< ইসাইয়া 35 >

1 মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।
יששום מדבר וציה ותגל ערבה ותפרח כחבצלת׃
2 প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।
פרח תפרח ותגל אף גילת ורנן כבוד הלבנון נתן לה הדר הכרמל והשרון המה יראו כבוד יהוה הדר אלהינו׃
3 তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
חזקו ידים רפות וברכים כשלות אמצו׃
4 ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
אמרו לנמהרי לב חזקו אל תיראו הנה אלהיכם נקם יבוא גמול אלהים הוא יבוא וישעכם׃
5 তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,
אז תפקחנה עיני עורים ואזני חרשים תפתחנה׃
6 সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।
אז ידלג כאיל פסח ותרן לשון אלם כי נבקעו במדבר מים ונחלים בערבה׃
7 জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।
והיה השרב לאגם וצמאון למבועי מים בנוה תנים רבצה חציר לקנה וגמא׃
8 তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।
והיה שם מסלול ודרך ודרך הקדש יקרא לה לא יעברנו טמא והוא למו הלך דרך ואוילים לא יתעו׃
9 সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
לא יהיה שם אריה ופריץ חיות בל יעלנה לא תמצא שם והלכו גאולים׃
10 ১০ যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
ופדויי יהוה ישבון ובאו ציון ברנה ושמחת עולם על ראשם ששון ושמחה ישיגו ונסו יגון ואנחה׃

< ইসাইয়া 35 >