ezekias: Denne Dag er Nødens og Tugtelsens og Bespottelsens Dag; thi Børnene ere komne til Fødselens Sted, og der er ingen Kraft til at føde.
4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচুৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
Maaske Herren din Gud vil høre Rabsakes Ord, hvem hans Herre, Kongen af Assyrien, sendte for at forhaane den levende Gud, og han vil straffe ham for de Ord, som Herren din Gud har hørt; saa opløft en Bøn for de overblevne, som findes.
5 সেয়ে ৰজা হিষ্কিয়াৰ দাসবোৰ যিচয়াৰ ওচৰলৈ আহিল,
Der Kong Ezekias's Tjenere kom til Esajas,
6 যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা।
da sagde Esajas til dem: Saa skulle I sige til eders Herre: Saa sagde Herren: Frygt ikke for de Ord, som du hørte, dem, hvormed Kongen af Assyriens Tjenere forhaanede mig.
7 চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
Se, jeg vil indgive ham en Aand, og han skal høre et Rygte og drage tilbage til sit Land, og jeg vil fælde ham med Sværd i hans Land.
8 তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল।
Og der Rabsake kom tilbage, da, fandt han, at Kongen af Assyrien stred imod Libna; thi han hørte, at han var rejst fra Lakis.
9 তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে।
Og der han hørte om Thiraka, Morlands Konge, og der sagdes: Han er dragen ud at stride imod dig: — Der han hørte det, da sendte han Bud til Ezekias og lod sige:
10 ১০ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।
Saa skulle I sige til Ezekias, Judas Konge: Lad din Gud, som du forlader dig paa, ikke bedrage dig, saa at du siger: Jerusalem skal ikke gives i Kongen af Assyriens Haand.
11 ১১ চোৱা, ৰজা অচূৰীয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল, সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা?
Se, du har hørt, hvad Kongerne af Assyrien have gjort ved alle Landene, at de have ødelagt dem, og skulde du blive friet?
12 ১২ মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?”
Have Hedningernes Guder friet dem, som mine Fædre ødelagde, nemlig Gosan og Haran og Rezef og Edens Børn, som vare i Telassar?
13 ১৩ হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?
Hvor er Kongen af Hamat og Kongen af Arfad og Kongen af Sefarvajms Stad og af Hena og Jova?
14 ১৪ হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে।
Og Ezekias tog Brevene af Budenes Haand og læste dem; og han gik op til Herrens Hus, og Ezekias udbredte dem for Herrens Ansigt.
15 ১৫ হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
Og Ezekias bad til Herren og sagde:
16 ১৬ “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
Herre Zebaoth, Israels Gud! du, som sidder over Keruber, du alene er Gud over alle Riger paa Jorden, du gjorde Himlene og Jorden.
17 ১৭ হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক।
Herre! bøj dit Øre og hør; Herre! oplad dine Øjne og se; og hør alle, Senakeribs Ord, som han sendte for at haane den levende Gud.
18 ১৮ হে যিহোৱা এইটো সত্য যে, অচূৰীয়াৰ ৰজাসকলে সকলো দেশীবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে।
Det er sandt, Herre! Kongerne af Assyrien have ødelagt alle Landene og deres eget Land.
19 ১৯ তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
Og de have overgivet deres Guder til Ilden, fordi de ikke vare Guder, men Menneskenes Hænders Gerning, Træ og Sten, og de tilintetgjorde dem.
20 ২০ এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
Men nu, Herre vor Gud! frels os fra hans Haand, at alle Riger paa Jorden maa kende, at du er Herre, du alene.
21 ২১ তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা;
Da sendte Esajas, Amoz's Søn, til Ezekias og lod sige: Saa giger Herren, Israels Gud: Du har bønfaldet mig angaaende Senakerib, Kongen af Assyrien.
22 ২২ তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই: কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে; যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা।
Dette er det Ord, som Herren har talt imod ham: Jomfruen, Zions Datter, foragter dig og spotter dig, Jerusalems Datter ryster med Hovedet ad dig.
23 ২৩ তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা।
Hvem har du bespottet og forhaanet? og imod hvem opløftede du Røsten? og du opløftede dine Øjne højt imod Israels Hellige.
24 ২৪ তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।
Du bespottede Herren ved dine Tjenere og sagde: Med mine Vognes Mangfoldighed er jeg opfaren paa Bjergenes Højder, Libanons Toppe; og jeg vil afhugge dens høje Cedre, dens udvalgte Fyrre, og jeg vil komme til dens højeste Tinde, til dens frodige Skov.
25 ২৫ মই কুঁৱা খানিলোঁ আৰু বিদেশী পানী খালোঁ, আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিচৰৰ সকলো নদীবোৰ শুকুৱাম।
Jeg har gravet Brønde og drukket Vand og udtørret alle dybe Floder med mine Fødders Saaler.
26 ২৬ বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
Har du ikke hørt, at jeg har gjort dette for lang Tid siden, at jeg har beskikket det i gamle Dage? nu har jeg ladet det komme, og det skal være til at ødelægge de faste Stæder, at de blive til øde Grushobe.
27 ২৭ তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূবদিশৰ বতাহৰ আগত। ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে।
Og de, som bo deri, bleve afmægtige, bleve knuste og beskæmmede; de bleve som Græs paa Marken og som de grønne Urter, som Hø paa Tagene og som Korn, der er blevet forbrændt, før, det sætter Aks.
28 ২৮ কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্রোধ, এই সকলোকে মই জানিছোঁ।
Og jeg ved din Bolig og din Udgang og din Indgang, og at du raser imod mig.
29 ২৯ তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
Efterdi du raser imod mig, og din Sorgløshed er kommen op for mine Øren, saa vil jeg lægge min Krog i din Næse og mit Bidsel i dine Læber og føre dig tilbage ad den Vej, som du kom paa.
30 ৩০ তোমাৰ বাবে এইয়ে এক চিন হ’ব, যে, এই বছৰত নিজে উৎপন্ন হোৱা শস্য, আৰু দ্বিতীয় বছৰত তাৰ পৰা উৎপন্ন হোৱা শস্য তোমালোকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে নিশ্চয়কৈ কঠিয়া সিচিঁ শস্য দাবা, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
Og dette skal være dig Tegnet: At man i dette Aar skal æde det, som opvokser uden Arbejde, og i det andet Aar det, som vokser af sig selv; men i det tredje Aar saar da og høster, og planter Vingaarde og æder deres Frugt!
31 ৩১ যিহূদা বংশৰ ৰক্ষা পোৱা অবশিষ্ট লোকে পুনৰাই পুখা মেলিব, আৰু ফলৱান হ’ব।
Thi det undkomne, som er overblevet af Judas Hus, skal atter faa Rødder nedefter og bære Frugt opefter.
32 ৩২ কাৰণ যিৰূচালেমৰ পৰা অবশিষ্ট লোক আৰু চিয়োন পৰ্ব্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব; বাহিনীসকলৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।
Thi fra Jerusalem skal der udgaa nogle overblevne og fra Zions Bjerg nogle undkomne; den Herre Zebaoths Nidkærhed skal gøre det.
33 ৩৩ এই হেতুকে ৰজা অচূৰীয়াৰ বিষয়ে যিহোৱাই এই কথা কৈছে: তেওঁ এই নগৰলৈ নাহিব, ইয়ালৈ এপাত কাঁড়ো নামাৰিব, ইয়াৰ সন্মুখলৈ ঢাল লৈ নাহিব, আৰু ইয়াৰ বিৰুদ্ধে হাদাম নাবান্ধিব।
Derfor saa siger Herren om Kongen af Assyrien: Han skal ikke komme ind i denne Stad og ikke skyde en Pil derind og ikke komme for den med Skjold og ingen Vold opkaste imod den.
34 ৩৪ যিহোৱাই কৈছে যে, তেওঁ যি বাটেদি আহিল, সেই বাটেদিয়েই উভটি যাব, তেওঁ এই নগৰত নোহোমাব।
Han skal drage tilhage ad den Vej, som han kom paa, og ikke komme ind i denne Stad, siger Herren.
35 ৩৫ মই নিজৰ আৰু মোৰ দাস দায়ূদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম।”
Men jeg vil beskærme denne Stad for at frelse den, for min Skyld og for Davids, min Tjeners, Skyld.
36 ৩৬ তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
Da for Herrens Engel ud og slog i Assyrernes Lejr hundrede og fem og firsindstyve Tusinde; og der man stod aarle op om Morgenen, se, da vare de alle sammen døde Kroppe.
37 ৩৭ সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে।
Saa rejste Senakerib, Kongen af Assyrien, og drog bort og vendte tilbage, og han blev i Ninive.
38 ৩৮ তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰ-হদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।
Og det skete, der han tilbad i Nisroks, sin Guds, Hus, da ihjelsloge hans Sønner, Adramelek og Sar-Ezer, ham med Sværd, og de undkom til Ararats Land, og hans Søn Asarhaddon blev Konge i hans Sted.

< ইসাইয়া 37 >